“বড়োলেণ্ডত উদ্যোগ স্থাপনৰ নামত গতাই দিয়া নহ’ব খিলঞ্জীয়াৰ মাটি”, পৰ্বতঝোৰাৰ প্ৰতিবাদৰ পাছতে এই বাৰ্তা প্ৰমোদ বড়োৰ
উদ্যোগৰ নামত আদানী গ্ৰুপক মাটি গতাই দিয়াৰ আশংকাত পৰ্বতঝোৰাত প্ৰতিবাদ সাব্যস্ত কৰিছিল স্থানীয় লোকে । বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মুৰব্বী প্ৰমোদ বড়োৱে সোমবাৰে দাবী কৰে যে, কোকৰাঝাৰ জিলাত প্ৰস্তাৱিত আদানী গ্ৰুপৰ তাপ বিদ্যুৎ কেন্দ্ৰ স্থাপনৰ বাবে খিলঞ্জীয়াৰ কোনো মাটি গতাই দিয়া নহ’ব।

আদানী গ্ৰুপক গতাই দিয়া নহ’ব খিলঞ্জীয়া লোকৰ মাটি । এই কথা স্পষ্ট কৰি দিছে BTC ৰ মুৰব্বী প্ৰমোদ বড়োৱে । উদ্যোগৰ নামত আদানী গ্ৰুপক মাটি গতাই দিয়াৰ আশংকাত পৰ্বতঝোৰাত প্ৰতিবাদ সাব্যস্ত কৰিছিল স্থানীয় লোকে । এই প্ৰতিবাদৰ পাছতে এই স্পষ্টিকৰণ দিছে প্ৰমোদ বড়োৱে । বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মুৰব্বী প্ৰমোদ বড়োৱে সোমবাৰে দাবী কৰে যে, কোকৰাঝাৰ জিলাত প্ৰস্তাৱিত আদানী গ্ৰুপৰ তাপ বিদ্যুৎ কেন্দ্ৰ স্থাপনৰ বাবে খিলঞ্জীয়াৰ কোনো মাটি গতাই দিয়া নহ’ব।
স্থানীয় ৰাইজৰ প্ৰতিবাদ আৰু আশংকাসমূহৰ সৈতে জড়িত সমস্যাসমূহ সমাধানৰ বাবে বিটিচিৰ মুৰব্বীগৰাকীৰ সভাপতিত্বত এক বৈঠক অনুষ্ঠিত হৈছিল । বৈঠকত উপস্থিত আছিল আদানী গ্ৰুপৰ প্ৰতিনিধি কুনাল হাজৰিকা, অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ বিষয়ববীয়া, সদৌ বড়ো ছাত্ৰ সন্থা (এবছু)কে ধৰি বিভিন্ন ছাত্ৰ সংগঠনৰ প্ৰতিনিধি, সামাজিক আৰু ৰাজনৈতিক সংগঠন আৰু ৰাজ্য চৰকাৰ আৰু আৰক্ষী বিষয়া।
স্থানীয় লোকৰ আশংকা দূৰ কৰাৰ স্বাৰ্থত প্ৰমোদ বড়োৱে কয় যে, বিটিচিয়ে নিশ্চিত কৰিব যে, কোনো ব্যক্তিৰ এক বিঘা মাটিও যাতে কোনো কাৰণতে কোনেও ল’ব নোৱাৰে । তেওঁ কয়, “আমি প্ৰকল্পটোক আগুৱাই নিয়াৰ পূৰ্বে জৈৱ বৈচিত্ৰ্য, প্ৰদূষণ আৰু সম্ভাৱ্য ঔদ্যোগিক উপজাত দ্ৰৱ্যৰ সৈতে জড়িত সকলো দিশ দক্ষ সংস্থাসমূহে পৰীক্ষা কৰাটো নিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।”
বড়োৱে কয়, “বড়োলেণ্ডৰ জনসাধাৰণে বহু ত্যাগ কৰি নিজৰ অধিকাৰ আৰু ভূমি ৰক্ষাৰ বাবে বহু দশক ধৰি সংগ্ৰাম কৰিছিল আৰু আমি হিংসাক পুনৰ আমাৰ জীৱনৰ অংশ হ’বলৈ দিব নোৱাৰো।” বিটিআৰত শান্তি প্ৰতিষ্ঠাৰ পিছত অৰ্থনৈতিক উন্নয়ন আৰু সমৃদ্ধিৰ দিশত আগবাঢ়িব লাগিব বুলিও তেওঁ কয়।
“বিটিআৰত কোনো উদ্যোগ নাই আৰু প্ৰথমবাৰৰ বাবে ২০ হাজাৰ কোটি টকাৰ বিদ্যুৎ কেন্দ্ৰ এটা আহি আছে । যিয়ে অঞ্চলটোৰ যুৱক-যুৱতীসকলৰ বাবে ৮ হাজাৰৰ পৰা ১০ হাজাৰ স্থায়ী কৰ্মসংস্থাপন প্ৰদান কৰিব। আমি উদ্যোগটো বিচাৰো কিন্তু কোনো এজন ব্যক্তিৰ মাটিৰ ক্ষতি হোৱাকৈ নহয়।” এইদৰে কয় প্ৰমোদ বড়োৱে ।
প্ৰমোদ বড়োৱে কয় যে, এই বৈঠকত স্থানীয় ৰাইজে উত্থাপন কৰি থকা বিভিন্ন বিষয়ৰ ওপৰত আলোচনা আৰু গুৰুত্ব দিয়া হয় । সকলোৰে সৈতে আলোচনাৰ অন্ততহে প্ৰকল্পটো আগুৱাই লৈ যাম আৰু তেওঁলোকৰ আশংকা যাতে দূৰ হয় সেই কথা নিশ্চিত কৰিম বুলিও কয় প্ৰমোদ বড়োৱে।
উল্লেখ্য যে, বিদ্যুৎ কেন্দ্ৰৰ বাবে আদানী গ্ৰুপক ৩৬০০ বিঘাৰো অধিক মাটি গতাই দিয়াৰ প্ৰস্তাৱৰ বিৰোধিতা কৰি স্থানীয় লোকে পৰ্বতঝোৰাত প্ৰতিবাদ সাব্যস্ত কৰিছিল ।