আৰক্ষীলৈ গুলী চলাই পলায়ন বিধায়কৰ, যৌন নিৰ্যাতনৰ গোচৰত হৈছিল গ্ৰেপ্তাৰ
যৌন নিৰ্যাতনৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল বিধায়ক। থানালৈ লৈ যোৱাৰ সময়তেই আৰক্ষীৰ ওপৰত গুলীচালনা কৰি পলায়ন কৰে বিধায়কগৰাকীয়ে। ক'ত সংঘটিত হৈছে এই ঘটনা, কোন এইজন বিধায়ক, জানক সবিশেষ-

আৰক্ষীৰ জিম্মাৰ পৰা অপৰাধীয়ে পলায়ন কৰা শুনিছে। এইবাৰ পিছে পলায়ন কৰিছে এজন বিধায়কে। তেওঁ অৱশ্যে এটা গোচৰৰ অভিযুক্ত। আৰক্ষীয়ে দাবী কৰা মতে আৰক্ষীৰ ওপৰত গুলীচালনা কৰি পলায়ন কৰিছে বিধায়কগৰাকীয়ে। হাৰিয়ানাৰ কৰ্ণালৰ পৰা আম আদমী পাৰ্টিৰ বিধায়ক হৰমীত পাঠানমাজৰাক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। কিন্তু তেওঁ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰাৰ খবৰ পোহৰলৈ আহিছে।
যৌন নিৰ্যাতনৰ এক গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বিধায়ক হৰমীতক। কিন্তু তেওঁক থানালৈ লৈ যোৱাৰ সময়তেই তেওঁৰ সহযোগীসকলে আৰক্ষীৰ বাহনলৈ উদ্দেশ্য কৰি গুলী চলায়। এই ঘটনাত এজন আৰক্ষী জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে।
আৰক্ষী সূত্ৰই জনোৱা মতে, গুলীচালনাৰ সময়তেই আৰক্ষীৰ বেহু ফালি পলায়ন কৰে হৰমীতে। বিধায়কজনে তেওঁৰ সহযোগীৰ সৈতে এখন স্ক’ৰপিঅ’ আৰু এখন ফৰ্চুনাৰ গাড়ী লৈ পলায়ন কৰে। আৰক্ষীয়ে জব্দ কৰিছে ফৰ্চুনাৰ গাড়ীখন। কিন্তু স্ক’ৰপিঅ’ বিধায়কজন থকা স্ক’ৰপিঅ’ বাহনখন এতিয়াও ধৰা পেলাব পৰা নাই।
পঞ্জাৱৰ ছানৌৰ বিধানসভা সমষ্টিৰ বিধায়ক হৰমীত পাঠানমাজৰাক যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। এগৰাকী মহিলাই দাখিল কৰা এজাহাৰৰ ভিত্তিত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছিল, য’ত বিধায়কগৰাকীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। বিধায়ক পাঠনমাজৰাই নিজৰ দলৰ কেন্দ্ৰীয় নেতৃত্ব আৰু পঞ্জাৱ চৰকাৰক লক্ষ্য কৰি বক্তব্য আগবঢ়াইছিল।
তেওঁ নিজৰ বানপীড়িত অঞ্চলৰ সমস্যাসমূহ উত্থাপন কৰি নদী পৰিষ্কাৰ কৰাৰ বিষয়ত উচ্চপদস্থ বিষয়াসকলক সমালোচনা কৰে। ইয়াৰ পিছত সোমবাৰে পাাঠনমাজৰাই তেওঁৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰা বুলি দাবী কৰে। এই কাৰ্যক লৈ তেওঁ ভয় খাইছিল বুলিও কয়।
ৰাজ্যৰ বান সমস্যাক লৈ দেওবাৰে বিধায়ক হৰমীত পাঠানমাজৰাই নিজৰ চৰকাৰক আক্ৰমণ কৰে। তেওঁ কয় যে যদি দলে তেওঁক সঁচা কথা কোৱাৰ বাবে নিলম্বন বা বহিষ্কাৰ কৰিব বিচাৰে তেন্তে কৰিব পাৰে। কিন্তু তেওঁ নিজৰ মানুহৰ লগত থিয় হৈ তেওঁলোকৰ দৃষ্টিভংগী আগবঢ়াব।
বিধায়ক পাঠানমাজৰাৰ সমষ্টিৰ সীমাত আছে টাংৰি নদী। এই নদীৰ পৰা এক কিলোমিটাৰ পৰ্যন্ত তেওঁৰ অঞ্চলত বানৰ প্ৰভাৱ পৰিছে। বান সমস্যাৰ বুজ লোৱাৰ বাবে নদীৰ পাৰত উপস্থিত হোৱা বিধায়ক পাঠানমাজৰাই সংবাদ মাধ্যমৰ সন্মুখত ৰাজ্য চৰকাৰ আৰু বিষয়াসকলৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰে। বিশেষকৈ মুখ্যমন্ত্রী ভগৱন্ত মান আৰু জলসম্পদ বিভাগৰ মুৰব্বী কৃষ্ণ কুমাৰক সমালোচনা কৰি আপ নেতাজনে ছানৌৰ সমষ্টিক অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰে।