শক্তিশালী কৰিব লাগিব অস্ত্ৰভাণ্ডাৰ, অত্যাধুনিক মাৰণাস্ত্ৰ ক্ৰয়ৰ গুৰুত্বপূৰ্ণ পদক্ষেপ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ
সূত্ৰ অনুসৰি প্ৰতিৰক্ষা মন্ত্ৰালয়ে তিনিও সেনাক নিজৰ প্ৰতিৰক্ষা ভাণ্ডাৰ পুনৰ শক্তিশালী কৰাৰ অনুমতি দিছে, য’ত আছে দীৰ্ঘ দূৰত্বৰ আক্ৰমণকাৰী গোলাবাৰুদ, আৰ্টিলাৰীৰ গোলা, কামিকাজে ড্ৰ’ন আৰু বিভিআৰ ক্ষেপণাস্ত্ৰ।

শেহতীয়াকৈ পাকিস্তানৰ বিৰুদ্ধে ‘অপাৰেচন সেন্দূৰ’ৰ সফল সামৰিক অভিযানৰ পাছত ভাৰতে নিজৰ সামৰিক শক্তি আৰু অধিক শক্তিশালী কৰাৰ বাবে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ, ‘কামিকাজে’ ড্ৰ’ন আৰু বৃহৎ পৰিসৰ অত্যাধুনিক আৰ্টিলাৰী শ্বেল ক্ৰয়ৰ বাবে অনুমোদন জনাইছে।
সূত্ৰ অনুসৰি প্ৰতিৰক্ষা মন্ত্ৰালয়ে তিনিও সেনাক নিজৰ প্ৰতিৰক্ষা ভাণ্ডাৰ পুনৰ শক্তিশালী কৰাৰ অনুমতি দিছে, য’ত আছে দীৰ্ঘ দূৰত্বৰ আক্ৰমণকাৰী গোলাবাৰুদ, আৰ্টিলাৰীৰ গোলা, কামিকাজে ড্ৰ’ন আৰু বিভিআৰ ক্ষেপণাস্ত্ৰ। শেহতীয়া সামৰিক ব্যৱস্থা আৰু ইয়াৰ লোকচানৰ মূল্যায়ন কৰি এই সিদ্ধান্ত লোৱা হৈছে।
ভাৰতে কামিকাজে ড্ৰোনেৰে পাকিস্তানৰ লক্ষ্য ধ্বংস কৰে
এই কৌশলগত সিদ্ধান্তৰ অধীনত সেনাই আধুনিক ছুইচাইড ড্ৰোন, বিয়ণ্ড ভিজুৱেল ৰেঞ্জ (বিভিআৰ) এয়াৰ টু এয়াৰ মিছাইল আৰু প্ৰিচিচন আৰ্টিলাৰী শ্বেল লাভ কৰিব। শেহতীয়াকৈ সংঘাতত ভাৰতীয় বাহিনীয়ে পাকিস্তানৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা ধ্বংস কৰাৰ সময়ত এই অস্ত্ৰসমূহৰ ফলপ্ৰসূতা প্ৰকাশ পাইছিল।
সূত্ৰ অনুসৰি ভাৰতীয় ড্ৰ’নে পাকিস্তানৰ সীমান্তত প্ৰৱেশ কৰি চীনত নিৰ্মিত এয়াৰ ডিফেন্স চিষ্টেম যেনে HQ-9, HQ-16 আৰু কেইবাটাও ৰাডাৰ অক্ষম কৰি পেলায়। এই কামিকাজে ড্ৰ’নে শত্ৰুৰ ভূখণ্ডৰ ওপৰত ঘণ্টাৰ পিছত ঘণ্টা উৰি থাকিব পাৰে, লক্ষ্য বিচাৰিব পাৰে আৰু তাৰ পিছত আত্মঘাতী আক্ৰমণ চলাব পাৰে।
সামৰিক কৌশল আৰু আধুনিকীকৰণৰ দিশত এক ডাঙৰ পদক্ষেপ
প্ৰতিৰক্ষা মন্ত্ৰালয়ে এতিয়া এইবোৰৰ অধিক উন্নত সংস্কৰণ ক্ৰয় কৰাৰ প্ৰস্তুতি চলাইছে। ইয়াৰ লগতে ভাৰতীয় বায়ুসেনাৰ বাবে বিভিআৰ ক্ষেপণাস্ত্ৰ ক্ৰয়ৰ বাবেও অনুমোদন জনোৱা হৈছে, যিবোৰ পাকিস্তানৰ পিএল-১৫ ক্ষেপণাস্ত্ৰতকৈ বহু বেছি ফলপ্ৰসূ।
এই পদক্ষেপক ভাৰতৰ পৰিৱৰ্তিত সামৰিক কৌশল আৰু আধুনিকীকৰণৰ দিশত এক ডাঙৰ লক্ষণ হিচাপে বিবেচিত হৈছে, য’ত প্ৰযুক্তিভিত্তিক যুদ্ধ ব্যৱস্থা, মানৱবিহীন অস্ত্ৰ আৰু নিখুঁত আক্ৰমণে মুখ্য ভূমিকা গ্ৰহণ কৰিছে।