শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বিয়াত বহিল অৰবিন্দ কেজৰিৱালৰ জীয়ৰী, কাৰ সতে তৰিলে সংসাৰ!

বিবাহপাশত আৱদ্ধ হৈছে আম আদমী পাৰ্টিৰ মুৰব্বী তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ কন্যা হৰ্ষিতা কেজৰিৱাল। দিল্লীৰ কাপুৰথালা হাউচত আজি তেওঁৰ বিবাহ সম্পন্ন হয়। এই বিবাহ অনুষ্ঠানত কেজৰিৱাল আৰু হৰ্ষিতাই পাণি গ্ৰহণ কৰা সম্ভৱ জৈনৰ পৰিয়ালৰ বাহিৰেও মাত্ৰ কেইজনমান নিৰ্বাচিত লোকহে উপস্থিত থাকে।

বিয়াত বহিল অৰবিন্দ কেজৰিৱালৰ জীয়ৰী, কাৰ সতে তৰিলে সংসাৰ!
বিয়াত বহিল অৰবিন্দ কেজৰিৱালৰ জীয়ৰী
Monjit Dutta
Monjit Dutta | Published: 18 Apr 2025 18:48 PM

বিবাহপাশত আৱদ্ধ হৈছে আম আদমী পাৰ্টিৰ মুৰব্বী তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ কন্যা হৰ্ষিতা কেজৰিৱাল। দিল্লীৰ কাপুৰথালা হাউচত আজি তেওঁৰ বিবাহ সম্পন্ন হয়। এই বিবাহ অনুষ্ঠানত কেজৰিৱাল আৰু হৰ্ষিতাই পাণি গ্ৰহণ কৰা সম্ভৱ জৈনৰ পৰিয়ালৰ বাহিৰেও মাত্ৰ কেইজনমান নিৰ্বাচিত লোকহে উপস্থিত থাকে। প্ৰকাশিত খবৰ অনুসৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ কন্যা হৰ্ষিতাৰ জীৱনসংগী সম্ভৱ জৈন তেওঁৰ আই আই টিৰ সহপাঠী। অতি সীমিত সংখ্যক লোকক এই বিবাহলৈ নিমন্ত্ৰণ কৰা হৈছিল বুলি জানিব পৰা গৈছে।

কেজৰিৱাল আৰু তেওঁৰ পত্নী সুনীতাৰ বাহিৰেও পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানকে ধৰি বহু মন্ত্ৰী আৰু নেতাই দুয়োৰে এংগেজমেণ্ট অনুষ্ঠানত অংশগ্ৰহণ কৰে। এংগেজমেণ্টৰ পিছত আজি হৰ্ষিতা আৰু সম্ভৱ জৈনৰ বিবাহ সম্পন্ন হয়। সম্ভৱ জৈনে এক জিনি কোম্পানীত প্ৰজেক্ট মেনেজমেণ্ট কনচালটেণ্ট হিচাপে কাম কৰি আছে। ইফালে সম্ভৱ জৈন আৰু হৰ্ষিতাই কিছু মাহ পূৰ্বে এটা ষ্টাৰ্টআপ আৰম্ভ কৰিছিল বুলি সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ পাইছে।

দুয়োৰে মাজত ইতিপূৰ্বৰে পৰা সম্পৰ্ক আছিল আৰু এই সম্পৰ্কৰ পিছত আজি দুয়ো বৈবাহিক সম্পৰ্কৰে বান্ধ খায়। এংগেজমেণ্ট অনুষ্ঠানলৈ কোনো চেলিব্ৰিটি লোকক নিমন্ত্ৰণ কৰা হোৱা নাছিল, আনকি আপৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী আতিশীও এই অনুষ্ঠানত উপস্থিত নাছিল। আনহাতে অনুষ্ঠানত দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়া আৰু তেওঁৰ পত্নী উপস্থিত থাকে।

সূত্ৰ অনুসৰি অহা ২০ এপ্ৰিলত হৰ্ষিতা কেজৰিৱাল আৰু সম্ভৱ জৈনৰ অভ্যৰ্থনা কাৰ্যসূচী অনুষ্ঠিত হ’ব। অৱশ্যে অভ্যৰ্থনা কাৰ্যসূচী ক’ত অনুষ্ঠিত হ’ব সেই সন্দৰ্ভত এতিয়াও তথ্য প্ৰকাশ কৰা হোৱা নাই। ২৯ বছৰীয়া হৰ্ষিতা কেজৰিৱালৰ জ্যেষ্ঠ কন্যা আৰু আই আই টি দিল্লীৰ প্ৰাক্তন ছাত্ৰী। তেওঁৰ ভাতৃ পুলকিতেও জে ই ইত সফলতা অৰ্জন কৰিছে। অৰবিন্দ কেজৰিৱাল নিজেও আই আই টি খড়গপুৰৰ ছাত্ৰ আছিল।

হৰ্ষিতা কেজৰিৱালে নয়ডাৰ দিল্লী পাব্লিক স্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰি ২০১৪ চনত আই আই টি-জে ই ই এডভান্স পৰীক্ষাত ৩,৩২২ নম্বৰ স্থান লাভ কৰে। তাৰ পিছত হৰ্ষিতাই আই আই টি দিল্লীৰ পৰা কেমিকেল ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰী লাভ কৰে। নিজ বিভাগত তৃতীয় স্থান লাভ কৰা হৰ্ষিতাই শিক্ষাগ্ৰহণ কৰি থকা অৱস্থাতে বহু নামী-দামী কোম্পানীৰ পৰা চাকৰিৰ প্ৰস্তাৱ লাভ কৰিছিল বুলিও জনা যায়।