শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

উত্তৰাখণ্ডত ভয়ংকৰ দুৰ্ঘটনাঃ হিমবাহ বিস্ফোৰণত বৰফত আৱদ্ধ ৫৭ জন, অব্যাহত উদ্ধাৰ অভিযান

চামোলী জিলাস্থিত বদ্ৰীনাথ ধামত হিমবাহ বিস্ফোৰণৰ ফলত ৫৭ জন শ্ৰমিক বৰফৰ তলত আৱদ্ধ হৈ পৰিছে। আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰৰ বাবে প্ৰশাসনে তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে। ঘটনাস্থলীৰ পৰা এই পৰ্যন্ত ১০ জন শ্ৰমিকক নিৰাপদে উলিয়াই অনা হৈছে যদিও ৪৭ জন শ্ৰমিক এতিয়াও বৰফৰ মাজত আৱদ্ধ হৈ আছে।

উত্তৰাখণ্ডত ভয়ংকৰ দুৰ্ঘটনাঃ হিমবাহ বিস্ফোৰণত বৰফত আৱদ্ধ ৫৭ জন, অব্যাহত উদ্ধাৰ অভিযান
প্ৰতিনিধিত্বমূলক ছবি
Monjit Dutta
Monjit Dutta | Updated On: 28 Feb 2025 14:54 PM

পাহাৰীয়া ৰাজ্য উত্তৰাখণ্ডত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। ৰাজ্যখনৰ চামোলী জিলাস্থিত বদ্ৰীনাথ ধামত হিমবাহ বিস্ফোৰণৰ ফলত ৫৭ জন শ্ৰমিক বৰফৰ তলত আৱদ্ধ হৈ পৰিছে। আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰৰ বাবে প্ৰশাসনে তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে। ঘটনাস্থলীৰ পৰা এই পৰ্যন্ত ১০ জন শ্ৰমিকক নিৰাপদে উলিয়াই অনা হৈছে যদিও ৪৭ জন শ্ৰমিক এতিয়াও বৰফৰ মাজত আৱদ্ধ হৈ আছে। শ্ৰমিকসকলৰ উদ্ধাৰৰ বাবে তীব্ৰতৰ কৰি তোলা হৈছে উদ্ধাৰ অভিযান। ঘটনাস্থলীত নিয়োজিত হৈ আছে উদ্ধাৰকাৰী দলৰ বৃ্হৎ সংখ্যক কৰ্মী।

এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত এই শ্ৰমিকসকল বদ্ৰীনাথ ধামত পথ নিৰ্মাণৰ কামত নিয়োজিত হৈ আছিল। উত্তৰাখণ্ডত সম্প্ৰতি চৰধাম যাত্ৰাৰ দিন ঘোষণা কৰা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বদ্ৰীনাথ ধামৰ পৰা তিনি কিলোমিটাৰ দূৰত্বৰ মানাৰ সমীপত পথৰ পৰা বৰফ আঁতৰাই দ্ৰুত গতিত পথ মেৰামতিৰ কাম চলাই থকা হৈছে। এগৰাকী ব্যক্তিগত ঠিকাদাৰৰ অধীনত ৫৭ জন শ্ৰমিকে পথৰ পৰা বৰফ আঁতৰাই আছিল।

সেই সময়তে হঠাতে পাহাৰৰ ওপৰত হিমবাহ বিস্ফোৰণ ঘটে আৰু ওপৰৰ পৰা বাগৰি অহা বৰফে শ্ৰমিকসকলক পুতি পেলায়। এই ভয়ংকৰ দুৰ্ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে চামোলী জিলা আৰক্ষী-প্ৰশাসনৰ বিষয়াৰ এটা দলৰ লগতে ব’ৰ্ডাৰ ৰ’ড অৰ্গেনাইজেচন, চমুকৈ BROৰ সদস্য ঘটনাস্থলীত উপস্থিত হয়। প্ৰশাসনিক দলটোৱে লগে লগে উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু কিছু সময়ৰ ভিতৰতে ১০ জন শ্ৰমিকক নিৰাপদে উদ্ধাৰ কৰে।

ঘটনা সন্দৰ্ভত ব’ৰ্ডাৰ ৰ’ড অৰ্গেনাইজেচনৰ কমাণ্ডাৰ অংকুৰ মহাজনে জানিবলৈ দিয়া মতে, মানা গাঁৱৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰত্বৰ সেনা শিবিৰৰ সমীপৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা। আজি পুৱা প্ৰায় ৮ বজাত হিমবাহ বিস্ফোৰণ সন্ধৰ্ভত তথ্য লাভ কৰা বুলি জানিবলৈ দি বিষয়াগৰাকীয়ে লগতে এই তথ্য লাভ কৰাৰ লগে লগে উদ্ধাৰ অভিযান আৰম্ভ কৰা হয় বুলি সদৰী কৰে।

সম্প্ৰতি ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (SDRF), ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (NDRF), জিলা প্ৰশাসন, ইণ্ডো-তিব্বেতান ব’ৰ্ডাৰ পুলিচ (ITBP) আৰু ব’ৰ্ডাৰ ৰ’ড অৰ্গেনাইজেচন (BRO)ৰ দলে ঘটনাস্থলীত উদ্ধাৰ অভিযান চলাই আছে। শ্ৰমিকসকলক উদ্ধাৰৰ লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ উদ্দেশ্যে চাৰিখন এম্বুলেঞ্চ ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছে। ইতিমধ্যে উদ্ধাৰ হোৱা শ্ৰমিকসকলক চিকিৎসাৰ বাবে মানাৰ সমীপৰ সেনা শিবিৰলৈ লৈ যোৱা হৈছে।