আহমেদাবাদত ভূ-পতিত এয়াৰ ইণ্ডিয়াৰ বিমান, কোনখন দেশৰ কিমানজন যাত্ৰী আছিল?
গুজৰাটৰ আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হৈছে এয়াৰ ইণ্ডিয়াৰ বয়িং 878-8 যাত্ৰীবাহী বিমান। এয়াৰ ইণ্ডিয়াৰ তথ্য অনুসৰি বিমানখনত মুঠ ২৪২ জন লোক আছিল, য’ত ১২ গৰাকী বিমান কৰ্মী আছিল আৰু বাকীসকল যাত্ৰী আছিল। ভাৰতৰ বাহিৰেও দুৰ্ঘটনাগ্ৰস্ত বিমানখনত ব্ৰিটেইন, পৰ্তুগাল আৰু কানাডাৰ নাগৰিক আছিল।

গুজৰাটৰ আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমানখনত মুঠ ২৪২ জন লোকৰ ভিতৰত বহু বিদেশী যাত্ৰীও আছিল। বিমানখনে লণ্ডনলৈ উৰা মাৰিছিল যদিও হঠাতে দুৰ্ঘটনাৰ সন্মুখীন হ’বলগীয়া হয়। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অব্যাহত আছে সাহায্য আৰু উদ্ধাৰ অভিযান।
গুজৰাটৰ আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হৈছে এয়াৰ ইণ্ডিয়াৰ বয়িং ৮৭৮-৮ যাত্ৰীবাহী বিমান। পিটিআইৰ মতে, বিমানবন্দৰৰ পৰা উৰা মৰা বিমানখন মেঘনানী নগৰ অঞ্চলৰ এখন মানসিক চিকিৎসালয়ত ভাঙি পৰে। এই বিমানখনত মুঠ ২৪২ জন লোক আছিল, য’ত আছিল ২ জন পাইলট, ১০ জন ক্ৰু মেম্বাৰ আৰু ২৩০ জন যাত্ৰী।
কোন দেশৰ পৰা কিমান যাত্ৰী
এয়াৰ ইণ্ডিয়াই দিয়া তথ্য অনুসৰি বিমানখনে দুপৰীয়া ১৩:৩৮ বজাত উৰা মাৰিছিল। বিমানখনত ২৪২ জন যাত্ৰী আছিল, ইয়াৰে ১২ জন বিমান কৰ্মী, বাকী ২৩০ জন যাত্ৰীৰ ভিতৰত সৰ্বাধিক ১৬৯ জন ভাৰতীয় আছিল। তাৰ ভিতৰত ৫৩ জন ব্ৰিটিছ নাগৰিক, ১ জন যাত্ৰী কানাডাৰ আৰু ৭ জন পৰ্তুগীজ নাগৰিক। এয়াৰ ইণ্ডিয়াৰ তথ্য অনুসৰি আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এই বিমান দুৰ্ঘটনাত ২০ জনতকৈ অধিক ছাত্ৰ-ছাত্ৰীৰ মৃত্যুৰ আশংকা। বি জে মেডিকেল কলেজৰ হোষ্টেলৰ অট্টালিকাত দুৰ্ঘটনাগ্ৰস্ত হৈছিল বিমানখন।
সাময়িকভাৱে বন্ধ বিমানবন্দৰ
আহমেদাবাদ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, আহমেদাবাদৰ পৰা লণ্ডন গেটৱিকলৈ যোৱা এ আই ১৭১ বিমানখনে আজি পুৱা বিমানবন্দৰৰ বাহিৰত দুৰ্ঘটনাগ্ৰস্ত হয়। যাৰ বাবে বন্ধ কৰি দিয়া হৈছে বিমানবন্দৰটো। পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত সকলো বিমান সেৱা সাময়িকভাৱে স্থগিত ৰখা হৈছে। যাত্ৰীসকলক বিমানবন্দৰলৈ যোৱাৰ পূৰ্বে নতুন আপডেটৰ বাবে নিজ নিজ বিমান সংস্থাৰ সৈতে যোগাযোগ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
হেল্পলাইন নম্বৰ মুকলি
- দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত এই হেল্পলাইন নম্বৰসমূহ জাৰি কৰা হৈছে
- ব্ৰিটিছ নাগৰিকৰ বাবে হেল্পলাইন নম্বৰ – 020 7008 5000
- আহমেদাবাদ আৰক্ষী হেল্পলাইন নম্বৰ – 7925620359
- এয়াৰ ইণ্ডিয়া হেল্পলাইন নম্বৰ – 1800 5691 444
- অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ হেল্পলাইন নম্বৰ – 011- 24610843
Air India confirms that flight AI171, from Ahmedabad to London Gatwick, was involved in an accident today after take-off.
The flight, which departed from Ahmedabad at 1338 hrs, was carrying 242 passengers and crew members on board the Boeing 787-8 aircraft. Of these, 169 are…
— Air India (@airindia) June 12, 2025