5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

কেজৰিৱালৰ নীতিৰে নিৰ্বাচন জিকাৰ পৰিকল্পনা ট্ৰাম্পৰ! টুইটত কেজৰিৱালে দিলে এনে ইংগিত

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প্ৰচাৰত নামি পৰিছে দুই প্ৰাৰ্থী কমলা হেৰিছ আৰু ড’নাল্ড ট্ৰাম্প। আমেৰিকাৰ জনসাধাৰণক উদ্দেশ্যি দুয়ো প্ৰাৰ্থীয়ে আগবঢ়াইছে আকৰ্ষণীয় প্ৰতিশ্ৰুতি। ৰিপাব্লিকান পাৰ্টিৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পে আগবঢ়োৱা এক বিশেষ প্ৰতিশ্ৰুতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অৰবিন্দ কেজৰিৱালে।

কেজৰিৱালৰ নীতিৰে নিৰ্বাচন জিকাৰ পৰিকল্পনা ট্ৰাম্পৰ! টুইটত কেজৰিৱালে দিলে এনে ইংগিত
দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল
monjit-dutta
Monjit Dutta | Published: 11 Oct 2024 14:30 PM

অহা ৫ নৱেম্বৰত আমেৰিকাত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচন। এই নিৰ্বাচনৰ বাবে যুক্তৰাষ্ট্ৰৰ দুই প্ৰতিদ্বন্দী ৰাজনৈতিক দল ৰিপাব্লিকান পাৰ্টি আৰু ডেমক্ৰেটিক পাৰ্টিয়ে পূৰ্ণ শক্তিৰে প্ৰস্তুতি চলাইছে। কোন হ’ব আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি, ড’নাল্ড ট্ৰাম্প নে কমলা হেৰিছ- কেৱল আমেৰিকাতে নহয়, বিশ্ব ৰাজনীতিতো এতিয়া চৰ্চিত এই প্ৰশ্ন। আগন্তুক বৰ্ষৰ ২০ জানুৱাৰীত এই প্ৰশ্নৰ উত্তৰ নিশ্চিত হ’ব। নিৰ্বাচনৰ প্ৰচাৰত দুয়ো প্ৰাৰ্থীয়ে আমেৰিকাৰ জনসাধাৰণক উদ্দেশ্যি আগবঢ়াইছে আকৰ্ষণীয় প্ৰতিশ্ৰুতি।

এনে নিৰ্বাচনী প্ৰতিশ্ৰুতিৰে জনসাধাৰণৰ আস্থা জয়ৰ বাবে পূৰ্ণ প্ৰচেষ্টা চলাইছে ৰাষ্ট্ৰপতি পদৰ দুই প্ৰাৰ্থীয়ে। নিজ নিৰ্বাচনী প্ৰচাৰত ৰিপাব্লিকান পাৰ্টিৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পে জনসাধাৰণলৈ উদ্দেশ্যি আগবঢ়াইছে এক বিশেষ প্ৰতিশ্ৰুতি। ট্ৰাম্পে নিজ ভাষণত আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’লে বিদ্যুতৰ মূল্য হ্ৰাস কৰা হ’ব বুলি ঘোষণা কৰিছে।

ট্ৰাম্পৰ এই নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ পিছতে চৰ্চালৈ আহিছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱাল। ট্ৰাম্পে নিজ এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছে নিৰ্বাচনী ভাষণৰ এক ক্লিপ। আমেৰিকান ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকীৰ এই ঘোষণাৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অৰবিন্দ কেজৰিৱালে। ট্ৰাম্পৰ টুইটটো ৰিটুইট কৰি কেজৰিৱালে দিছে এক বিশেষ ইংগিত।

ড’নাল্ড ট্ৰাম্পৰ টুইট ৰিটুইট কৰি কেজৰিৱাল কয় যে ট্ৰাম্পে বিদ্যুতৰ মূল্য ৫০ শতাংশ হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে। দিল্লীৰ বিনামূলীয়া সাহায্যৰ নীতি আমেৰিকাত উপনীত হ’ল বুলিও লগতে কয় দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে শেহতীয়াকৈ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বিদ্যুতৰ মূল্য হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে।

ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’লে ট্ৰাম্পে ১২ মাহৰ ভিতৰত শক্তি আৰু বিদ্যুতৰ মূল্য ৫০ শতাংশ হ্ৰাস কৰিব বুলি ঘোষণা কৰিছে। ট্ৰাম্পে লগতে দ্ৰুতগতিত আমেৰিকাৰ শক্তি ক্ষমতা দুগুণ কৰাৰ প্ৰতিশ্ৰুতি দি ইয়াৰ ফলত যুক্তৰাষ্ট্ৰত মুদ্ৰাস্ফীতি হ্ৰাস পাব বুলি উল্লেখ কৰে আৰু আমেৰিকা আৰু মিচিগান কাৰখানা নিৰ্মাণৰ বাবে পৃথিৱীৰ শ্ৰেষ্ঠ স্থান হৈ পৰিব বুলিও মন্তব্য কৰে।

উল্লেখ্য যে আমেৰিকাত ৰাষ্ট্ৰপতি পদৰ বাবে ভোটগ্ৰহণ অহা ৫ নৱেম্বৰত অনুষ্ঠিত হ’ব। যুক্তৰাষ্ট্ৰৰ দুই প্ৰধান দল ৰিপাব্লিকান পাৰ্টি আৰু ডেম’ক্ৰেটিক পাৰ্টিৰ মাজত হ’ব এই প্ৰতিদ্বন্দ্বিতা। ইয়াৰ পিছতে ২০ জানুৱাৰীত নতুন ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব। প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পুনৰবাৰ ৰিপাব্লিকান পাৰ্টিৰ হৈ প্ৰতিদ্বন্দিতাত নমাৰ বিপৰীতে তেওঁৰ প্ৰতিদ্বন্দী হ’ব ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী কমলা হেৰিছ।

Latest News