শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ইৰাণৰ আক্ৰমণত লোকচানৰ সন্মুখীন হ'ল নেকি আদানী? চাওক ভিডিঅ'...

ইৰাণৰ আক্ৰমণত লোকচানৰ সন্মুখীন হ’ল নেকি আদানী? চাওক ভিডিঅ’…

Barasha Sarma
Barasha Sarma | Published: 16 Jun 2025 19:41 PM

ইজৰাইলে ইৰাণৰ পাৰমাণৱিক ঘাটিত আক্ৰমণ চলোৱাৰ পাছতে ইৰাণেও কৰি গৈছে এটাৰ পাছত আনটো আক্ৰমণ। ইয়াৰ মাজতে গৌতম আদানীৰ কোম্পানীৰ ক্ষতি সন্দৰ্ভতো তথ্য প্ৰকাশ পাইছিল।

অব্যাহত আছে ইজৰাইল আৰু ইৰাণৰ মাজত উত্তেজনা। ইজৰাইলে ইৰাণৰ পাৰমাণৱিক ঘাটিত আক্ৰমণ চলোৱাৰ পাছতে ইৰাণেও কৰি গৈছে এটাৰ পাছত আনটো আক্ৰমণ। এই আক্ৰমণৰ মাজতেই খবৰ আহিছিল যে , ইৰাণৰ আক্ৰমণত এছিয়াৰ আটাইতকৈ ধনী ব্যৱসায়ী গৌতম আদানী ক্ষতিৰ সন্মুখীন হৈছে। কিন্তু এই খবৰ মিছা। দেওবাৰে আদানী গ্ৰুপৰ মুখ্য বিত্তীয় বিষয়া জুগেশিন্দৰ ৰবি সিঙে কয় যে ইৰাণৰ বেলিষ্টিক মিছাইল আক্ৰমণৰ ফলত ইজৰাইলৰ হাইফা বন্দৰ কোম্পানীটোৰ ক্ষতিগ্ৰস্ত হোৱাৰ বাতৰি মিছা।