শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আজমেৰ কাণ্ডঃ ভুক্তভোগী ১০০ৰো অধিক, ৬ জনক যাৱজ্জীৱন কাৰাদণ্ড, কি আছিল ঘটনাটো?

১০০ গৰাকীকৈ ছাত্ৰীক ধৰ্ষণ আৰু ব্লেকমেইলিঙৰ ঘটনাত অৱশেষত ৰায় প্ৰদান কৰিলে ন্যায়ালয়ে। ৩২ বছৰ পুৰণি এক কেলেংকাৰীয়ে বহু ছাত্ৰীৰ জীৱন ধ্বংস কৰিছিল। চহৰৰ প্ৰায়ভাগ ছাত্ৰীয়ে এই কাণ্ডৰ বলি হৈছিল।

আজমেৰ কাণ্ডঃ ভুক্তভোগী ১০০ৰো অধিক, ৬ জনক যাৱজ্জীৱন কাৰাদণ্ড, কি আছিল ঘটনাটো?
আজমেৰ কাণ্ড
barasha-sarma
Barasha Sarma | Published: 20 Aug 2024 16:42 PM

দেশৰ প্ৰায় ৩২ বছৰ পুৰণি আৰু ভয়ংকৰ ধৰ্ষণ- ব্ৰেকমেইলৰ গোচৰ সন্দৰ্ভত মঙলবাৰে (২০ আগষ্ট,২০২৪) ৰায় প্ৰদান কৰিলে ন্যায়ালয়ে। ৰাজস্থানৰ আজমেৰত সংঘটিত হোৱা দেশ কঁপাই যোৱা ধৰ্ষণ-ব্লেকমেইলিং গোচৰত ৬জন অভিযুক্তক দোষী সাব্যস্ত কৰিছে আদালতে।  আদালতে ৬জন অভিযুক্ত নফিছ চিষ্টি, নাছিম ওৰফে টাৰ্জান, চেলিম চিষ্টি, ইকবাল ভাটি, ছোহেল গনী আৰু চৈয়দ জমিৰ হুছেইনক যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰে। ইয়াৰোপৰি আটাইকেইজন অভিযুক্তক ৫ লাখকৈ টকাৰ জৰিমণা বিহে আদালতে। আজমেৰৰ এখন প্ৰতিষ্ঠিত মহাবিদ্যালয়ৰ ছাত্ৰীৰ অশ্লীল ফটো তুলি ধৰ্ষণ আৰু ব্লেকমেইলিং কৰাৰ গোচৰত এই ৰায় প্ৰদান কৰে আদালতে।

জানিব পৰা মতে এই ঘটনা ১০০ গৰাকীৰো অধিক ছাত্ৰী এই ব্লেকমেইলিং আৰু ধৰ্ষণ কাণ্ডৰ বলি হৈছিল। এই ঘটনাটো ৩২ বছৰ পুৰণি। ঘটনাৰ বিৱৰণী অনুসৰি এই সমগ্ৰ কাণ্ড ১৯৯২ চনৰ মে’ মাহৰ পৰা আৰম্ভ হৈছিল। সেই সময়ত প্ৰথম এজাহাৰ দাখিল কৰিছিল তেতিয়াৰ ডি ৱাই এছ পি হৰি প্ৰসাদ শৰ্মাই। এই বিষয়টো পোহৰলৈ অহাৰ পাছত কেৱল আজমেৰতে নহয়, সমগ্ৰ দেশত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। এখন প্ৰতিষ্ঠিত মহাবিদ্যালয়ৰ ছাত্ৰীক এইসকলে লক্ষ্য কৰি লৈছিল।

কি আছিল ঘটনাটো

এই সমগ্ৰ  ঘটনাৰ মাষ্টাৰমাইণ্ড আছিল তদানীন্তন আজমেৰ যুৱ কংগ্ৰেছৰ সভাপতি ফাৰুক চিষ্টি, নফিছ চিষ্টি আৰু আনোৱাৰ চিষ্টি। তেওঁলোকৰ লগত আৰু বহু লোক এই কাণ্ডত জড়িত হৈ আছিল।তথ্য অনুসৰি এই সকল লোকে প্ৰথমে ছাত্ৰীসকলক প্ৰলোভিত কৰি নিজৰ ফাৰ্ম হাউচলৈ মাতিছিল আৰু পাছত ধৰ্ষণ কৰিছিল। ইমানতেই শেষ হোৱা নাছিল অপৰাধৰ সীমা। এই সমগ্ৰ ধৰ্ষণ কাণ্ডৰ ফটো তুলি পাছত যুৱতীগৰাকীক ব্লেকমেইল কৰিছিল আৰু অন্য বন্ধুৰ হতুৱাই ধৰ্ষণ কৰাইছিল।

অশ্লীল ফটো ভাইৰেল হোৱাৰ ভয়ত যুৱতীগৰাকীয়ে অভিযুক্তৰ কথা মতে বিভিন্ন ঠাইলৈ গৈছিল আৰু এনেকৈ অভিযুক্তই চেক্স ৰেকেট চলাই আছিল। এজনী, দুজনী নহয়, এই ভয়ংকৰ কাণ্ডৰ বলি হৈছিল ১০০ ৰো অধিক ছাত্ৰী। ব্লেকমেইলৰ ভয়ত ছাত্ৰীয়ে নিজৰ বান্ধৱীকো এই কাম কৰিবলৈ বাধ্য কৰাইছিল।

কেনেকৈ পোহৰলৈ আহিল

লাহে লাহে এই কেলেংকাৰীৰ কথা সমগ্ৰ চহৰখনেই জানিব পাৰিছিল। চহৰৰ প্ৰায়ভাগ ছাত্ৰীৰে অশ্লীল ছবি ভাইৰেল হৈ পৰিছিল। এই ছবিসমূহ বজাৰত বিক্ৰীও হৈছিল। এই সকলোবোৰ ঘটনা ছাত্ৰীসকলে সহ্য কৰিব পৰা নাছিল আৰু আত্মহত্যা কৰা আৰম্ভ কৰিছিল। এনেদৰে ৬-৭জনী ছাত্ৰীয়ে আত্মহত্যা কৰাৰ পাছত বিষয়টো গুৰুতৰ হৈ পৰিছিল। দিন গৈ আছিল, এদিন হঠাতে এই অশ্লীল ছবি দৈনিক নৱজ্যোতি কাকতৰ সাংবাদিক সন্তোষ গুপ্তাৰ হাতত পৰে। তেওঁ এই বিষয়টো সন্দৰ্ভত বিচাৰ খোচৰ কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে আৰু অৱশেষত ৩২ বছৰ পাছত সেই ভুক্তভোগীসকলে পালে ন্যায়।