TV9 ASSAM
চলিত বৰ্ষত ১২ মে'ত বুদ্ধ পূৰ্ণিমা পালন কৰা হৈছে। ধৰ্মীয় মান্যতা অনুসৰি, এইদিনটোত নিয়ম অনুসৰি পূজা কৰিলে সুফল পোৱা যায়। জ্যোতিষ গণনা অনুসৰি এইবাৰ বুদ্ধ পূৰ্ণিমাত ৩টাকৈ দুৰ্বল যোগ আছে।
এই বছৰ বুদ্ধ পূৰ্ণিমাত ৰবি যোগ, ভদ্ৰাবাস যোগ আৰু বৰীয়ান যোগ আছে। গতিকে ইয়াৰ প্ৰভাৱ কিছুমান ৰাশিৰ ওপৰত পৰিব। বিশেষকৈ ৪ ৰাশিৰ লোকৰ কঁপাল ফুলিব।
আৰ্থিক দিশ ভাল হ'ব। ঘৰত কোনো শুভ কাম সম্পন্ন হ'ব। নতুন কামৰ আৰম্ভ হ'ব। ভ্ৰমণৰ ফলত লাভ হোৱাৰ সম্ভাৱনা। মানসিকস্থিতিৰ উন্নতি। চৰকাৰী চাকৰি বিচৰাসকলে ভাল খবৰ পাব পাৰে।
হঠাতে ধন লাভ কৰিব। কোনো শুভ খবৰ লাভ কৰিব পাৰে। ইয়াৰোপৰি চাকৰি বা ব্যৱসায়ত উন্নতিৰ যোগ আছে। অবিবাহিতসকলৰ বিয়া ঠিক হ'ব পাৰে। সুখ আহিব জীৱনলৈ।
আপোনাৰ দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ'ব। কেৰিয়াৰত উন্নতি হ'ব। কোনো গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পাব যাৰ ফলত আপোনাৰ চাকৰি বা ব্যৱসায়ত উন্নতি হোৱা দেখা যাব।
ঘৰত চলি থকা কোনো বিবাদৰ সমাধান হ'ব। কোনো কামত ঘৰৰ সদস্যৰ পৰা সম্পূৰ্ণ সহযোগ লাভ কৰিব। স্বাস্থ্য ভাল হ'ব। আপোনাৰ বিৰুদ্ধে চলা ষড়যন্ত্ৰ বিফল হ'ব। কৰ্মত উন্নতি হ'ব।
উল্লেখ কৰা প্ৰয়োজন যে,হিন্দু ধৰ্মত জ্যোতিষ শাস্ত্ৰৰ গুৰুত্ব আছে। ধৰ্মীয় মান্যতাৰ ওপৰত ভিত্তি কৰি এই তথ্য আগবঢ়োৱা হৈছে। ইয়াৰ সত্যাসত্যৰ ওপৰত টিভি-৯ অসমৰ কোনো সম্পৰ্ক নাই।
পঢ়িবলৈ ক্লিক কৰক