TV9 ASSAM
বিভিন্ন সময়ত ঘৰত আৰ্থিক সংকট বৃদ্ধি হোৱা দেখা যায়। ইয়াৰ প্ৰভাৱ ঘৰখনৰ সদস্যসকলৰ ওপৰত পৰাও দেথা যায়। ইয়াৰ ফলত ঘৰত অশান্তিৰ সৃষ্টি হ'ব পাৰে। গতিকে এই সমস্যা দূৰ কৰা আৱশ্যক।
আৰ্থিক সংকটৰ কাৰণ বিভিন্ন হ'ব পাৰে। কিন্তু ধৰ্মীয় মান্যতা অনুসৰি এনে সময়ত কিছুমান লক্ষণে দেখা দিয়ে। ভগৱান কুবেৰ অসন্তুষ্টি হ'লে এই সংকেতসমূহ দেখা দিয়া বুলি কয়।
ঘৰত মকৰা জাল হোৱাটো সাধাৰণ কথা। কিন্তু বাস্তু শাস্ত্ৰ অনুসৰি এয়া বেয়া। ঘৰত মকৰা জাল হোৱাৰ ফলত আৰ্থিক সমস্যাই দেখা দিব পাৰে। গতিকে এইসমূহ আঁতৰ কৰি দিব লাগে।
আইনা ভঙা সাধাৰণ কথা বুলি ধৰা হয়। কিন্তু বাস্তু শাস্ত্ৰ মতে, ঘৰত কেইবাদিন ধৰি বাৰে বাৰে আইনা ভঙা বেয়া। ইয়াৰ ফলত ধনৰ দেৱতা কুবেৰ অসন্তুষ্টি হয় বা ই ইয়াৰ লক্ষণ হ'ব পাৰে।
কিছুমান ঘৰত প্ৰায়ে কাজিয়া লাগি থকা দেখা যায়। কোৱা হয় এনে ঘৰত মা লক্ষ্মীয়ে বাস নকৰে। মান্যতা অনুসৰি এনে কৰিলে কুবেৰ দেৱতা অসন্তুষ্ট হয় আৰু খৰচ বৃদ্ধি হৈ যায়।
বাস্তু শাস্ত্ৰ মতে, ঘৰ সদায় পৰিস্কাৰ কৰি ৰাখিব লাগে আৰু শৃখংলাবদ্ধভাৱে চলিব লাগে। এনে ঘৰত ভগৱানে বাস কৰে। ইয়াৰোপৰি ধনৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ মা লক্ষ্মী, কুবেৰ দেৱতাক সন্তুষ্ট কৰা দৰকাৰ।
যদি আপুনি এইবোৰৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে তেন্তে কুবেৰক সন্তুষ্ট কৰা দৰকাৰ। ইয়াৰ বাবে ঘৰৰ উত্তৰ দিশত কুবেৰৰ মূৰ্তি ৰাখিব পাৰে আৰু পূজা কৰিব পাৰে। ইয়াৰ ফলত আৰ্থিক সংকট দূৰ হ'ব পাৰে।
পঢ়িহসৈ ক্লিক কৰক