শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

নিজ পত্নীক আন যুৱকৰ সৈতে বিয়া পাতি দিছিল স্বামীয়ে, কিন্তু ৭ দিন পিছত…

নেহা আৰু জিতেন্দ্ৰৰ বিয়া ১৪ আগষ্টত গাঁৱৰ নিজেই এটা মন্দিৰত হয়। প্ৰথম অৱস্থাত সকলো ঠিকেই চলি আছিল যদিও ২১ আগষ্টৰ পুৱা যেতিয়া নেহা হঠাতে নোহোৱা হৈ গ’ল, তেতিয়া সকলোৱে আতংকিত হৈ পৰিল।

নিজ পত্নীক আন যুৱকৰ সৈতে বিয়া পাতি দিছিল স্বামীয়ে, কিন্তু ৭ দিন পিছত…
প্ৰতীকি ফটো
trishna-kalita
Trishna Kalita | Updated On: 24 Aug 2025 11:59 AM

মধ্যপ্ৰদেশৰ উজ্জয়িনৰ বদনগৰত আৰক্ষীৰ জালত পৰিল এটা গেং। য’ত স্বামীয়ে নিজেই পত্নীক আন আন পুৰুষৰ লগত বিয়া কৰাই দিছিল। এই কামত স্বামী-স্ত্ৰীৰ লগত এটা গেং জড়িত হৈ আছিল। যিয়ে প্ৰথমে মহিলাগৰাকীক বিয়া কৰাইছিল। তাৰ পিছত বিয়াৰ পিছত মহিলাগৰাকীয়ে লাখ লাখ টকা আৰু গহনা লৈ শহুৰৰ ঘৰৰ পৰা পলাই গৈছিল। এই ডকাইত কইনাৰ বিৰুদ্ধে পোৱা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এই গেঙটোক নিজৰ জালত পেলায়।

এই ঘটনা সন্দৰ্ভত তথ্য প্ৰদান কৰি বদনগৰৰ ভাট পচলানা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত সত্যেন্দ্ৰ সিং চৌধুৰীয়ে কয় যে, বহু চেষ্টা কৰাৰ পিছতো খাৰছোদ গাঁৱত বাস কৰা ৰতনলাল সেনৰ পুত্ৰ জিতেন্দ্ৰ বিয়া হোৱা নাছিল। জিতেন্দ্ৰৰ বাবে বহু কইনা চাইছিল যদিও প্ৰতিবাৰেই কিবা নহয় কৰিবা এটা বাধাই দেখা দিছিল। কিছুদিন পূৰ্বে খাচৰোডত বাস কৰা বিষ্ণু বাইৰ সংস্পৰ্শলৈ আহিছিল ৰতনলাল। তেওঁ বিষ্ণু বাইক পুত্ৰৰ বিয়া নোহোৱাৰ সমস্যাৰ কথা ক’লে।

ৰতনলালৰ কথা শুনি বিষ্ণু বাইয়ে নাগদাত বাস কৰা নেহা নামৰ ছোৱালী এজনীৰ কথা ক’লে। কিন্তু নেহা দুখীয়া পৰিয়ালৰ বুলি ক’লে আৰু বিয়াৰ বাবে ডেৰ লাখ টকা দিবলৈ অনুৰোধ কৰিলে। তাৰ পাছত নেহা আৰু জিতেন্দ্ৰৰ বিয়া ১৪ আগষ্টত গাঁৱৰ নিজেই এটা মন্দিৰত হয়। প্ৰথম অৱস্থাত সকলো ঠিকেই চলি আছিল যদিও ২১ আগষ্টৰ পুৱা যেতিয়া নেহা হঠাতে নোহোৱা হৈ গ’ল, তেতিয়া সকলোৱে আতংকিত হৈ পৰিল। নেহাক সকলোৱে বহুত বিচাৰিছিল। ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ পাছতো যেতিয়া নতুন কইনাৰ সন্ধান পোৱা নগ’ল, তেতিয়া জিতেন্দ্ৰই ভাট পচলানা থানাত প্ৰতিবেদন দাখিল কৰাৰ লগতে বিয়াৰ নামত তেওঁৰ পৰিয়ালক প্ৰতাৰণা কৰা বুলিও আৰক্ষীক জনায়।

ভাট পচলানা আৰক্ষী থানাই যেতিয়া গোটেই গোচৰটোৰ তদন্ত কৰে তেতিয়া ডকাইত কইনা আৰু তেওঁৰ দলটো উন্মোচিত হয়। ডকাইত কইনাৰ নাম নেহা নহয় ইতিমধ্যে বিয়া হোৱা পূজা। ঘৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে নগদ ৪০ হাজাৰ টকা আৰু কিছু গহনা জব্দ কৰে। ভাট পচলানা আৰক্ষী থানাত লুটেৰী দুলহন পূজা ওৰফে নেহা, নাগদা বাসিন্দা, ৰামচন্দ্ৰ, খাচৰোড নিবাসী বিষ্ণু বাই আৰু নাগড়া নিবাসী জাছু ওৰফে ৰাজুক গ্ৰেপ্তাৰ কৰিছে। এই ক্ষেত্ৰত আৰক্ষীয়ে লুটেৰী দুলহনৰ প্ৰকৃত স্বামী বিনোদ মালৱিয়া আৰু বিষ্ণু বাইক বিচাৰি আছে।