শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বিপদে লগ নেৰা হৈছে এয়াৰ ইণ্ডিয়াক! ২৪ ঘণ্টাত ৪খনকৈ বিমানত কাৰিকৰী বিজুতি, যাত্ৰীৰ হাহাকাৰ

আহমেদাবাদত বিমান দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত এয়াৰ ইণ্ডিয়াৰ বহু বিমানত কাৰিকৰী বিজুতি ধৰা পৰিছে। হংকং, হিণ্ডন বিমানবন্দৰ আৰু ছান ফ্ৰান্সিস্কোৰ পৰা অহা বিমানত সমস্যাৰ সন্মুখীন হোৱাৰ ফলত যাত্ৰীসকলৰ মাজত সৃষ্টি হৈছে ভয়ৰ। ইফালে কাৰিকৰী বিজুতিৰ বাবে বাতিল কৰা হয় আহমেদাবাদৰ পৰা লণ্ডন অভিমুখী আন এখন বিমানৰ উৰণ।

বিপদে লগ নেৰা হৈছে এয়াৰ ইণ্ডিয়াক! ২৪ ঘণ্টাত ৪খনকৈ বিমানত কাৰিকৰী বিজুতি, যাত্ৰীৰ হাহাকাৰ
এয়াৰ ইণ্ডিয়া
trishna-kalita
Trishna Kalita | Updated On: 17 Jun 2025 18:41 PM

গুজৰাটৰ আহমেদাবাদত দুৰ্ঘটনাত পতিত এয়াৰ ইণ্ডিয়াৰ বিমানখনে বৃহৎ লোকচানৰ সন্মুখীন হৈছিল।  য’ত বিমানখনত থকা ২৪২ জনৰ ভিতৰত ২৪১ জন লোকৰ মৃত্যু হয়। কেৱল এয়াই নহয়, বিমানখনে যিটো অট্টালিকাত খুন্দা মাৰিছিল তাত উপস্থিত থকা বহু লোকৰো মৃত্যু হৈছিল এই দুৰ্ঘটনাটোত। ২৭০ জনতকৈও অধিক লোকে এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে। আহমেদাবাদত বিমান দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত এয়াৰ ইণ্ডিয়াৰ বহু বিমানত কাৰিকৰী বিজুতি ধৰা পৰিছে। তাৰ পিছত যাত্ৰীসকলৰ মাজত বাঢ়িছে শংকা। যোৱা কেইঘণ্টামানৰ ভিতৰত ৪খন বিমানত এনে বিজুতিৰ খবৰ পোহৰলৈ আহিছে।

১৬ জুনত হংকঙৰ পৰা দিল্লীলৈ আহি থকা এয়াৰ ইণ্ডিয়াৰ বিমান AI315 ত কাৰিকৰী বিজুতি ঘটিছিল। যাৰ বাবে বিমানখন মাজবাটৰ পৰা হংকঙলৈ উভতি যাব লগা হৈছিল। এই বিমানখন বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰে আছিল। অৱশ্যে সময়মতে সকলো যাত্ৰী নিৰাপদে নামিবলৈ সক্ষম হয়।

হিণ্ডন বিমানবন্দৰত বিমানৰ বিজুতি

১৬ জুন সোমবাৰে গাজিয়াবাদৰ হিণ্ডন বিমানবন্দৰত এয়াৰ ইণ্ডিয়াৰ এখন বিমানত কাৰিকৰী বিজুতি ধৰা পৰে। বিমানখন হিন্দন বিমানবন্দৰৰ পৰা কলকাতালৈ উৰা মাৰিবলৈ সাজু হৈছিল। ১৫১১ নম্বৰৰ বিমানখন কিছু সমস্যাৰ বাবে বাতিল কৰা হয়। এই সময়ছোৱাত যাত্ৰীসকল চিন্তিত হৈ পৰে। কিবা এটা ডাঙৰ সমস্যা হ’ব পাৰে বুলি তেওঁলোকে ভয় খাইছিল।

মঙলবাৰে ছান ফ্ৰান্সিস্কোৰ পৰা কলকাতা হৈ মুম্বাইলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ বিমানৰ ইঞ্জিনত কাৰিকৰী বিজুতি ঘটিছিল, যাৰ বাবে মঙলবাৰে চহৰৰ বিমানবন্দৰত যাত্ৰীসকলক বিমানখনৰ পৰা নামিবলগীয়া হৈছিল। পুৱা ১২:৪৫ বজাত AI180 বিমানখন মহানগৰীৰ বিমানবন্দৰত উপস্থিত হয় যদিও বাওঁ ইঞ্জিনৰ কাৰিকৰী বিজুতিৰ বাবে বিমানখন পলম হয়। পুৱা প্ৰায় ৫:২০ বজাত বিমানখনত সকলো যাত্ৰীক নামিবলৈ কোৱাৰ ঘোষণা কৰা হয়। বিমানখনৰ কেপ্তেইনে যাত্ৰীসকলক কয় যে বিমান সুৰক্ষাৰ স্বাৰ্থত এই সিদ্ধান্ত লোৱা হৈছে।

কোৱা হৈছিল যে এয়াৰ ইণ্ডিয়া ছান ফ্ৰান্সিস্কো-মুম্বাই বিমানখন কলকাতাত ৰৈ থকাৰ কথা আছিল যদিও কলকাতা পোৱাৰ লগে লগে বিমানখন অৱতৰণ কৰাৰ পিছত বাধ্যতামূলক পৰিদৰ্শন কৰা হয়। তদন্তৰ সময়ত কাৰিকৰী বিজুতিৰ সন্দেহ কৰা হয়। যাৰ বাবে আটাইকেইজন যাত্ৰীক নিৰাপদে বিমানখনৰ পৰা নমাই দিয়া হয়। তাৰে কিছুমান লোকক এতিয়া কলকাতাৰ এখন হোটেলত ৰখা হৈছে। মুম্বাইৰ এগৰাকী যাত্ৰী হিনাই কয়, ‘তেওঁলোকে আমাক ভাল খাদ্য আৰু সকলো ভাল সেৱা যোগান ধৰিছিল।’

আহমেদাবাদত পুনৰ বিমানৰ বিজুতি

পুনৰবাৰ মঙলবাৰে আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ বিমানত কাৰিকৰী বিজুতিয়ে দেখা দিয়ে। যাৰ বাবে বিমানখন বাতিল কৰিবলগীয়া হয়। এই বিমানখন আহমেদাবাদৰ পৰা লণ্ডনলৈ যাব লগা আছিল। এই তথ্য সূত্ৰৰ পৰা পোহৰলৈ আহিছে। এই বিমান এ আই ১৫৯ দিল্লীৰ পৰা আহমেদাবাদলৈ আহিছিল। একে সময়তে বিমান দুৰ্ঘটনাৰ পিছত আজি প্ৰথমখন বিমান লণ্ডনলৈ যাবলৈ সাজু হৈছিল।