বৈধ কয়লা ব্যৱসায়ৰ পৰা ট্ৰাম্পৰ শুল্কলৈ…গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰক আপোনাৰ দিনটো
ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

পুৱাৰ খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- সম্পূৰ্ণ বৈধভাৱে আৰম্ভ হ’ল কয়লা ব্যৱসায়। বুধবাৰে গুৱাহাটীৰ সমীপৰ বৰ্নিহাটৰ ১৭ মাইলত দুখন কয়লা ভৰ্তি ট্ৰাকৰ ফ্লেগ অফ কৰি এখন বিহাৰৰ বাবে আৰু আনখন উত্তৰ প্ৰদেশলৈ প্ৰেৰণ কৰে। এয়া আছিল চুবুৰীয়া ৰাজ্য মেঘালয়ৰ প্ৰথমটো বৈজ্ঞানিক কয়লা খনন ব্লকৰ পৰিবহণ।
- অহা ৬ আগষ্টৰ পৰা আৰম্ভ হ’ব মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ প্ৰ-পত্ৰ বিতৰণ কৰাৰ কাম। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে এই কথা। বুধবাৰে দিছপুৰস্থিত লোকসেৱা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাকক্ষত এক বৈঠক অনুষ্ঠিত হয়। য’ত মুখ্যমন্ত্ৰী শৰ্মাই ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অংশগ্ৰহণ কৰি অহা ৬ আগষ্টত শুভাৰম্ভ কৰিবলগীয়া নিযুত মইনা ২.০ আঁচনিখনৰ ৰূপায়ণ সন্দৰ্ভত পর্যালোচনা কৰে।
- অৱশেষত গ্ৰেপ্তাৰ হ’ল অভিনেত্ৰী নন্দিনী কাশ্যপ। একে সময়তে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে। লগোৱা হৈছে জামিনবিহীন গোচৰ। ইফালে, দুৰ্ঘটনাৰ সন্দৰ্ভত আৰক্ষীক কোনো কথা অৱগত কৰা নাছিল অভিনেত্ৰী নন্দিনীয়ে। এই সকলো কথা স্পষ্ট কৰিছে গুৱাহাটী যান-বাহন আৰক্ষীৰ DCP জয়ন্ত সাৰথি বৰাই। ইতিমধ্যে দুদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে অভিনেত্ৰী নন্দিনী কাশ্যপক।
- ৰাজ্যত অব্যাহত চোৰাং গৰুৰ সৰবৰাহ। আৰক্ষীক মেনেজ কৰি মহানগৰীৰ মাজেৰে নিতৌ সৰবৰাহ শ শ গৰু। নিশা একাংশ দল-সংগঠনৰ তৎপৰতাত পোহৰলৈ ভয়ংকৰ তথ্য। নেহৰু ষ্টেডিয়াম, হোটেল ৰেডিছন ব্লু’ৰ সন্মুখত গৰুসহ বাহন জব্দ। ‘বগা’ নামৰ এজনৰ নেতৃত্বত বৰপেটাৰ পৰা চোৰাং গৰুৰ সৰবৰাহ চলে বুলি ধৃত সৰবৰাহকাৰীৰ মন্তব্য।
- বুধবাৰে (৩০ জুলাই) লোকসভাই মণিপুৰত আৰু ৬ মাহৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন বৃদ্ধিৰ বাবে অনুমোদন জনায়। সদনত চৰকাৰে অনা বিধানসভাৰ প্ৰস্তাৱ ভোটৰ দ্বাৰা গৃহীত হয়। গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে কয় যে ৰাজ্যখনত শান্তি আৰু স্বাভাৱিকতা ঘূৰি আহিছে আৰু ইয়াক অব্যাহত ৰাখিবলৈ ৰাষ্ট্ৰপতিৰ শাসন বৃদ্ধি কৰাটো প্ৰয়োজনীয়।
- ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰি ট্ৰাম্পে কয়, জৰিমণাৰ লগতে অহা ১ আগষ্টৰ পৰা ভাৰতে ২৫ শতাংশ শুক্ল ভৰিব লাগিব। এই সময়চোৱাত ট্ৰাম্পে ভাৰতৰ বিৰুদ্ধে কঠোৰ শব্দ ব্যৱহাৰ কৰে আৰু কয় যে ৰাছিয়াৰ সৈতে বন্ধুত্বৰ বাবে তেওঁ এই শুল্ক আৰোপ কৰিছে।
- বুধবাৰে (৩০ জুলাই) আমেৰিকাৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে ২০২৬ চনত কেলিফৰ্ণিয়াৰ গৱৰ্ণৰ পদৰ বাবে প্ৰতিদ্বন্দ্বিতা নকৰে বুলি ঘোষণা কৰে।তেওঁ এই তথ্য ছ’চিয়েল মিডিয়াযোগে প্ৰকাশ কৰে। এনে পৰিস্থিতিত এতিয়া জল্পনা-কল্পনা কৰা হৈছে যে ২০২৮ চনত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে হেৰিছে পুনৰবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে।
লগতে পঢ়ক: আজি বৃহস্পতিবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক ৰাশিফল…