Holi 2026: কেতিয়া উদযাপন কৰা হ’ব ৰঙৰ উৎসৱ ফাকুৱা? জানক তাৰিখ, শুভ সময় আদি সকলো…
Holi 2026 Date: প্ৰতিবছৰে দেশত উলহ-মালহেৰে পালন কৰি হয় ৰঙৰ উৎসৱ ফাকুৱা বা হোলী। এইবাৰো মাৰ্চ মাহত এই উৎসৱ পালন কৰা হ'ব। দেশৰ বিভিন্ন প্ৰান্ততত হোলী উদযাপন কৰা হয়।
প্ৰতিবছৰে দেশত পালন কৰা হয় ৰঙৰ উৎসৱ ফাকুৱা বা হোলী (Holi 2026)। ৰঙৰ এই উৎসৱে মানুহৰ মাজত সম্পৰ্কৰ এনাজৰী মজবুত কৰে আৰু ভাতৃত্ববোধ শক্তিশালী কৰে। প্ৰতিবছৰৰ দৰে এইবাৰো ফাকুৱা উদযাপন কৰা হ’ব। ঠাইভেদে ফাকুৱা উদযাপনৰ নিয়ম বেলেগ বেলেগ। কিন্তু ৰঙৰ এই উৎসৱ সন্দৰ্ভত সকলোৰে আবেগ একেই। এইবাৰ হোলীত এক বিৰল সংযোগ ঘটিব, যাৰ ফলত এই উৎসৱৰ তাৎপৰ্য আৰু অধিক বৃদ্ধি পাব।
হোলী কেতিয়া?
- হোলিকা দহনঃ ৩ মাৰ্চ, ২০২৬ (মঙলবাৰ)
- ৰঙৰ হোলীঃ ৪ মাৰ্চ, ২০২৬ (বুধবাৰ)
হিন্দু পঞ্জিকা অনুসৰি, ২০২৬ চনৰ ২ মাৰ্চৰ সন্ধিয়া ৫:৫৫ বজাৰ পৰা পূৰ্ণিমা আৰম্ভ হ’ব, আৰু ২০২৬ চনৰ ৩ মাৰ্চৰ সন্ধিয়া ৫:০৭ বজাত শেষ হ’ব। যিহেতু প্ৰদোষ কালৰ সময়ত (সূৰ্যাস্তৰ পিছত) হোলিকা দাহন কৰা হয়, গতিকে ৩ মাৰ্চত ইয়াক পালন কৰা হ’ব। ইয়াৰ পাছদিনা ৪ মাৰ্চত ৰঙৰ হোলী উদযাপন কৰা হ’ব। অসমত কিছুমান অংশতহে হোলিকা দহন কৰা হয়।
চন্দ্ৰগ্ৰহণ
- গ্ৰহণৰ তাৰিখ: ৩ মাৰ্চ, ২০২৬
- সময়ঃ বিয়লি ৩:২০ বজাৰ পৰা সন্ধিয়া ৬:৪৭ বজালৈ।
- সময়সীমা: প্ৰায় ৩ ঘণ্টা ২৭ মিনিট।
হোলীৰ তাৎপৰ্য
অসমৰ বৰপেটা সত্ৰত অতি ধামধুমেৰে হোলী পালন কৰা হয়। হোলী বা ফাকুৱা কেৱল ৰঙৰ উৎসৱ নহয়, ই অশুভ শক্তিৰ ওপৰত শুভ শক্তিৰ জয়ৰ এক বাৰ্তা। এই দিৱসত ভগৱান বিষ্ণুৰ ভক্ত প্ৰহ্লাদৰ সুৰক্ষা আৰু অহংকাৰী হিৰণ্যকশিপু, তেওঁৰ ভগ্নী হোলিকাৰ অন্ত পৰাৰ স্মৃতিত পালন কৰা হয়। অৱশ্যে হোলীক লৈ বহুতৰে বেলেগ বেলেগ বিশ্বাস আছে। কোৱা হয়, ৰাধা কৃষ্ণইও হোলী খেলিছিল। শীতক বিদায় দি বসন্তক আদৰা হয় হোলীৰ দ্বাৰা। এই দিনটোত পুৰণি ক্ষোভ পাহৰি মানুহে ইজনে আনজনক আদৰি লয়।
(ওপৰোক্ত লেখাটো ধৰ্মীয় মান্যতা তথা বিশ্বাসৰ ভিত্তিত লিখা। ইয়াৰ সত্যাসত্যৰ সৈতে TV9Assam ৰ কোনো সম্পৰ্ক নাই।)
অন্য খবৰ পঢ়কঃ মানি প্লান্টতকৈ শুভ! আৰ্থিক উন্নতিৰ বাবে ঘৰলৈ আনক এই উদ্ভিদ, জানক ইয়াৰ নাম…