ভাৰতৰ ইতিহাসৰ এক ভয়ংকৰ বিমান দুৰ্ঘটনা, ২৪২ গৰাকী যাত্ৰীসহ দুৰ্ঘটনাত পতিত এয়াৰ ইণ্ডিয়াৰ বিমান
বিমানখনৰ পিছফালৰ অংশটোৱে গছত খুন্দা মাৰে। আহমেদাবাদৰ পৰা লণ্ডন অভিমুখে উৰা মাৰিছিল বিমানখনে। সংবাদ সংস্থা এএনআইৰ তথ্য অনুসৰি বিমানখনত ক্ৰু মেম্বাৰকে ধৰি ২৪২জন যাত্ৰী আছিল।

গুজৰাটৰ আহমেদাবাদত বৃহস্পতিবাৰে সংঘটিত হয় এক ভয়ংকৰ বিমান দুৰ্ঘটনা। যাত্ৰী কঢ়িয়াই নিয়া এয়াৰ ইণ্ডিয়াৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয় মেঘনী নগৰ অঞ্চলত। আহমেদাবাদৰ পৰা উৰা মৰাৰ সময়ত সংঘটিত হয় এই দুৰ্ঘটনা। খবৰ পোৱা গৈছে যে বিমানখনৰ পিছফালৰ অংশটোৱে গছত খুন্দা মাৰে। আহমেদাবাদৰ পৰা লণ্ডন অভিমুখে উৰা মাৰিছিল বিমানখনে। সংবাদ সংস্থা এএনআইৰ তথ্য অনুসৰি বিমানখনত ক্ৰু মেম্বাৰকে ধৰি ২৪২জন যাত্ৰী আছিল। এই ঘটনাত প্ৰাণ আৰু সম্পত্তিৰ ক্ষতিৰ বিষয়ে জানিব পৰা হোৱা নাই। অৱশ্যে একাংশ আহতক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে।
আহমেদাবাদ হৰ্চ কেম্পৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। এই অঞ্চল অসামৰিক চিকিৎসালয়ৰ ওচৰত। বিমান দুৰ্ঘটনাত বিস্তৰ ক্ষতিসাধন হৈছে। ভূপতিত হোৱাৰ পিছতেই জুয়ে আগুৰি ধৰে বিমানখন। বহু দূৰলৈকে দেখা গৈছে ক’লা ধোঁৱা। ৰাজ্যিক আৰক্ষী নিয়ন্ত্ৰণ কক্ষই এই দুৰ্ঘটনা নিশ্চিত কৰিছে। দুৰ্ঘটনা সংঘটিত হোৱা বিমানখনৰ নম্বৰ হৈছে AI171। দিনৰ প্ৰায় ১.৩০ বজাত আহমেদাবাদৰ মেঘনী নগৰ অঞ্চলত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।
খবৰ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে
প্ৰধানমন্ত্ৰী মোদীয়ে অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডুৰ সৈতে বাৰ্তালাপ কৰি দুৰ্ঘটনা সন্দৰ্ভত সোধা-পোছা কৰিছে। মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীক কয় যে তেওঁ আহমেদাবাদলৈ গৈ উদ্ধাৰ আৰু সাহায্য অভিযানৰ ওপৰত চকু ৰাখিছে। প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰীগৰাকীক শীঘ্ৰে প্ৰয়োজনীয় সকলো সাহায্য প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে পৰিস্থিতি সম্পৰ্কে নিয়মীয়াকৈ আপডেট ৰাখিবলৈ কয়। সংশ্লিষ্ট সকলো সংস্থা হাই এলাৰ্টত আছে।
অমিত শ্বাহে এই দুৰ্ঘটনাৰ খবৰ লয়
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুজৰাটৰ মুখ্যমন্ত্ৰী, গৃহমন্ত্ৰী আৰু ডিজিপিৰ সৈতে কথা পাতিছে। তেওঁ বিমান দুৰ্ঘটনা সম্পৰ্কে প্ৰাথমিক তথ্য লয়। অমিত শ্বাহে সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দিছে। উদ্ধাৰকাৰী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীলৈ ৰাওনা হৈছে।
তথ্য ওলাইছে যে গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীও বিমানখনত আছিল। একে সময়তে চুৰাটৰ পৰা আহমেদাবাদলৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল। এই দুৰ্ঘটনা সন্দৰ্ভত এয়াৰ ইণ্ডিয়াই এক বিবৃতি প্ৰকাশ কৰিছে। এয়াৰ ইণ্ডিয়াৰ মুখপাত্ৰই জনোৱা মতে, “আহমেদাবাদ-লণ্ডন গেটৱিক উৰুৱাই থকা AI171 বিমানখনে দুৰ্ঘটনাৰ সন্মুখীন হয়। বৰ্তমান আমি এই ঘটনা সন্দৰ্ভত তথ্য সংগ্ৰহ কৰি আছো আৰু অধিক তথ্য http://airindia.com আৰু আমাৰ X handle (https://x.com/airindia) ত অতি সোনকালে শ্বেয়াৰ কৰিম।”
১২ গৰাকী বিমানকৰ্মীকে ধৰি ২৪২জন লোক আছিল বিমানখনত
বিমানখনত ২ জন পাইলট আৰু ১০ জন কেবিন ক্ৰুসহ ২৪২ জন লোক আছিল। বিমানখনৰ কমাণ্ডাৰ আছিল কেপ্তেইন সুমিত সভাৰৱাল, লগতে আছিল ফাৰ্ষ্ট অফিচাৰ ক্লাইভ কুণ্ডাৰ। কেপ্তেইন সুমিত সভাৰৱালৰ ৮২০০ ঘণ্টা বিমান চলোৱাৰ অভিজ্ঞতা আছে । সহ-পাইলটৰ ১১০০ ঘণ্টাৰ উৰণৰ অভিজ্ঞতা আছিল।
এ টি চিৰ তথ্য অনুসৰি আহমেদাবাদ বিমানবন্দৰৰ ২৩ নং ৰাণৱেৰ পৰা উৰা মাৰিছিল বিমানখন। ই এটিচিলৈ ‘মে’ডে’ ফোন কৰিছিল যদিও তাৰ পিছত এটিচিয়ে কৰা ফোনকলৰ কোনো সঁহাৰি নিদিলে বিমানখনে। ২৩ নং ৰাণৱেৰ পৰা যাত্ৰা কৰাৰ কিছু সময়ৰ পিছতে বিমানখন বিমানবন্দৰৰ বাহিৰত দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাস্থলীৰ পৰা প্ৰচণ্ড ক’লা ধোঁৱা ওলোৱা দেখা গৈছে।
কি ক’লে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল
মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে কয়, আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ যাত্ৰীবাহী বিমান দুৰ্ঘটনা সংঘটিত হোৱাৰ মৰ্মান্তিক ঘটনাত মই গভীৰভাৱে মৰ্মাহত হৈছো। দুৰ্ঘটনাটোত তাৎক্ষণিক উদ্ধাৰ আৰু সাহায্যৰ কাম কৰিবলৈ আৰু আহত যাত্ৰীসকলৰ তাৎক্ষণিক চিকিৎসাৰ বাবে যুদ্ধগতিত ব্যৱস্থা কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিছো। আহত যাত্ৰীসকলক চিকিৎসাৰ বাবে নিব পৰাকৈ এটা সেউজ কৰিড’ৰৰ ব্যৱস্থা কৰাৰ লগতে চিকিৎসালয়ত চিকিৎসাৰ সকলো ব্যৱস্থা অগ্ৰাধিকাৰত নিশ্চিত কৰিবলৈও নিৰ্দেশনা দিয়া হৈছে।
তেওঁ আৰু কয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মোৰ সৈতে কথা পাতিছে আৰু এই বিমান দুৰ্ঘটনাত উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে এন ডি আৰ এফৰ দল আৰু কেন্দ্ৰীয় চৰকাৰক সম্পূৰ্ণ সমৰ্থনৰ আশ্বাস দিছে।