শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এখন গাঁও, প্ৰজন্মৰ পাচত প্ৰজন্ম চুৰি গাঁওবাসীৰ পেশা, চুৰিৰ পূৰ্বে কৰে পূৰ্বপুৰুষৰ পূজা, পৃথকে ৰাখে জামিনৰ টকা

গাঁওবোৰৰ একোটা নিজা কাহিনী থাকে । এই কাহিনীবোৰে গাঁৱৰ কথা কয়, গাঁৱৰ ঘটনাৱলীৰ কথা কয় । যিবোৰ কাহিনী খুবেই ৰস লগা । তেনে এখন গাঁৱৰ কথাকেই আজি ক'বলৈ লৈছোঁ । যিখন গাঁৱৰ কথা ক'বলৈ লৈছোঁ, সেই গাঁওখনৰ কাহিনী আকৌ চোৰৰ । আহক গাঁওখনৰ ভিতৰলৈ যাওঁ-

এখন গাঁও, প্ৰজন্মৰ পাচত প্ৰজন্ম চুৰি গাঁওবাসীৰ পেশা, চুৰিৰ পূৰ্বে কৰে পূৰ্বপুৰুষৰ পূজা, পৃথকে ৰাখে জামিনৰ টকা
প্ৰতীকী ছবি
raj-saikia
Raj Saikia | Updated On: 17 May 2025 11:29 AM

আজি গাঁৱৰ কথা পাতোঁ আহক । গাঁও, মাদকতাৰে পৰিপূৰ্ণ জনবসতিৰ স্থল । ভাৰতত প্ৰায় চাৰে ৬ লাখ গাঁও আছে, প্ৰতিখন গাঁৱৰে একোটা কাহিনীও থাকে । এটা নিজা কাহিনী, যিয়ে গাঁওখনৰ পৰিচয় দাঙি ধৰে । এই ধৰক আমাৰ অসমৰ জাপিসজীয়া গাঁও, পূৰ্বতে তাত জাপি সজা মানুহে বাস কৰিছিল, সেয়ে মানুহবোৰৰ কামৰ পৰিচয়েৰে গাঁওখনৰ নাম জাপিসজীয়া গাঁও হ’ল ।

তেনেদৰে কমাৰ গাঁও, কুমাৰ গাঁও, গুৱাল গাঁও আদি গাঁওবোৰৰো চিনাকী আছে । পাতনিতে উল্লেখ কৰিছিলোঁ যে গাঁওবোৰৰ একোটা নিজা কাহিনী থাকে । এই কাহিনীবোৰে গাঁৱৰ কথা কয়, গাঁৱৰ ঘটনাৱলীৰ কথা কয় । যিবোৰ কাহিনী খুবেই ৰস লগা । তেনে এখন গাঁৱৰ কথাকেই আজি ক’বলৈ লৈছোঁ ।

যিখন গাঁৱৰ কথা ক’বলৈ লৈছোঁ, সেই গাঁওখনৰ কাহিনী আকৌ চোৰৰ । আপুনি হয়তো ভাবিছে চোৰৰো কাহিনী আছেনে, কিনো এনে বিশেষ চোৰৰ কাহিনী! হয় চোৰৰো আছে কাহিনী । তামিলনাডুৰ শ্ৰীৰংগম তালুকৰ অন্তৰ্গত ৰামজী গাঁওখন চোৰৰ বাবে বিখ্যাত । গাঁওখনৰ প্ৰজন্মৰ পাছত প্ৰজন্ম চৌৰ্যবৃত্তিৰ সৈতে জড়িত । গাঁওখনৰ মানুহবোৰ দেখা সাধাৰণ যেন লাগিলেও তাৰ মাজতেই কোনজন চোৰ আপুনি সহজে বিচাৰি উলিয়াব নোৱাৰিব । চুৰি কৰাৰ পূৰ্বে তেওঁলোকে বিশেষ এক অনুষ্ঠান পাতে, আৰু কথা ক’বলৈ কেতবোৰ সাংকেতিক ভাষা ব্যৱহাৰ কৰে ।

দামী গাড়ী তেওঁলোকৰ নজৰত থাকে । চুৰিৰ পিচত ধৰা পৰিলে যাতে জামিন ল’ব পাৰে, তাৰ বাবে সুকীয়াকৈ ধন জমা ৰাখে তেওঁলোকে । শেহতীয়াকৈ এটা চোৰ গ্ৰেপ্তাৰৰ পাচত গাঁওখনৰ ৰহস্য ফাদিল হয় । পোহৰলৈ আহে গাঁওখনৰ এক আচৰিত কাহিনী । এই কাহিনী চাঞ্চল্যকৰ আৰু চুৰিৰ প্ৰতি থকা আপোনাৰ মনোভাৱক এক অন্য দিশলৈ লৈ যাব পাৰে এই গাঁৱৰ কাহিনীয়ে ।

গাঁওখনৰ মানুহে চুৰিক নিজৰ পেছা বুলি গণ্য কৰে; বহু প্ৰজন্মই এই কামটো অবিৰতভাৱে চলাই আহিছে । আনকি ককাৰ ব্যৱসায় নাতিয়েকে আগবঢ়াই নিয়াৰ দৰে এই লোকসকলে চুৰিক তেওঁলোকৰ প্ৰজন্মৰ পেছা বুলি গণ্য কৰে । আশ্চৰ্যজনক কথাটো হ’ল এইসকল লোকে যেতিয়া গাঁৱৰ পৰা চুৰি কৰিবলৈ ওলাই যায়, তেতিয়া প্ৰথমে পূজা আৰু এক বিশেষ ধৰণৰ ধৰ্মীয় উপবাস কৰে । একে সময়তে চুৰিৰ পিছত জামিনৰ বাবে এই লোকসকলে কিছু টকা সাঁচি ৰাখে ।

দামী গাড়ীৰ ওপৰত চকু ৰাখে
চুৰিৰ কামত যোৱাৰ আগতে গেঙৰ সদস্যসকলে পূৰ্বপুৰুষৰ ওচৰত প্ৰাৰ্থনা কৰে যাতে তেওঁলোকে আজিৰ চুৰি কাৰ্যত সফল হ’ব পাৰে । তেওঁলোকে বিশ্বাস কৰে যে ঈশ্বৰ আৰু তেওঁলোকৰ পূৰ্বপুৰুষৰ ইচ্ছামতে কৰিলেহে চুৰি কাৰ্যত সফল হয় । এইসকল লোক চুৰি কৰিবলৈ গাঁৱৰ পৰা ওলাই যায় আৰু চুৰি কৰিব বিচৰা অঞ্চলটো ভালদৰে বাছি লয় । দামী গাড়ীৰ ওপৰত চকু ৰাখে গেঙৰ সদস্যসকলে । য’তেই দামী গাড়ী দেখা পায় তাতেই শিল বা আন সঁজুলিৰে গাড়ীৰ খিৰিকী ভাঙি ভিতৰৰ মূল্যবান সামগ্ৰী লৈ পলাই যায় ।

জামিনৰ খৰচ পৃথকে ৰাখে
এই লোকসকলে ইজনে সিজনৰ লগত কথা পাতিলে সাধাৰণ ভাষাত নহয় ক’ড ৱৰ্ডত কথা পাতে, গতিকে আন মানুহে তেওঁলোকৰ ভাষা বুজিব নোৱাৰে । কেৱল এয়াই নহয়, চুৰি কৰাৰ পিছত তেওঁলোকে জামিনৰ খৰচো পৃথকে ৰাখে, হয়তো কোনোবা এটা সময়ত ধৰা পৰিব পাৰে বুলি ভাবি । লগতে চুৰি কৰা সামগ্ৰী সাৱধানতাৰে আৰু পৰিকল্পনাপূৰ্বকভাৱে বিতৰণ কৰে । ইয়াৰে এজন অভিযুক্তক শেহতীয়াকৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । আৰক্ষীৰ জেৰাৰ সময়ত তেওঁক সোধা হৈছিল যে তেওঁ কেনেকৈ চুৰি কৰে আৰু তেওঁৰ গেঙত কোন কোন অন্তৰ্ভুক্ত । ইয়াৰ বিষয়ে আৰক্ষীক অভিযুক্তই তথ্য প্ৰদান কৰিছে ।