শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Bombay High Court: আধাৰ, পান, ভোটাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয়! SIR বিতৰ্কৰ মাজতে ডাঙৰ মন্তব্য বম্বে উচ্চ ন্যায়ালয়ৰ

মঙলবাৰে এক গোচৰৰ শুনানিত বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অমিত বৰকাৰে অতি তাৎপৰ্যপূৰ্ণভাৱে কয় যে, আধাৰ, ভোটাৰ বা পান কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয়। প্ৰশ্ন উত্থাপন হয়, তেন্তে নাগৰিকত্ব পৰিচয় পত্ৰ কি?

Bombay High Court: আধাৰ, পান, ভোটাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয়! SIR বিতৰ্কৰ মাজতে ডাঙৰ মন্তব্য বম্বে উচ্চ ন্যায়ালয়ৰ
প্ৰতীকী ফটোImage Credit source: GettyImage
manas-borah
Manas Borah | Published: 12 Aug 2025 20:40 PM

কেৱল আধাৰ কাৰ্ড, পান কাৰ্ড আৰু ভোটা কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয়। SIRক লৈ চলি থকা বিতৰ্কৰ মাজতে বম্বে উচ্চ ন্যায়ালয়ে ডাঙৰ মন্তব্য প্ৰকাশ কৰে। এছ আই আৰ সন্দৰ্ভত বিৰোধীৰ আন্দোলনৰ দিশ সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে অনাগত দিনত এছ আই আৰ সন্দৰ্ভত আদালতে কি নিৰ্দেশ দিব তাৰ ওপৰত। এই বিষয়ত উচ্চতম ন্যায়ালয়তো গোচৰ চলি আছে।

সমান্তৰালভাৱে আন এটা গোচৰত বম্বে উচ্চ ন্যায়ালয়ত এই বিষয়টো উত্থাপন হয়। মঙলবাৰৰ শুনানিত বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অমিত বৰকাৰে অতি তাৎপৰ্যপূৰ্ণভাৱে কয় যে, আধাৰ, ভোটাৰ বা পান কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয়। প্ৰশ্ন উত্থাপন হয়, তেন্তে নাগৰিকত্ব পৰিচয় পত্ৰ কি?

অধিবক্তাৰ এটা অংশই অনুভৱ কৰে যে, এই পৰ্যবেক্ষণ চৰকাৰৰ বাবে অতি সহায়ক। কাৰণ কেন্দ্ৰীয় চৰকাৰ বা ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগে যি দিশত আগবাঢ়িছে, অৰ্থাৎ আধাৰ বা ভোটাৰ পৰিচয় পত্ৰ বৈধ নথি নহয়, তেন্তে বম্বে উচ্চ ন্যায়ালয়ৰ এই পৰ্যবেক্ষণ যথেষ্ট তাৎপৰ্যপূৰ্ণ।

মঙলবাৰে এটা গোচৰৰ শুনানি বম্বে উচ্চ ন্যায়ালয়ত গ্ৰহণ কৰা হয়। বাবু আব্দুৰ ৰৌফ নামৰ এজন ব্যক্তিক বাংলাদেশী অনুপ্ৰৱেশকাৰী বুলি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। জামিন বিচাৰি গোচৰ ৰুজু কৰে। এই গোচৰৰ শুনানি বম্বে উচ্চ ন্যায়ালয়ত হয়। আজি আদালতত ৰৌফৰ অধিবক্তাই যুক্তি আগবঢ়ায় যে, তেওঁৰ ক্লায়েণ্টৰ হাতত আধাৰ-পানকে ধৰি এই দেশৰ নাগৰিকত্ব প্ৰমাণ কৰা সকলো নথি-পত্ৰ আছে। তেনেহ’লে বাংলাদেশী অনুপ্ৰৱেশকাৰী হিচাপে কেনেকৈ গ্ৰেপ্তাৰ হ’ল? কিন্তু ন্যায়াধীশে তেওঁৰ যুক্তি নাকচ কৰিলে।

জামিন আবেদন নাকচ কৰাৰ সময়ত ন্যায়াধীশৰ তাৎপৰ্যপূৰ্ণ মন্তব্য, আধাৰ-পান-ভোটাৰ কাৰ্ড ভাৰতীয় নাগৰিকত্ব প্ৰমাণ কৰিবলৈ পৰ্যাপ্ত নথি নহয়। ন্যায়াধীশগৰাকীৰ পৰ্যবেক্ষণ হ’ল কোনে ভাৰতৰ নাগৰিক হ’ব পাৰে, কেনেকৈ ভাৰতীয় নাগৰিকত্ব লাভ কৰিব সেই কথা স্পষ্টকৈ উল্লেখ আছে নাগৰিকত্ব আইনত।

ইফালে, বিহাৰৰ এছ আই আৰ সন্দৰ্ভত গোচৰটোত আধাৰ কাৰ্ড নাগৰিকত্বৰ বৈধ প্ৰমাণ নহয় বুলি নিৰ্বাচন আয়োগৰ দাবীক উচ্চতম ন্যায়ালয়ে মানি লৈছে।