শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

প্ৰেম! ৫০ বছৰীয়া প্ৰেমিকৰ সৈতে বিবাহপাশত আৱদ্ধ ১৮ বছৰীয়া যুৱতী…

প্ৰেম! প্ৰেমৰ বাবে মানুহে কি কি নকৰে! শেহতীয়াকৈ পোহৰলৈ অহা এনে এক ঘটনাই চকু কঁপালত তুলিব আপোনাৰ। জানিব পৰা মতে, ১৮ বছৰীয়া এগৰাকী যুৱতী বিবাহপাশত আৱদ্ধ হয় ৫০ বছৰীয়া এজনলোকৰ সৈতে।

প্ৰেম! ৫০ বছৰীয়া প্ৰেমিকৰ সৈতে বিবাহপাশত আৱদ্ধ ১৮ বছৰীয়া যুৱতী…
যুৱতীগৰাকী আৰু প্ৰকাশImage Credit source: tv9 hindi
Barasha Sarma
Barasha Sarma | Published: 18 Feb 2025 09:17 AM

প্ৰেমৰ বাবে মানুহে কি কি নকৰে! কোৱা হয়, প্ৰেমত নাথাকে কোনো বয়সৰ সীমনা! এনে এক ঘটনাই শেহতীয়াকৈ পোহৰলৈ আহিছে য’ত এগৰাকী ১৮ বছৰীয়া যুৱতীয়ে প্ৰেমত পৰে ৫০ বছৰীয়া এজনলোকৰ। কেৱল ইমানেই নহয়, এই লোকজনৰ সৈতে তেওঁ বিবাহপাশতো আৱদ্ধ হয়। দুয়োৰে বিয়াৰ ফটো সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতে বিভিন্নজনে বহু প্ৰতিক্ৰিয়া আগবঢ়াইছে।

জানিব পৰা মতে,আজিৰ পৰা প্ৰায় ডেৰ মাহ পূৰ্বে ৩ জানুৱাৰীত আইতাকৰ ঘৰৰ পৰা নিৰুদ্দেশ হৈছিল এগৰাকী ১৮ বছৰীয়া যুৱতী। পৰৱৰ্তী সময়ত যুৱতীগৰাকীৰ পৰিয়ালৰলোকে অভিযোগ উত্থাপন কৰিছিল যে তেওঁলোকৰ কন্যাক ৫০ বছৰীয়া প্ৰকাশে অপহৰণ কৰিছে। ৫০ বছৰীয়া এইলোকেজন প্ৰেমত পৰিছিল ১৮ বছৰীয়া যুৱতীগৰাকীৰ। কেইবাদিন ধৰি চলা প্ৰেমৰ অন্তত প্ৰকাশে যুৱতীগৰাকীক  লৈ যায়।

এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ কোহ্লাপুৰত। পোহৰলৈ অহা তথ্য অনুসৰি যুৱতীগৰাকী কৰ্ণাটকৰ হুবলীৰ বাসিন্দা আৰু যোৱা কেইটামান দিন ধৰি তেওঁ আইতাকৰ ঘৰত আছিল। কিন্তু হঠাতে এদিন আইতাকৰ ঘৰৰ পৰাই যুৱতীগৰাকী নিৰুদ্দেশ হয়। পৰিয়ালৰলোকে যুৱতীগৰাকীৰ কোনো সম্ভেদ নাপাই আৰক্ষীৰ ওচৰ চাপিছিল। কিন্তু আৰক্ষীৰ তদন্তত পোহৰলৈ আহে এক ডাঙৰ সত্য।

পোহৰলৈ অহা তথ্য অনুসৰি, ১৮ বছৰীয়া যুৱতীগৰাকীয়ে প্ৰকাশৰ লগত ইতিমধ্যে বিবাহপাশত আৱদ্ধ হৈছে। প্ৰকাশ নিৰাপত্তা বিভাগত কাম কৰে। যুৱতীগৰাকীৰ সৈতে প্ৰকাশৰ এয়া দ্বিতীয় বিবাহ। প্ৰথম পত্নীৰ পৰা প্ৰকাশৰ দুটাকৈ সন্তানো আছে। কিন্তু তাৰ পাছতো প্ৰকাশে যুৱতীগৰাকীৰ সৈতে বিয়া পাতি ফটো সামাজিক মাধ্যমত পোষ্ট কৰে।

জানিব পৰা মতে, যুৱতীগৰাকী আৰু প্ৰকাশৰ মাজত পূৰ্বৰ পৰা প্ৰেম আছিল। যোৱা ২ বছৰ ধৰি দুয়োৰে মাজত প্ৰেম আছিল আৰু এই কথা যুৱতীগৰাকীৰ পৰিয়ালৰলোকে জানিছিল। কিন্তু এই সম্পৰ্কটোত পৰিয়ালৰলোকে আপত্তি দৰ্শাই যুৱতীগৰাকীক প্ৰকাশৰ সৈকে সম্পৰ্ক শেষ কৰাৰ কথা হৈছিল। সেই সময়ত যুৱতীগৰাকী কিশোৰী অৱস্থাত আছিল, যাৰ বাবে পৰিয়ালৰলোকে প্ৰকাশৰ বিৰুদ্ধে পকচো আইনৰ অধীনত গোচৰ ৰুজু কৰিছিল।

এই ঘটনাৰ পাছতে পৰিয়ালৰলোকে যুৱতীগৰাকীক আইতাকৰ ঘৰ মহাৰাষ্ট্ৰত ৰাখিছিল। পৰিয়ালৰলোকে শংকিত হৈছিল যে যদিহে যুৱতীগৰাকী কৰ্ণাটকত থাকে তেন্তে কোনো সমস্যাৰ সন্মুখী হ’ব পাৰে। কিন্তু ইমানখিনি সাৱধানতাৰ পাছতো যুৱতীগৰাকীয়ে পলাই গৈ প্ৰকাশৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। প্ৰথম অৱস্থাত এয়া এক অপহৰণ কাণ্ড বুলি সন্দেহ কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত ইয়াৰ অন্য এক কাৰণহে পোহৰলৈ আহে।