শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণে জোকাৰিলে জম্মু-কাশ্মীৰঃ চিকিৎসক, শ্ৰমিকসহ ৭ জনৰ মৃত্যু

জম্মু-কাশ্মীৰৰ গাণ্ডাৰবল জিলাৰ সোণামাৰ্গ অঞ্চলত সংঘটিত ঢ়ৈছে এক ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণ। এই আক্ৰমণত বুডগামৰ এজন চিকিৎসক আৰু ৫জন প্রব্রজিত শ্ৰমিকসহ ৭জন লোক নিহত হোৱাৰ বিপৰীতে ৫জন লোক আহত হৈছে। এই আক্ৰমণত দুজন শ্ৰমিকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে এজন চিকিৎসককে ধৰি আন পাঁচজন শ্ৰমিকৰ পিছত মৃত্যু হয়।

ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণে জোকাৰিলে জম্মু-কাশ্মীৰঃ চিকিৎসক, শ্ৰমিকসহ ৭ জনৰ মৃত্যু
প্ৰতিনিধিত্বমূলক ছবি
Monjit Dutta
Monjit Dutta | Updated On: 21 Oct 2024 08:13 AM

এক ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণে জোকাৰি তুলিলে জম্মু-কাশ্মীৰ। দেওবাৰে নিশা উপত্যকাটোৰ গাণ্ডাৰবল জিলাৰ সোণামাৰ্গ অঞ্চলত সংঘটিত হোৱা এই সন্ত্ৰাসবাদী আক্ৰমণত বুডগামৰ এজন চিকিৎসক আৰু ৫জন প্রব্রজিত শ্ৰমিকসহ ৭জন লোক নিহত হোৱাৰ বিপৰীতে ৫জন লোক আহত হৈছে। এই আক্ৰমণত দুজন শ্ৰমিকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে এজন চিকিৎসককে ধৰি আন পাঁচজন শ্ৰমিকৰ পিছত মৃত্যু হয়। আহত লোকসকলক উপ জিলা চিকিৎসালয় আৰু শ্ৰীনগৰস্থিত SKIMS চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে।

নিহত লোকসকলক গুৰদাসপুৰ পঞ্জাৱৰ বাসিন্দা গুৰমীত সিং, বুডগামৰ বাসিন্দা ডাঃ শ্বাহনৱাজ, অনিল কুমাৰ শুক্লা, ফহীম নাজিৰ, শশী আব্ৰোল, মহম্মদ হানিফ আৰু কালিম বুলি জানিব পৰা গৈছে। এক নিৰ্মাণৰত সুৰংগৰ সমীপত সংঘটিত হয় এই আক্ৰমণ। বিষয়াসকলে জানিবলৈ দিয়া মতে, গাণ্ডাৰবলৰ গুণ্ডত চলি থকা সুৰংগ প্ৰকল্পত কাম কৰা শ্ৰমিক আৰু অন্যান্য কৰ্মচাৰীসকল নিশা নিজ শিবিৰলৈ উভতি অহাৰ সময়তে অচিনাক্ত সন্ত্ৰাসবাদীয়ে এই আক্ৰমণ সংঘটিত কৰে।

ঘটনাৰ পিছতে জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি শীৰ্ষ প্ৰশাসনিক বিষয়াসকলৰ লগতে নিৰাপত্তাৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। এই ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই জঘন্য কাণ্ডৰ লগত জড়িতসকলক ৰেহাই দিয়া নহ’ব আৰু তেওঁলোকে নিৰাপত্তাৰক্ষীৰ তীব্ৰ প্ৰত্যাক্ৰমণৰ সন্মুখীন হ’ব লাগিব বুলি হুংকাৰ দিয়ে।

এক টুইট যোগে শ্বাহে সাধাৰণ নাগৰিকৰ ওপৰত সংঘটিত এই সন্ত্ৰাসবাদী আক্ৰমণক এক ঘৃণনীয় কাপুৰুষালি আখ্যা দিয়ে। এই আক্ৰমণত নিহত লোকসকলৰ বাবে শোক প্ৰকাশ কৰি গৃহমন্ত্ৰীগৰাকীয়ে মৃতকৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্যৰ প্ৰাৰ্থনা কৰে। জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহায়ো এক টুইট যোগে এই ঘটনাক তীব্ৰ গৰিহণা দিয়ে।

সাধাৰণ নাগৰিকৰ ওপৰত কৰা এনে জঘন্য সন্ত্ৰাসবাদী আক্ৰমণৰ আঁৰত যিয়েই নাথাকক কিয়, তেওঁলোকক ৰেহাই দিয়া নহ’ব বুলি জনসাধাৰণক আশ্বাস দিয়ে উপ-ৰাজ্যপালগৰাকীয়ে। ইয়াৰ বাবে জম্মু-কাশ্মীৰ আৰক্ষী, সেনা আৰু নিৰাপত্তা বাহিনীক সম্পূৰ্ণ স্বাধীনতা দিয়া হৈছে বুলিও তেওঁ লগতে উল্লেখ কৰে। তেওঁ লগতে নিহত লোকসকলৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনাই আহতসকলৰ আশু আৰোগ্য কামনা কৰে।

ইফালে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লায়ো শ্ৰমিকসকলৰ ওপৰত সংঘটিত এনে আক্ৰমণক কাপুৰুষালি আখ্যা দি ঘটনাৰ বাবে দুখ প্ৰকাশ কৰে। নিহত লোকসকলৰ পৰিয়াললৈ সমবেদনা জনোৱাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰি মুখ্যমন্ত্ৰী আব্দুলাই লগতে আক্ৰমণস্থলীত স্থানীয় আৰু প্ৰব্ৰজিত বহু শ্ৰমিক থকাৰ বাবে নিহতৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱনা প্ৰকাশ কৰে।