Bangladeshi Nationals Detained : আকৌ মহিলাসহ ৬ বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক…
বাংলাদেশৰ পৰা ভাৰতত অবৈধভাৱে প্ৰৱেশৰ চেষ্টা কৰা দুগৰাকী মহিলাকে ধৰি ছয়জন বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক কৰিছে আৰক্ষীয়ে । ইফালে, আটক কৰা অনুপ্ৰৱেশকাৰী কেইজনক তালাচী চলোৱাৰ পাছতে পুনৰ চুবুৰীয়া দেশখনৰ কৰ্তৃপক্ষক গতাই দিয়া হয় ।
পুনৰ বাংলাদেশী নাগৰিকক আটক কৰিছে অসম আৰক্ষীয়ে । সূত্ৰ খবৰ অনুসৰি, বাংলাদেশৰ পৰা ভাৰতত অবৈধভাৱে প্ৰৱেশৰ চেষ্টা কৰা দুগৰাকী মহিলাকে ধৰি ছয়জন বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক কৰিছে আৰক্ষীয়ে । ইফালে, আটক কৰা অনুপ্ৰৱেশকাৰী কেইজনক তালাচী চলোৱাৰ পাছতে পুনৰ চুবুৰীয়া দেশখনৰ কৰ্তৃপক্ষক গতাই দিয়া হয় । জানিব পৰা মতে, আটকাধীন বাংলাদেশী নাগৰিক কেইজনৰ নাম হৈছে মঃ দিদাৰুল ইছলাম,সন্তু খান, ইছমাইল হুছেইন ৰাহাট, ছাকিব হুছেইন, শতি আখতাৰ আৰু মিম ছেইখ। ইফালে বাংলাদেশী কেইজন আটক কৰা খবৰ সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰি সীমান্তত অসম আৰক্ষীৰ সতৰ্কতাক পুনৰ আলোকপাত কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশ ৰোধ কৰাৰ বাবে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে । এই সতৰ্কতা পদক্ষেপৰ অংশ হিচাপে অসম আৰক্ষীয়ে ৬ জন বাংলাদেশী নাগৰিকক আটক কৰি পুনৰ বিতাৰিত কৰিছে । আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰত অনুপ্ৰৱেশৰ চেষ্টা চলাইছিল এই বাংলাদেশী কেইজনে ।
উল্লেখ্য যে,ভাৰত-বাংলাদেশ সীমান্তৰ কোনটো খণ্ডৰ পৰা তেওঁলোকক আটক কৰি বিতাৰিত কৰা হৈছিল সেই কথা এতিয়াও জানিব পৰা হোৱা নাই । চলিত বৰ্ষৰ আগষ্ট মাহত চুবুৰীয়া দেশখনত অস্থিৰতাৰ সৃষ্টি হোৱাৰ পিছত অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা ১৬৭ জন লোকক আটক কৰি বিতাৰিত কৰা হৈছে । বাংলাদেশত অশান্তি আৰম্ভ হোৱাৰ পাছৰে পৰা উত্তৰ-পূৰ্বাঞ্চলৰ ১৮৮৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত-বাংলাদেশ সীমান্তত বি এছ এফে সতৰ্কতা তীব্ৰতৰ কৰি তুলিছে। একেদৰে অসম আৰক্ষীয়েও ভাৰত-বাংলাদেশ সীমান্তত হাই এলাৰ্ট বজাই ৰাখিছে ।
ইফালে, চলিত মাহৰ আৰম্ভণিতে বাংলাদেশত শেহতীয়া ধৰ্মীয় নিৰ্যাতন আৰু সংখ্যালঘু ওপৰত আক্ৰমণৰ ঘটনাক লৈ ভাৰতৰ হিন্দু সমাজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে । দেশৰ বিভিন্ন প্ৰান্তত হোৱাৰ প্ৰতিবাদৰ অংশ হিচাপে বাংলাদেশৰ সংখ্যালঘুৰ ওপৰত হোৱা নিৰ্যাতন বন্ধ কৰাৰ দাবীত অসমৰ বৰাক উপত্যকাৰ তিনিখন জিলাৰ হোটেল-ৰেষ্টুৰেণ্টত বাংলাদেশী নাগৰিকক আতিথ্য নিষিদ্ধ কৰা হৈছে ।
বিশেষকৈ ইস্কনৰ সদস্য চিন্ময় কৃষ্ণ দাস প্ৰভুক গ্ৰেপ্তাৰ কৰা ঘটনাই অধিক প্ৰভাৱিত কৰিছে ভাৰতবৰ্ষৰ হিন্দু সমাজক। একে সময়তে সদৌ ত্ৰিপুৰা হোটেল আৰু ৰেষ্টুৰেণ্টৰ মালিক সন্থাইও বাংলাদেশী নাগৰিকৰ বাবে হোটেল সেৱা বন্ধ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল।