শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Encounter : তেলেংগানাৰ মুলুগু জিলাত আৰক্ষীৰ এনকাউণ্টাৰত নিহত ৭ চিপিআই মাওবাদী…

নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত (EoF)ত ৭টা মাওবাদী নিহত হোৱাৰ খবৰ লাভ কৰা গৈছে । আৰক্ষীয়ে জনোৱা মতে,ইতুৰ্নগৰৰ বনাঞ্চলত চলোৱা অভিযানৰ সময়ত তেলেংগানা আৰক্ষীৰ আৰু মাওবাদীৰ মাজত সংঘৰ্ষ হয় । এই সংঘৰ্ষত ৭ জন মাওবাদী নিহত হয় ।

Encounter : তেলেংগানাৰ মুলুগু জিলাত আৰক্ষীৰ এনকাউণ্টাৰত নিহত ৭ চিপিআই মাওবাদী…
প্ৰতীকী ফটো
manas-borah
Manas Borah | Updated On: 01 Dec 2024 14:46 PM

তেলেংগানাৰ মুলুগু জিলাৰ এখন বনাঞ্চলত দেওবাৰে নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত (EoF)ত ৭টা মাওবাদী নিহত হোৱাৰ খবৰ লাভ কৰা গৈছে । আৰক্ষীয়ে জনোৱা মতে,ইতুৰ্নগৰৰ বনাঞ্চলত চলোৱা অভিযানৰ সময়ত তেলেংগানা আৰক্ষীৰ আৰু মাওবাদীৰ মাজত সংঘৰ্ষ হয় । পিটিআইৰ প্ৰতিবেদন অনুসৰি, এই সংঘৰ্ষত ৭ জন মাওবাদী নিহত হোৱাৰ লগতে সংঘৰ্ষৰ সংঘটিত হোৱাৰ স্থানৰ পৰা AK47 ৰ লগতে দুটা ৰাইফল জব্দ কৰে আৰক্ষীয়ে ।

জানিব পৰা মতে, নিহতসকলৰ ভিতৰত নিষিদ্ধ চিপিআই (মাওবাদী)ৰ তেলেংগানা ৰাজ্যিক সমিতিৰ সম্পাদক কুৰ্ছাম মাংগু ওৰফে ভাদ্ৰুও আছে । আন এক সূত্ৰৰ অনুসৰি, আৰক্ষীৰ তথ্যদাতা বুলি সন্দেহত দুজন জনজাতীয় লোকক হত্যা কৰাৰ এসপ্তাহৰ পাছত এই এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে ।

জানিব পৰা মতে, অভিযানৰ সময়ত মাওবাদী কেইজনক আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল । কিন্তু এই নিৰ্দেশ পালন নকৰি আৰক্ষীৰ কমাণ্ডোসকলৰ ওপৰত গুলীচালনা কৰে মাওবাদীয়ে। ইয়াৰ পাছতে আৰক্ষীয়েও গুলীচালনাৰে প্ৰত্যুত্তৰ দিয়ে । নিহতসকলৰ ভিতৰত ভাদৰু ওৰফে কুৰ্ছাম মাংগু ওৰফে পাপন্না (৩৫), ইগোলাপু মল্লাইয়া (৪৩), মুছাকি দেৱাল (২২), মুছাকি যমুনা (২৩), জয় সিং (২৫), কিশোৰ (২২) আৰু কামেশ (২৩) বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে, ২১ নৱেম্বৰত মুলুগুত মাওবাদীয়ে আৰক্ষীৰ তথ্যদাতা বুলি সন্দেহ কৰি দুজন জনজাতীয় লোকক হত্যা কৰাৰ পিছতে এই ঘটনা সংঘটিত হৈছে। পৰৱৰ্তী সময়ত মাওবাদীয়ে হত্যাৰ লোকৰ দুজনৰ মাজৰে এজন পঞ্চায়তৰ সদস্য আছিল বুলি জানিব পৰা যায় । ইফালে লোক দুজনক হত্যা কৰি ৰাজ্যিক চোৰাংচোৱা সংস্থাক তথ্য প্ৰদান কৰা বুলি দাবী কৰি মৃতদেহৰ লগত এখন পত্ৰ এৰি গৈছিল মাওবাদীয়ে ।