শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কোলাত ৬ মহীয়া সন্তান, মাতৃয়ে কৰিলে এনে কাণ্ড…মুহূৰ্ততে সকলো শেষ

প্ৰাথমিক তদন্তত জানিব পৰা মতে, ঘটনাৰ সময়ত সুমন ঘৰৰ পিছফালে থকা এটা কোঠাত অকলে আছিল। তেওঁ স্বামী কৈলাশ সদায়ৰ দৰে ফেক্টৰীত কাম কৰিবলৈ গৈছিল। সেই সময়ত তেওঁৰ শাহ-শহুৰ কোনোবা আত্মীয়ৰ ঘৰলৈ গৈছিল। প্ৰায় তিনি ঘণ্টাৰ পিছত যেতিয়া পৰিয়ালটো ঘৰলৈ ঘূৰি আহিছিল, তেতিয়া সুমনে দুৱাৰখন খুলি দিয়া নাছিল।

কোলাত ৬ মহীয়া সন্তান, মাতৃয়ে কৰিলে এনে কাণ্ড…মুহূৰ্ততে সকলো শেষ
কোঠাৰ ভিতৰত মাতৃৰ ভয়ংকৰ কাণ্ড!
trishna-kalita
Trishna Kalita | Updated On: 11 Oct 2025 16:01 PM

এক কৰুণ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ। বৃহস্পতিবাৰে সন্ধিয়া এগৰাকী নৱবিবাহিত মহিলাই নিজৰ ৬ মহীয়া পুত্ৰক কোলাত বহুৱাই নিজৰ ওপৰত এচিড ঢালি দিয়ে। সেই সময়ত ঘৰত অকলে আছিল মাতৃ-পুত্ৰ।  এচিডৰ ফলত দুয়োজনেই জ্বলি গৈছিল। পৰিয়ালৰ লোকে তেওঁলোকক পাই ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায়। য’ত বৃহস্পতিবাৰে নিশা শিশুটি আৰু শুকুৰবাৰে পুৱা মাতৃৰ মৃত্যু হয়।

মধ্যপ্ৰদেশৰ ইন্দোৰত ৰাউ থানা এলেকাৰ অন্তৰ্গত ব্রিজ বিহাৰ কলনীত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীয়ে জনোৱা মতে, এই ঘটনা সংঘটিত হয় প্ৰায় বৃহস্পতিবাৰে সন্ধিয়া। তেওঁলোকে চিকিৎসালয়ৰ পৰা ঘটনা সন্দৰ্ভত তথ্য লাভ কৰে।

তথ্য অনুসৰি কৈলাশ পেটেলে পৰিয়ালৰ সৈতে বাস কৰে। য’ত তেওঁৰ ২৩ বছৰীয়া পত্নী সুমনে তেওঁলোকৰ ৬ মহীয়া পুত্ৰ প্ৰথামৰ ওপৰত এচিড ঢালি দিয়ে। পৰিয়ালৰ লোকৰ মতে তেওঁলোকৰ বিবাহৰ তিনি বছৰ হ’ল। সুমন অধিক সময় ঘৰতে আছিল। ঘটনাৰ পিছৰে পৰা পৰিয়াল আৰু দাঁতিকাষৰীয়া অঞ্চল শোকত ভাগি পৰিছে।

প্ৰাথমিক তদন্তত জানিব পৰা মতে, ঘটনাৰ সময়ত সুমন ঘৰৰ পিছফালে থকা এটা কোঠাত অকলে আছিল। তেওঁ স্বামী কৈলাশ সদায়ৰ দৰে ফেক্টৰীত কাম কৰিবলৈ গৈছিল। সেই সময়ত তেওঁৰ শাহ-শহুৰ কোনোবা আত্মীয়ৰ ঘৰলৈ গৈছিল। প্ৰায় তিনি ঘণ্টাৰ পিছত যেতিয়া পৰিয়ালটো ঘৰলৈ ঘূৰি আহিছিল, তেতিয়া সুমনে দুৱাৰখন খুলি দিয়া নাছিল। প্ৰথম অৱস্থাত তেওঁলোকে সুমন সন্তানৰ লগত শুই থকা বুলি ভাবিছিল। যেতিয়া তেওঁলোকে বাৰে বাৰে মাত মাতিছিল। তাৰ পিছতো তেওঁলোকে কোনো সঁহাৰি নোপোৱাত দুৱাখন ভাঙি দিয়া হয়।

ভিতৰৰ দৃশ্যই সকলোকে স্তম্ভিত কৰি তুলিলে। বেয়াকৈ জ্বলি গৈছিল মহিলাগৰাকী আৰু শিশুটি। পাৰিবাৰিক বিবাদক আত্মহত্যাৰ আঁৰৰ সম্ভাৱ্য কাৰণ বুলি কোৱা হৈছে। ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি দুয়োটা মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিছে ৰাউ আৰক্ষীয়ে। সম্প্ৰতি আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। সুমনৰ পিতৃ-মাতৃকো সোধা-পোছা কৰা হ’ব।