বাজেট অধিবেশনৰ পূৰ্বে সৰ্বদলীয় বৈঠক, ৩৯ টা দলৰ ৫১ গৰাকী নেতাৰ অংশগ্ৰহণ
কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যেস ৰাজনাথ সিঙৰ সভাপতিত্বত অনুষ্ঠিত হয় সৰ্বদলীয় বৈঠক। "আমি সকলোৰে পৰামৰ্শ ৰেকৰ্ড কৰিলোঁ। এইটো বছৰৰ প্ৰথম অধিবেশন হৈছে বাজেট অধিবেশন, এই অধিবেশন কাইলৈৰ পৰা আৰম্ভ হ'ব।"
সংসদৰ বাজেট অধিৱেশন আৰম্ভ হোৱাৰ এদিন পূৰ্বে মঙলবাৰে এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়, য’ত দুয়োটা সদনৰ কাম-কাজ আৰু অন্যান্য বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে, ৰাজনাথ সিঙৰ সভাপতিত্বত অনুষ্ঠিত হয় সৰ্বদলীয় বৈঠক। “আমি সকলোৰে পৰামৰ্শ ৰেকৰ্ড কৰিলোঁ। এইটো বছৰৰ প্ৰথম অধিবেশন হৈছে বাজেট অধিবেশন, এই অধিবেশন কাইলৈৰ পৰা আৰম্ভ হ’ব।”
কাইলৈ ৰাষ্ট্ৰপতিয়ে ভাষণ দিব আৰু পিছদিনা অৰ্থনৈতিক জৰীপ দাখিল কৰা হ’ব। ১ ফেব্ৰুৱাৰীত দাখিল কৰা হ’ব বাজেট। পিছত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদ প্ৰস্তাৱৰ বিষয়ে আলোচনা কৰা হ’ব। ৰিজিজুৱে কয় যে, আমি সকলো পক্ষকে আলোচনাত অংশগ্ৰহণ কৰিবলৈ আৰু সংসদৰ সুচাৰুৰূপে কাম-কাজ পৰিচালনা হোৱাটো নিশ্চিত কৰিবলৈ আহ্বান জনাইছো।
আজিৰ এই বৈঠকত ৩৯টা দলৰ ৫১ গৰাকী নেতাই অংশগ্ৰহণ কৰে বুলিও তেওঁ কয়। “আমি সকলোকে আহ্বান জনাইছো যে ভাৰত বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ। আমি সংসদীয় গণতন্ত্ৰ বজাই ৰাখিব লাগিব আৰু যি উদ্দেশ্যৰ বাবে জনসাধাৰণে আমাক নিৰ্বাচিত কৰিছিল সেই উদ্দেশ্য পূৰণ কৰিব লাগিব।” তেওঁ কয় যে, আলোচনা নিয়ম অনুসৰি চলাব লাগে। আপোনাৰ কথা কোৱাৰ স্বাধীনতা আছে, কিন্তু আনৰো সদনত নিজৰ মতামত প্ৰকাশ কৰাৰ অধিকাৰ আছে।
বুধবাৰৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ বাজেট অধিৱেশনত কংগ্ৰেছৰ লগতে আন একাংশ বিৰোধী দলে কয় যে, এমএনৰেগা, মোদী চৰকাৰৰ বৈদেশিক নীতি, আমেৰিকাৰ শুল্ক, ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্ৰাস, বায়ু প্ৰদূষণ আৰু জনস্বাৰ্থৰ বহু বিষয় উত্থাপন কৰা হ’ব। ৰাজ্যসভাত কংগ্ৰেছৰ উপ-নেতা প্ৰমোদ তিৱাৰীয়েও চৰকাৰে সাংবিধানিক অধিকাৰ বাতিল কৰাৰ লগতে সাংবিধানিক প্ৰতিষ্ঠানসমূহ দুৰ্বল কৰাৰ অভিযোগ উত্থাপন কৰে।