শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

চিকিৎসালয়ৰ ICU ৱাৰ্ডত ভয়াৱহ অগ্নিকাণ্ডঃ প্ৰাণ হেৰুৱালে ৬জন ৰোগীয়ে, পৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে

চিকিৎসালয়খনৰ ট্ৰমা চেণ্টাৰৰ ভাৰপ্ৰাপ্ত বিষয়াই অগ্নিকাণ্ডত ৬ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে। শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি তেওঁ অনুমান প্ৰকাশ কৰে। চিকিৎসাধীন ৰোগীসকলৰ অৱস্থা অত্যন্ত সংকটজনক আছিল আৰু অধিকাংশ ৰোগীয়েই ক'মাত থকা বুলিও তেওঁ সদৰী কৰে।

চিকিৎসালয়ৰ ICU ৱাৰ্ডত ভয়াৱহ অগ্নিকাণ্ডঃ প্ৰাণ হেৰুৱালে ৬জন ৰোগীয়ে, পৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে
চিকিৎসালয়ৰ ICUত ভয়ংকৰ অগ্নিকাণ্ডImage Credit source: X / ANI
monjit-dutta
Monjit Dutta | Updated On: 06 Oct 2025 07:31 AM

এক ভয়াৱহ অগ্নিকাণ্ডই যোৱা নিশা জোকাৰি তোলে ৰাজস্থানক। ৰাজ্যখনৰ ৰাজধানী জয়পুৰস্থিত ছাৱাই মান সিং হাস্পতালৰ ট্ৰমা চেণ্টাৰৰ আই চি ইউ ৱাৰ্ডত যোৱা নিশা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই ঘটনাত শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছে ৬ জনকৈ চিকিৎসাধীন অৱস্থাত থকা ৰোগীয়ে। আনহাতে কথমপি প্ৰাণ ৰক্ষা পৰিছে সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা আন কেইজনমান ৰোগীয়ে। হাস্পতালৰ চিকিৎসক, নাৰ্ছ তথা কৰ্মচাৰীয়ে তৎপৰতা দেখুৱাই এই ৰোগীসকলক নিৰাপদে ৰাখিবলৈ সক্ষম হয়।

ঘটনাৰ সন্দৰ্ভত খবৰ লাভ কৰাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ যথেষ্ট চেষ্টাৰ অন্তত জুই নিয়ন্ত্ৰণলৈ আনে। ইফালে এই ঘটনাৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ভজন লাল শৰ্মা তাৎক্ষণিকভাৱে চিকিৎসালয়খনত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

চিকিৎসালয়খনৰ ট্ৰমা চেণ্টাৰৰ ভাৰপ্ৰাপ্ত বিষয়া অনুৰাগ ঢাকাড়ে এই অগ্নিকাণ্ডত ৬ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে। শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি তেওঁ অনুমান প্ৰকাশ কৰে। বিষয়াগৰাকীয়ে লগতে উল্লেখ কৰা মতে চিকিৎসাধীন ৰোগীসকলৰ অৱস্থা অত্যন্ত সংকটজনক আছিল।

অধিকাংশ ৰোগীয়েই ক’মাত থকা বুলিও তেওঁ সদৰী কৰে। ইফালে জুইৰ ফলত নিৰ্গত বিষাক্ত গেছে ৰোগীসকলৰ অৱস্থা আৰু বেয়া কৰি তুলিছিল বুলি উল্লেখ কৰি ঢাকাড়ে লগতে ৫জনৰ অৱস্থা অত্যন্ত সংকটজনক বুলি জানিবলৈ দিছে। অগ্নিকাণ্ডৰ পিছতে ৰোগীসকলক তাৎক্ষণিকভাৱে তলৰ মহলাৰ আই চি ইউলৈ স্থানান্তৰিত কৰা বুলি তেওঁ সদৰী কৰে।

 

অৱশ্যে তাৎক্ষণিক চেষ্টাৰ পিছতো ৬ জন ৰোগীৰ প্ৰাণৰক্ষা কৰিব পৰা নগ’ল বুলি শোক প্ৰকাশ কৰে ঢাকাড়ে। নিহত ৰোগীসকলৰ ভিতৰত দুগৰাকী মহিলা আৰু চাৰিজন পুৰুষ ৰোগী আছিল বুলি তেওঁ জানিবলৈ দিয়ে। অগ্নিকাণ্ডৰ ভয়াৱহতাৰ মাজতে ট্ৰমা ICUৰ পৰা ১১ জন আৰু কাষৰ ICUৰ পৰা ১৩ জনসহ মুঠ ২৪ জন ৰোগীক স্থানান্তৰ কৰা বুলিও তেওঁ কয়।

এই অগ্নিকাণ্ড সন্দৰ্ভত ৰাজস্থানৰ মন্ত্ৰী জৱাহৰ সিং বেধামে কয়, “চৰ্ট চাৰ্কিটৰ ফলত ICUত অগ্নিকাণ্ড সংঘটিত হোৱাৰ তথ্য লাভ কৰি মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা উপস্থিত হৈছে। এই ঘটনা অত্যন্ত দুৰ্ভাগ্যজনক। একাংশ লোকে প্ৰাণ হেৰুৱাইছে।” চিকিৎসালয় প্ৰশাসনে হতাহতৰ সংখ্যা প্ৰকাশ কৰিব বুলি উল্লেখ কৰি তেওঁ লগতে উদ্ধাৰ হোৱা ৰোগীসকলৰ চিকিৎসা এতিয়া প্ৰধান কৰ্তব্য বুলি তেওঁ কয়।

সম্প্ৰতি ছাৱাই মান সিং হাস্পতাল প্ৰশাসনে এই অগ্নিকাণ্ডৰ তদন্তৰ নিৰ্দেশ দিছে। আনহাতে আৰক্ষী আৰু ফৰেনছিক দলে অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত বিতং তদন্ত অব্যাহত ৰাখিছে। এই দুৰ্ঘটনাৰ পিছত সমগ্ৰ চিকিৎসালয় চৌহদত নিৰাপত্তাৰ ব্যৱস্থা আৰু অগ্নিনিৰ্বাপক ব্যৱস্থাও পুনৰীক্ষণ কৰা হৈছে।