তেওঁ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা ! অজিত ডোভালে কিয় ব্যৱহাৰ নকৰে মোবাইল ফোন, ইণ্টাৰনেট ?
আপুনি জানেনে যে, তেওঁ ব্যৱহাৰ নকৰে মোবাইল বা ইণ্টাৰনেট। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাৰ দায়িত্ব চম্ভালি থকা অজিত ডোভালৰ দৰে এজন ব্যক্তিয়ে মোবাইল বা ইণ্টাৰনেটৰ অবিহনে থকাটো সম্ভৱনে?
মোবাইল বা ইণ্টাৰনেট নোহোৱাকৈ আজিৰ দিনত কোনো কামেই সম্ভৱ নহয় বুলি ক’ব পাৰি। যোগাযোগৰ পৰা আৰম্ভ কৰি মোবাইল-ইণ্টাৰনেট সেৱাৰ অবিহনে প্ৰতিটো চৰকাৰী-বেচৰকাৰী কাম-কাজ অসম্পূৰ্ণ। ইয়াৰ সমান্তৰালভাৱে আজিৰ দিনত এজন ব্যক্তি মোবাইল বা ইণ্টাৰনেটৰ পৰা আঁতৰি থকাটো এক ডাঙৰ প্ৰত্যাহ্বান। যদি তেওঁ ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ পদ চম্ভালি আছে তেনেহ’লে কথাই সুকীয়া। আমি ক’ব বিচাৰিছো ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ কথা। আপুনি জানেনে যে, তেওঁ ব্যৱহাৰ নকৰে মোবাইল বা ইণ্টাৰনেট। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাৰ দায়িত্ব চম্ভালি থকা অজিত ডোভালৰ দৰে এজন ব্যক্তিয়ে মোবাইল বা ইণ্টাৰনেটৰ অবিহনে থকাটো সম্ভৱনে?
তেওঁ এই কথা নিজে স্বীকাৰ কৰিছে যে, তেখেতে দৈনন্দিন কাম-কাজত মোবাইল বা ইণ্টাৰনেট ব্যৱহাৰ নকৰে। Viksit Bharat Young Leaders Dialogue 2026 ৰ উদ্বোধনী অনুষ্ঠানত অজিত ডোভালে যুৱ অংশগ্ৰহণকাৰীসকলক সম্বোধন কৰে। ভাৰত মণ্ডপামত এক প্ৰশ্নোত্তৰৰ সময়ত প্ৰাক্তন চোৰাংচোৱা আৰু আইন প্ৰয়োগকাৰী বিষয়াগৰাকীক সোধা হৈছিল যে, তেওঁ মোবাইল ফোন আৰু ইণ্টাৰনেট ব্যৱহাৰ নকৰাটো সঁচা নেকি?
View this post on Instagram
তেওঁ নিশ্চিত কৰে যে,”এইটো সঁচা যে মই ইণ্টাৰনেট ব্যৱহাৰ নকৰো।” ডোভালে কয় যে,” পাৰিবাৰিক বিষয়ত বা আন দেশৰ মানুহৰ লগত কথা পতাৰ বাবে ব্যৱহাৰ কৰাৰ বাহিৰে মই মোবাইল ফোনটো ব্যৱহাৰ নকৰোঁ। এনেবোৰ কামত মোবাইলটো প্ৰয়োজন হয়। মই মোৰ কাম এনেদৰেই পৰিচালনা কৰো। যোগাযোগৰ আন বহু উপায় আছে আৰু কিছুমান অতিৰিক্ত পদ্ধতি গ্ৰহণ কৰিবলগীয়া হয় যিবোৰৰ বিষয়ে মানুহ অৱগত নহয়।”
অজিত ডোভাল ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা আৰু এই পদত অধিষ্ঠিত পঞ্চমজন ব্যক্তি। কেৰালা কেডাৰৰ এজন অৱসৰপ্ৰাপ্ত ভাৰতীয় আৰক্ষী সেৱা (আই পি এছ) বিষয়া, তেওঁ দশক দশক ধৰি চোৰাংচোৱা, আভ্যন্তৰীণ নিৰাপত্তা আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।
১৯৪৫ চনত উত্তৰাখণ্ডত জন্মগ্ৰহণ কৰা ডোভালে ১৯৬৮ চনত আই পি এছত যোগদান কৰে। বীৰত্বৰ বাবে কীৰ্তি চক্ৰ লাভ কৰা আটাইতকৈ কম বয়সীয়া আৰক্ষী বিষয়া হিচাপে পৰিগণিত হয় ডোভাল। কৰ্মজীৱনৰ সময়ছোৱাত মিজোৰাম, পঞ্জাৱ, উত্তৰ-পূবত বিদ্ৰোহ বিৰোধী অভিযানৰে জড়িত আছিল তেওঁ।
২০১৬ চনৰ চাৰ্জিকেল ষ্ট্ৰাইক আৰু ২০১৯ চনৰ বালাকোট বিমান আক্ৰমণকে ধৰি ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ডাঙৰ ডাঙৰ সিদ্ধান্তত ডোভালে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ডকলামৰ ষ্টেণ্ডঅফ পৰিচালনা আৰু আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগী গঢ় দিয়াতো তেওঁ জড়িত আছিল।
১৯৯৯ চনত কান্দাহাৰত আইচি-৮১৪ হাইজেকিংঙৰ সময়ত তেওঁ অন্যতম আলোচনাকাৰী আছিল। ১৯৭১ চনৰ পৰা ১৯৯৯ চনৰ ভিতৰত তেওঁ একাধিক বিমান অপহৰণৰ গোচৰ চম্ভালিছিল। পাকিস্তানত আণ্ডাৰকাভাৰ কামো কৰিছিল ডোভালে। ইফালে অজিত ডোভালৰ কোনো অফিচিয়েল ফেচবুক একাউণ্ট নাই।