শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ইনফ’ছিছে বিচাৰিছে কৰ্মচাৰীৰ পৰা বিদ্যুতৰ বিল! কাৰণ কি?

ইনফ’ছিছে বিচাৰিছে কৰ্মচাৰীৰ পৰা বিদ্যুতৰ বিল! কাৰণ কি?

Barasha Sarma
Barasha Sarma | Published: 26 Jan 2026 20:00 PM

Infosys: দেশৰ আগশাৰীৰ এটা কোম্পানী ইনফ’ছিছ। শেহতীয়াকৈ এই কোম্পানীটোৱে কৰ্মচাৰীসকলৰ বাবে এক বিশেষ মেইল প্ৰেৰণ কৰিছে। কোম্পানীটোৱে কৰ্মচাৰীসকলৰ পৰা বিদ্যুতৰ বিল বিচাৰিছে।

কোৰোনা মহামাৰীয়ে এটা সময়ত দেশত ত্ৰাসৰ সৃষ্টি কৰিছিল। সেই সময়ত বহু কোম্পানীয়ে কৰ্মচাৰীক ঘৰৰ পৰা কাম কৰাৰ সুবিধা প্ৰদান কৰিছিল। তেনে এটা কোম্পানী ইনফ’ছিছ। এই কোম্পানীটোৰ একাংশ কৰ্মচাৰীয়ে বছৰ বছৰ ধৰি ঘৰৰ পৰা কাম কৰি আছে। এই কৰ্মচাৰীসকলৰ পৰা এতিয়া কোম্পানীটোৱে বিদ্যুতৰ বিল বিচাৰিছে। কোম্পানীয়ে বিদ্যুৎ ব্যৱহাৰৰ ওপৰত এক সমীক্ষা আৰম্ভ কৰিছে। যাৰ বাবে বিদ্যুতৰ বিল বিচাৰিছে।

এই সমীক্ষাত ঘৰত কিমান দিনলৈ ফেন, এচি, হিটাৰ চলি থাকে আদি সকলো দিশ সামৰি লোৱা হৈছে। এই সম্পৰ্কত কৰ্মচাৰীসকলক প্ৰশ্ন কৰা হৈছে। আজিৰ সময়ত এই সমীক্ষা অতি গুৰুত্বপূৰ্ণ বুলি কয় কোম্পানীটোয়ে। উল্লেখ্য যে, বেংগালুৰুস্থিত এই কোম্পানীত লাখ লাখ কৰ্মচাৰী নিয়োজিত।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’…