প্ৰমাণ নষ্ট কৰাত ব্যস্ত বিদ্যালয় কৰ্তৃপক্ষ! ইফালে সতীৰ্থৰ প্ৰহাৰত মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ…
পুনৰ এক ছাত্ৰ হত্যাৰ ঘটনা। এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰক ছুৰীৰে হানি হত্যা কৰাৰ দৰে এক নৃশংস কাণ্ড সংঘটিত হৈছে। কিন্তু ঘটনা সন্দৰ্ভত আৰক্ষীক জনোৱাৰ পৰিবৰ্তে বিদ্যালয় কৰ্তৃপক্ষই প্ৰমাণ নষ্ট কৰাৰ চেষ্টা কৰে বুলি অভিযোগ উত্থাপন হৈছে।

পুনৰ কনিষ্ঠ ছাত্ৰৰ প্ৰহাৰত প্ৰাণ গ’ল দশম শ্ৰেণীৰ এজন ছাত্ৰৰ। জানিব পৰা মতে, একেখন বিদ্যালয়ত অধ্যয়নৰত কনিষ্ঠ ছাত্ৰজনে দশম শ্ৰেণীৰ ছাত্ৰজনক ছুৰীৰে প্ৰহাৰ কৰি হত্যা কৰে। অভিযোগ অনুসৰি, ঘটনা সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই আৰক্ষীক জনোৱাৰ বিপৰীতে প্ৰমাণ নষ্ট কৰাত ব্যস্ত থাকে। ইমানেই নহয়, ছাত্ৰজনে অতি কষ্টৰে মৃত্যুক সাৱতি লয়। এই ঘটনা সংঘটিত হৈছে গুজৰাটক আহমেদাবাদৰ চেভেনথ ডে এডভেন্টিষ্ট হায়াৰ ছেকেণ্ডাৰী স্কুলত। ১৯ আগষ্টত এই ঘটনা সংঘটিত হয়।
ঘটনাৰ পাছতে কালি ছাত্ৰজনৰ পৰিয়াল আৰু স্থানীয় ৰাইজে বিদ্যালয়খনত উপস্থিত হৈ সকলো ভাঙি লণ্ড-ভণ্ড কৰে। পৰিয়ালে অভিযোগ কৰিছে যে, যেতিয়া ছাত্ৰজন তেজেৰে লুতুৰী-পুতুৰী হৈ পৰি বিষত ছটফটাই আছিল, তেতিয়া বিদ্যালয় প্ৰশাসনে প্ৰমাণ নষ্ট কৰাত ব্যস্ত আছিল। পানীৰ টেংকি আনি তেজৰ দাগসমূহ ধুই পেলাইছিল।
জানিব পৰা মতে, মঙলবাৰে বিদ্যালয়ৰ বাহিৰত সংঘটিত হয় এই নৃশংস কাণ্ড। অষ্টম শ্ৰেণীৰ ছাত্ৰজনে দশম শ্ৰেণীৰ নয়ন নামৰ ছাত্ৰজনক ছুৰীৰে প্ৰহাৰ কৰি হত্যা কৰে। ছুৰীৰ প্ৰহাৰ দশম শ্ৰেণীৰ ছাত্ৰজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। তেওঁক লগে লগে চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসাধীন অৱস্থাত তেওঁ মৃত্যুক সাৱতি লয়।
প্ৰাথমিক তদন্তত পোহৰলৈ অহা অনুসৰি, তেওঁলোকৰ মাজত হোৱা বিবাদৰ কাৰণতে এই কাণ্ড সংঘটিত হয়। এই ঘটনাৰ পাছতে অভিযুক্ত ছাত্ৰজনে অন্য বন্ধুলৈ মেছেজ কৰি জনাই যে তেওঁ এজন ছাত্ৰক ছুৰীৰে প্ৰহাৰ কৰিছে যাৰ ইতিমধ্যে মৃত্যু হৈছে। প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে যে, এসপ্তাহ পূৰ্বে বিদ্যালয় খনত সাধাৰণ কাজিয়া হৈছিল। ইয়াৰ পৰিণতিতে মঙলবাৰে এই কাণ্ড সংঘটিত হয়। অভিযুক্তই বেগত ছুৰীখন লৈ আহিছিল আৰু এই কাণ্ড সংঘটিত কৰিছিল। প্ৰথম অৱস্থাত এই ঘটনাত অন্য লোকো জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল যদিও এতিয়ালৈকে অন্য কোনো অভিযুক্ত পোহৰলৈ অহা নাই।
ছাত্ৰগৰাকীৰ মৃত্যুৰ পাছতে শ শ লোকে বিদ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ইতিমধ্যে অভিযুক্ত ছাত্ৰজনক আৰক্ষীয়ে আটক কৰি তদন্ত অব্যাহত ৰাখিছে। এই গোচৰ ইতিমধ্যে ক্ৰাইম ব্ৰাঞ্চৰ হাতত অৰ্পন কৰা হৈছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত জনাইছে যে, সকলো দিশৰ ওপৰত তদন্ত চলি আছে। বিদ্যালয় কৰ্তৃপক্ষই প্ৰমাণ নষ্ট কৰাৰ চেষ্টা কৰিছিল নে নাই সেই সন্দৰ্ভতো তদন্ত কৰা হ’ব।
এই সমগ্ৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ই বিদ্য়ালয় কৰ্তৃপক্ষৰ হেমাহিৰ কথাও উদঙাই তুলিছে। শ শ মানুহে প্ৰতিবাদ কৰি ঘটনাৰ উচিত তদন্ত বিচাৰিছে। এই সমগ্ৰ কাণ্ডক লৈ বৰ্তমান তদন্ত অব্যাহত আছে। গতিকে পৰৱৰ্তী সময়ত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
অন্য খবৰ পঢ়কঃ পৰিয়ালৰ প্ৰতি মৰম নাছিল! এটা কোঠাত পৰি ৰ’ল ৩টা মৃতদেহ, পলাতক পুত্ৰ…