শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অভিশপ্ত AI171ৰ ডিভিআৰ উদ্ধাৰ, অচিৰেই পোহৰলৈ আহিব দুৰ্ঘটনাৰ প্ৰকৃত সত্য

বিমানৰ ভিতৰত স্থাপন কৰা ডিভিআৰে চিচিটিভি চিষ্টেমৰ দৰে কাম কৰে। ইয়াৰ দ্বাৰা বিমানখনত স্থাপন কৰা কেইবাটাও কেমেৰাৰ পৰা ভিডিঅ’ বন্দী কৰা হয়। কেবিনত বহি থকা যাত্ৰীসকলৰ ফুটেজো ডিভিআৰত ৰেকৰ্ড কৰা হয়। ই পাইলটক বাহিৰৰ দৃশ্যটো চাবলৈ সহায় কৰে।

অভিশপ্ত AI171ৰ ডিভিআৰ উদ্ধাৰ, অচিৰেই পোহৰলৈ আহিব দুৰ্ঘটনাৰ প্ৰকৃত সত্য
দুৰ্ঘটনাগ্ৰস্ত বিমানখনImage Credit source: PTI
raj-saikia
Raj Saikia | Published: 13 Jun 2025 16:38 PM

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত নতুন সূত্ৰ বিচাৰি পাইছে এ টি এছে। গুজৰাট এ টি এছে ধ্বংসাৱশেষৰ পৰা এটা ডিজিটেল ভিডিঅ’ ৰেকৰ্ডাৰ অৰ্থাৎ ডিভিআৰ উদ্ধাৰ কৰিছে। এ টি এছৰ এজন কৰ্মচাৰীয়ে জনোৱা মতে, অতি সোনকালে ফৰেনছিক দল ইয়ালৈ আহি তদন্ত কৰিব।

এই বিমান দুৰ্ঘটনাত এতিয়ালৈকে ২৬৫ জন লোকৰ মৃত্যু হৈছে। আহমেদাবাদৰ পৰা লণ্ডনলৈ যোৱা বিমানখনে চৰ্দাৰ বল্লভভাই পেটেল মেডিকেল কলেজ হোষ্টেলৰ অট্টালিকাত খুন্দা মাৰি দুৰ্ঘটনাত পতিত হয়। বিমানখনত ২৪২ জন লোক আছিল, ইয়াৰে ২৪১ জন লোকৰ মৃত্যু হৈছে। অৱশ্যে হোষ্টেলত কিমানজন লোকৰ মৃত্যু হৈছে সেয়া এতিয়াও নিশ্চিত হোৱা নাই।

বিমানত ডিভিআৰৰ কাৰ্য

বিমানৰ ভিতৰত স্থাপন কৰা ডিভিআৰে চিচিটিভি চিষ্টেমৰ দৰে কাম কৰে। ইয়াৰ দ্বাৰা বিমানখনত স্থাপন কৰা কেইবাটাও কেমেৰাৰ পৰা ভিডিঅ’ বন্দী কৰা হয়। কেবিনত বহি থকা যাত্ৰীসকলৰ ফুটেজো ডিভিআৰত ৰেকৰ্ড কৰা হয়। ই পাইলটক বাহিৰৰ দৃশ্যটো চাবলৈ সহায় কৰে। ডিভিআৰ এনেদৰে ডিজাইন কৰা হয় যাতে ই বিমানখনৰ প্ৰতিটো মুহূৰ্ত ৰেকৰ্ড কৰিব পাৰে।

ডিভিআৰ হৈছে ব্লেক বক্সৰ বিপৰীত

যিকোনো বিমানৰ সুৰক্ষাৰ বাবে দুটা যন্ত্ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ। যি দুটা হৈছে ব্লেক বক্স আৰু ডিভিআৰ। ব্লেক বক্সত আছে ফ্লাইট ডাটা ৰেকৰ্ডাৰ আৰু ককপিট ভইচ ৰেকৰ্ডাৰ। ইয়াৰ কাম ককপিটৰ শব্দ ৰেকৰ্ড কৰা। আনহাতে ডিভিআৰে বিমানখনত ভিডিঅ’ ৰেকৰ্ড কৰে। যিয়ে উৰণৰ পৰিমাপ আৰু ককপিটৰ শব্দৰ লগতে প্ৰমাণ প্ৰদান কৰে। নিৰাপত্তাৰ দিশৰ পৰা বিমানখনত ডিভিআৰ অতি গুৰুত্বপূৰ্ণ। এই ডিভিআৰে যিকোনো কাণ্ডৰ আগতে আৰু পিছত ঘটা কাৰ্যকলাপ বুজিবলৈ সহায় কৰে।

ডিভিআৰে কেনেকৈ কাম কৰে

বিমানখনত থকা ডিভিআৰটো ৰৈ নোযোৱাকৈ অবিৰতভাৱে ভিডিঅ’ ৰেকৰ্ডিং কৰিব পৰাকৈ ডিজাইন কৰা হৈছে। ই সমগ্ৰ উৰণৰ সময়ত কোনো ধৰণৰ বাধা নোহোৱাকৈ ভিডিঅ’ ফুটেজ ৰেকৰ্ড কৰে। এই যন্ত্ৰবোৰ অতি শক্তিশালী। কোনো কাৰণতে ধ্বংস কৰিব নোৱাৰি। ইয়াক এইদৰে ডিজাইন কৰাৰ আন এক কাৰণ হৈছে বিমানখন উৰণৰ সময়ত ভিডিঅ’ ডাটা অতি গুৰুত্বপূৰ্ণ।