শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মোদীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আহিব ৭০০০ অতিথি! প্ৰকাশ পালে নিমন্ত্ৰণী পত্ৰ

মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত বাংলাদেশ, শ্ৰীলংকা, মালদ্বীপ, ভূটান, নেপাল, মৰিচাছ আৰু ছিচেলছৰ শীৰ্ষ নেতাসকলে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

মোদীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আহিব ৭০০০ অতিথি! প্ৰকাশ পালে নিমন্ত্ৰণী পত্ৰ
নৰেন্দ্ৰ মোদী
Barasha Sarma
Barasha Sarma | Published: 08 Jun 2024 13:01 PM

কাইলৈ অৰ্থাৎ ৯ জুনত তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে। জানিব পৰা মতে এই শপত গ্ৰহণ অনুষ্ঠানত ৭০০০ লোকক আমন্ত্ৰণ জনোৱা হৈছে। কাইলৈ সন্ধিয়া ৭:১৫ বজাত শপত গ্ৰহণ কৰিব মোদীয়ে। ইয়াৰ মাজতে প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণৰ নিমন্ত্ৰণী পত্ৰ পোহৰলৈ আহিছে।

মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত বাংলাদেশ, শ্ৰীলংকা, মালদ্বীপ, ভূটান, নেপাল, মৰিচাছ আৰু ছিচেলছৰ শীৰ্ষ নেতাসকলে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজু, ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেই, মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবিন্দ জুগনাউথ আৰু ছিচেলছৰ ৰাষ্ট্ৰপতি ৱেভেল ৰামখেলাৱানক আমন্ত্ৰণ জনোৱা হৈছে।

শপত গ্ৰহণ অনুষ্ঠানৰ বাবে ৰাজধানী দিল্লীত থাকিব তিনিটা স্তৰৰ নিৰাপত্তা। ৰাষ্ট্ৰপতি ভৱন সুৰক্ষাৰ বাবে অৰ্ধসামৰিক বাহিনী, নেশ্যনেল ছিকিউৰিটি গাৰ্ডৰ কমাণ্ডো, লগতে ড্ৰোন আৰু স্নাইপাৰৰ পাঁচটা কোম্পানী নিয়োগ কৰা হ’ব। শপত গ্ৰহণত বহু বিদেশী নেতাইও অংশগ্ৰহণ কৰিব। এনে পৰিস্থিতিত সমগ্ৰ ৰাজধানী হাই এলাৰ্টত জাৰি থাকিব। শপত গ্ৰহণৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী আৰক্ষীয়ে ৯ আৰু ১০ জুনত বহু নিষেধাজ্ঞা জাৰি কৰিছে। ইতিমধ্যে দিল্লীক ন’ ফ্লাইং জ’ন হিচাপে ঘোষণা কৰা হৈছে। কটকটীয়া নিৰাপত্তা বেস্তনীৰ মাজত ৰখা হৈছে দিল্লীক।

শপত গ্ৰহণৰ পৰিপ্ৰেক্ষিতত বিদেশী অতিথিৰ নিৰাপত্তাৰ দায়িত্বও দেশৰ চোৰাংচোৱা সংস্থাৰ হাতত থাকিব। শপতগ্ৰহণৰ তাৰিখ ঘোষণাৰ পিছত ৰাজধানী দিল্লীত বৃদ্ধি কৰা হৈছে যান-বাহনৰ পৰীক্ষা। উচ্চ নিৰাপত্তা মণ্ডলত সাধাৰণ বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। ৰাষ্ট্ৰপতি ভৱন আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত বিভিন্ন অভিযান চলোৱাৰ লগতে তাতে পাৰ হৈ যোৱা প্ৰতিখন বাহনৰ তালাচী চলোৱা হৈছে।

উল্লেখ্য যে, শুকুৰবাৰে এনডিএৰ বৈঠকত নৰেন্দ্ৰ মোদী সংসদীয় সমিতিৰ নেতা হিচাপে নিৰ্বাচিত হৈছিল। তাৰ পাছতেই এনডিএৰ প্ৰতিনিধি দল এটাই ৰাষ্ট্ৰপতিক চৰকাৰ গঠনৰ প্ৰস্তাৱ দিছিল। ৰাষ্ট্ৰপতিয়ে প্ৰস্তাৱ গ্ৰহণ কৰাৰ পাছতেই সিদ্ধান্ত লৈছিল যে কাইলৈ মোদীয়ে ল’ব শপত।