Video: প্ৰাক্তন স্বামী সঞ্জয়ৰ সম্পত্তি বিচাৰিছে নেকি কৰিশ্মা কাপুৰে?
কৰিশ্মাৰ প্ৰাক্তন স্বামী তথা উদ্যোগপতি সঞ্জয় কাপুৰৰ মৃত্যুৰ পিছত সঞ্জয় আৰু কৰিশ্মাৰ কন্যা সমইৰাই তেওঁৰ কোম্পানী সোনা কমষ্টাৰৰ দায়িত্ব ল’ব পাৰে বুলি চৰ্চা চলিছিল। কিন্তু সেয়া নহ’ল, তাৰ পৰিৱৰ্তে বৰ্তমানৰ পত্নী প্ৰিয়া কাপুৰে সকলো চম্ভালি লৈছে।
বলীউড অভিনেত্ৰী কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী উদ্যোগপতি সঞ্জয় কাপুৰৰ মৃত্যু হৈছে। হাৰ্ট এটেকৰ ফলত যোৱা ১২ জুনত লণ্ডনত শেষ নিশ্বাস ত্যাগ কৰে। এতিয়া সম্পত্তিক লৈ সঞ্জয়ৰ পত্নী দুগৰাকী প্ৰিয়া কাপুৰ আৰু কৰিশ্মা কাপুৰৰ মাজত চলিছে বিবাদ। ইফালে পুত্ৰ সঞ্জয়ৰ আকস্মিক মৃত্যুক লৈ বিস্ফোৰক মন্তব্য কৰে মাতৃ ৰাণী কাপুৰে। তেওঁৰ দাবী যে সঞ্জয়ৰ মৃত্যু একেবাৰেই স্বাভাৱিক নহয়, সঞ্জয়ক হত্যা কৰা হৈছে। ইয়াৰ লগতে ৰাণী কাপুৰে অভিযোগ কৰে যে, তেওঁ কিছু কাগজত চহী কৰিবলৈ প্ৰায় বাধ্য হৈছিল। তেতিয়াৰ পৰা সঞ্জয়ৰ মাতৃয়ে একাউণ্টৰ পৰা টকা উলিয়াব পৰা নাই।
ইফালে, কৰিশ্মা কাপুৰে স্বামী সঞ্জয়ৰ ৩০ হাজাৰ কোটি টকাৰ সম্পত্তিৰ অংশীদাৰিত্ব বিচৰা বুলি সংবাদ মাধ্যমত চৰ্চা চলিছে। অৱশ্যে এই খবৰৰ পিছত কৰিশ্মাৰ পৰা কোনো বিবৃতি অহা নাই।