Assam News: দেশজুৰি ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ উছাহ, চাওক দিনটোৰ ৯ টা শীৰ্ষ খবৰ
আজি ৭৭ সংখ্যক গণৰাজ্য দিৱস। বহু গুৰুত্বপূৰ্ণ খবৰে এই দিনটোৰ শিৰোনাম দখল কৰিছে। নতুন দিল্লীৰ কৰ্তব্য পথত আয়োজিত গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত তিৰংগা উৰুৱাই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। গুৱাহাটীৰ লোকভৱনত আয়োজিত গণৰাজ্যৰ দিৱসৰ কাৰ্যসূচীত তিৰংগা উৰুৱাই অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। ইয়াৰ লগতে চাওঁ দিনটোৰ শীৰ্ষ খবৰ।
সমগ্ৰ দেশজুৰি আজি ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ উছাহ। চৌদিশে সকলোৱে উদযাপন কৰিছে ভাৰতীয় গণতন্ত্ৰৰ এই মহানতম উৎসৱ। নতুন দিল্লীৰ কৰ্তব্য পথত আয়োজিত গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত তিৰংগা উৰুৱাই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। ইয়াৰ পাছতে পৰিৱেশন কৰা হয় ৰাষ্ট্ৰীয় সংগীত। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
আজি ভাৰতবৰ্ষৰ লগতে অসমৰ প্ৰতিটো প্ৰান্ততে শান্তিপূৰ্ণভাৱে উদযাপন কৰা হয় গৌৰৱময় ৭৭ সংখ্যক গণৰাজ্য দিৱস। গুৱাহাটীৰ লোকভৱনত আয়োজিত গণৰাজ্যৰ দিৱসৰ কাৰ্যসূচীত তিৰংগা উৰুৱাই ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। ইফালে ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত আয়োজিত অনুষ্ঠানত তিৰংগা উৰুৱাই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
দেশৰ ৭৭সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত উজলিল অসমৰ স্বকীয় চহকী ঐতিহ্য তথা সম্পদ ৷ নতুন দিল্লীত অনুষ্ঠিত দেশৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত প্ৰদৰ্শন কৰা হয় ভৌগোলিক সূচাংক লাভ কৰা ধুবুৰীৰ আশাৰীকান্দিৰ টেৰাকোটা শিল্পৰ প্ৰতীকপট ৷ পোৰামাটিৰ শিল্প,নদী সভ্যতাৰ ঐতিহ্য সমৃদ্ধ আৰু আত্মনিৰ্ভৰ ভাৰতৰ ভাবনাৰে সমৃদ্ধ এই প্ৰতীকপট প্ৰদৰ্শনে সুখানুভূতি কঢ়িয়াই অনা বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ৷
