শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বজাৰত সোমাই পৰা তীব্ৰবেগী বাছৰ চেপাত প্ৰাণ গ’ল ৭ জনৰ, আহত ৪৯..

এক ভয়ংকৰ পথ দুৰ্ঘটনাত কেইবাজনলোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৪৯ জন আহত হয়। জানিব পৰা মতে এখন বাছ বজাৰৰ মাজত সোমাই কেইবাজনলোকক থেতেলিয়াই যোৱাৰ লগতে কেইবাজনক খুন্দা মাৰে। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বজাৰত সোমাই পৰা তীব্ৰবেগী বাছৰ চেপাত প্ৰাণ গ’ল ৭ জনৰ, আহত ৪৯..
মুম্বাই
barasha-sarma
Barasha Sarma | Updated On: 10 Dec 2024 11:16 AM

এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল কেইবাজনলোকৰ লগতে আহত হয় বহুতো। সোমবাৰে নিশা এখন বাছ হঠাৎ বজাৰৰ মাজত সোমাই পৰে আৰু কেইবাখনো গাড়ীত খুন্দা মাৰে। এই ঘটনাৰ ফলত থিতাতে ৭ জনলোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৪৯ জনলোক আহত হয়। ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইত। ঘটনাৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আৰক্ষী উক্ত স্থানত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আহতসকলক হাস্পাতাললৈ প্ৰেৰণ কৰে।

জানিব পৰা মতে ভৰদাহভ BEST বাছখন হঠাৎ কুৰলা অঞ্চলৰ এখন বজাৰত প্ৰৱেশ কৰে। সেই সময়ত বজাৰত ভিৰ আছিল আৰু তীব্ৰ বেগী বাছখন সোমাই অহাৰ লগে লগে সকলোৰে মাজত হুৱা দুৱা লাগে। বাছখনে একাংশ লোকক চেপি যায় আৰু বহুতক খুন্দা মাৰে। যাৰ ফলত কেইবাজনৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজন আহত হয়। ঘটনাটোৱে সমগ্ৰ অঞ্চলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

তথ্য অনুসৰি জানিব পৰা মতে ঘটনা সংঘটিত হোৱা স্থানত প্ৰায় প্ৰতিদিনে বিপুললোকৰ সমাগম হয় আৰু এই অঞ্চলটোতে এখন বজাৰো আছে। কিন্তু কালি নিশা বাছখন বজাৰৰ ভিতৰত সোমাই আহি প্ৰথমে এখন ৰিক্সা আৰু পাছত কেইবাজনো গাড়ীত খুন্দা মাৰে। স্থানীয়লোকে জনোৱা মতে ঘটনাৰ সময়ত বাছৰ চালকজনে মদ্যপান কৰি আছিল।

ঘটনাৰ পাছতেই অঞ্চলটোত বৃহৎ জনসমাগম হয়। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ৪৯ জনক হাস্পাতালত ভৰ্তি কৰে। ইয়াৰে কেইবাজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।  লগতে ঘটনা সংঘটিত কৰা বাছখনো জব্দ কৰে আৰক্ষীয়ে।

মুম্বাই আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে বাছখনৰ ব্ৰেক ফেইল হোৱাৰ ফলত এই পথ দুৰ্ঘটনা সংঘটিত হয়। বাছখন সন্দৰ্ভত বিশেষজ্ঞৰ পৰাও ৰায় লোৱা হ’ব। এই ঘটনাৰ ফলত কেইবাজনলোকৰ প্ৰাণ কথমপি ৰক্ষা পৰে। ঘটনাৰ পাছতেই অঞ্চলটোৰ লোকৰ মাজত ক্ষোভৰ সৃষ্টি হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ মুম্বাই আৰক্ষীয়ে বহু সংখ্যক বিষয়া-জোৱান মোতায়েন কৰে।

ইয়াৰ বিপৰীতে মুম্বাই পৌৰ নিগমৰ দলেও ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীক সহায় কৰে। নিগমে দুৰ্ঘটনাত আহত আৰু মৃতকৰ আনুষ্ঠানিক তথ্য প্ৰদান কৰে। মুম্বাই পৌৰ নিগমে দিয়া তথ্য অনুসৰি এই ঘটনাত ৪৯ জন লোক আহত হৈছে। লগতে ৭ জন লোকৰ মৃত্যু হৈছে। মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়। তদন্তৰ অন্তত বাছ দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব।

 

Latest News