শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
নগদ লেনদেনৰ বাবে আপুনিও পৰিব পাৰে আয়কৰ বিভাগৰ চকুত!

নগদ লেনদেনৰ বাবে আপুনিও পৰিব পাৰে আয়কৰ বিভাগৰ চকুত!

Monjit Dutta
Monjit Dutta | Published: 16 Jun 2025 19:28 PM

ডিজিটেল লেনদেনৰ সমান্তৰালকৈ নগদ ধনৰ লেনদেন হ্ৰাস কৰাৰ বাবে বিভিন্ন প্ৰকাৰে চেষ্টা চলাই আহিছে চৰকাৰে। সেয়ে বহু ক্ষেত্ৰত নগদ ধনৰ লেনদেনৰ ক্ষেত্ৰত আয়কৰ বিভাগ বা জি এছ টি বিভাগে নিৰীক্ষণ কৰি থাকে।

ডিজিটেল লেনদেনৰ সমান্তৰালকৈ নগদ ধনৰ লেনদেন হ্ৰাস কৰাৰ বাবে বিভিন্ন প্ৰকাৰে চেষ্টা চলাই আহিছে চৰকাৰে। সেয়ে বহু ক্ষেত্ৰত নগদ ধনৰ লেনদেনৰ ক্ষেত্ৰত আয়কৰ বিভাগ বা জি এছ টি বিভাগে নিৰীক্ষণ কৰি থাকে। চৰকাৰে নগদ ধনৰ লেনদেনৰ বাবে ইতিমধ্যে নিৰ্দিষ্ট সীমা নিৰ্ধাৰণ কৰিছে। চেভিংছ একাউণ্টৰ বাবে এই সীমা বছৰি ১০ লাখ টকা নিৰ্ধাৰণ কৰা হৈছে। অৱশ্যে একাউণ্টত এই পৰিমাণতকৈও অধিক ধনৰ লেনদেন কৰিব পাৰিব।

পিছে তেনে ক্ষেত্ৰত বিভিন্ন নথি-পত্ৰৰ প্ৰয়োজন হ’ব পাৰে। এই নথি-পত্ৰসমূহ প্ৰমাণ হিচাপে ব্যৱহাৰ কৰিব পাৰি। যদি লেন-দেনৰ ক্ষেত্ৰত কোনো প্ৰমাণ নাথাকে, আয়কৰ বিভাগৰ পৰা জাননী আহিব পাৰে আৰু জৰিমনাও আৰোপ কৰা হ’ব পাৰে। অৱশ্যে সকলো প্ৰমাণ থাকিলেও নিৰ্দিষ্ট ধনৰাশিৰ ওপৰত চৰকাৰে TDS (Tax Deducted At Source) কৰ্তন কৰিব।