শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কেৱল কলকাতাতে নহয়, পূৰ্বেও দেশত চিকিৎসকৰ সৈতে সংঘটিত হৈছে বহুতো ভয়ংকৰ কাণ্ড

কলকাতাত এজন প্ৰশিক্ষাৰ্থী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাই আকৌ এবাৰ চিকিৎসকসকলৰ সুৰক্ষাৰ বিষয়টোক লৈ প্ৰশ্ন উত্থাপন কৰিছে। ইয়াৰ আগতেও চিকিৎসকৰ সৈতে ধৰ্ষণ, আক্ৰমণ, ডকাইতি আৰু ৰাজহুৱা হত্যাৰ ঘটনা সংঘটিত হৈছে। ইয়াৰ ভিতৰত ৫টা ডাঙৰ ঘটনাৰ বিষয়ে জানো আহক।

কেৱল কলকাতাতে নহয়, পূৰ্বেও দেশত চিকিৎসকৰ সৈতে সংঘটিত হৈছে বহুতো ভয়ংকৰ কাণ্ড
দেশত চিকিৎসকৰ সৈতে সংঘটিত হৈছে ভয়ংকৰ কাণ্ড
trishna-kalita
Trishna Kalita | Updated On: 15 Aug 2024 09:42 AM

কলকাতাত এগৰাকী প্ৰশিক্ষাৰ্থী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাই আকৌ এবাৰ চিকিৎসকসকলৰ সুৰক্ষাৰ বিষয়টোক লৈ প্ৰশ্ন উত্থাপন কৰিছে। এয়া প্ৰথমবাৰৰ বাবে নহয় যে এজন চিকিৎসক নিৰ্মম ঘটনাৰ ভুক্তভোগী হৈছে। ইয়াৰ আগতেও চিকিৎসকৰ সৈতে ধৰ্ষণ, আক্ৰমণ, ডকাইতি আৰু ৰাজহুৱা হত্যাৰ ঘটনা সংঘটিত হৈছে। এই কাৰণেই কলকাতাৰ আৰজিকেআৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত জঘন্য ঘটনাৰ পাছৰে পৰা চিকিৎসকসকলে ধৰ্মঘট কৰি আহিছে।

আৱাসী চিকিৎসকসকলৰ সংগঠন ফেডাৰেচন অফ ৰেচিডেণ্ট ডক্টৰ্ছ এছ’চিয়েশ্যনে (FORDA) কেন্দ্ৰীয় স্বাস্থ্য সুৰক্ষা আইনৰ দাবী কৰি আহিছে। চিকিৎসকসকলৰ সুৰক্ষাৰ বাবে চৰকাৰে পৰামৰ্শ জাৰী কৰা স্বত্বেও তেওঁলোকৰ খং কম হোৱা নাই। ইয়াৰ কাৰণ হৈছে চিকিৎসকসকলৰ সৈতে সঘনাই সংঘটিত হোৱা ঘটনাবোৰ। চেন্নাইৰ চিকিৎসক দম্পতীৰ হত্যাৰ গোচৰ হওঁক বা হায়দৰাবাদ দলবদ্ধ ধৰ্ষণৰ গোচৰ হওঁক, চিকিৎসকসকলক কেৱল অত্যাচাৰ চলোৱাই নহয় নৃশংসভাৱে হত্যাও কৰা হৈছিল। এনেকুৱা ৫টা ঘটনাৰ বিষয়ে জানো আহক।

 

এই বছৰৰ আৰম্ভণিতে চেন্নাইৰ মিত্তানমাল্লী গান্ধী অঞ্চলত এটা চিকিৎসক দম্পতীক ডিঙি কাটি হত্যা কৰা গৈছিল। আক্ৰমণকাৰীসকলে চিকিৎসাৰ অজুহাতত ঘৰত প্ৰৱেশ কৰিছিল। শিৱন নায়াৰ আৰু তেওঁৰ পত্নী প্ৰসন্ন কুমাৰীয়ে ঘৰত সিদ্ধ ক্লিনিক চলাই আছিল। কেৰালাৰ বাসিন্দা এই দম্পতীৰ পুত্ৰও এজন চিকিৎসক। যেতিয়া তেওঁ ৰোগীসকলৰ চিকিৎসা কৰি আছিল, আক্ৰমণকাৰীসকলে ৰোগীৰ বেশ লৈ আহিছিল আৰু চিকিৎসক দম্পতীক হত্যা কৰিছিল।

২০২১ চনত সীতাপুৰৰ হৰ গাঁও অঞ্চলত ড০ মুনিন্দ্ৰক ৰাজহুৱাভাৱে তৰোৱালেৰে আঘাত কৰি হত্যা কৰা হৈছিল। মুনিন্দ্ৰৰ চহৰখনৰ কমলা হাস্পতাল নামত এখন ক্লিনিক আছিল। তেওঁ আবেলি ক্লিনিকত ৰোগীসকলক চাই আছিল । সেইসময়তে গাঁওখনৰ বাসিন্দা অচ্ছে লালে তৰোৱাল লৈ ক্লিনিকত প্ৰৱেশ কৰিছিল আৰু মৃত্যু নোহোৱালৈকে চিকিৎসকজনক আক্ৰমণ কৰিছিল। আক্ৰমণকাৰীজনে চিকিৎসকজনক এনেদৰে আঘাত কৰিছিল যে তেওঁৰ এখন হাতৰ বাহু কাটি দিয়া হৈছিল আৰু আনখন হাত কাটি শৰীৰৰ পৰা পৃথক কৰা হৈছিল। চিকিৎসকজনৰ ডিঙিটো আঘাত কৰা হৈছিল।

২০১৯ চনত হায়দৰাবাদত এজন পশু চিকিৎসকক নিৰ্মমভাৱে দলবদ্ধ ধৰ্ষণ আৰু হত্যা কৰা হৈছিল। নিশা পলমকৈ ক্লিনিকৰ পৰা উভতি অহা চিকিৎসকজনক প্ৰথমে অভিযুক্তজনে অপহৰণ কৰে আৰু তাৰ পাছত দলবদ্ধ ধৰ্ষণ কৰি জ্বলাই হত্যা কৰে। ৰাজপথত তেওঁৰ মৃতদেহ পোৱাৰ পাছত যেতিয়া আৰক্ষীয়ে অনুসন্ধান কৰিছিল তেওঁক দলবদ্ধ ধৰ্ষণ কৰাৰ তথ্য পোহৰলৈ আহিছিল। তেলেংগানা আৰক্ষীয়ে ঘটনাটোৰ ৯ দিনৰ ভিতৰত এই গোচৰত অভিযুক্ত চাৰিজনক এনকাউণ্টাৰ কৰি হত্যা কৰিছিল।

এই বছৰৰ আৰম্ভণিতে দিল্লীৰ জংপুৰা অঞ্চলত ড০ পলক হত্যা কৰা হৈছিল। ঘটনাটো ডকাইতিৰ উদ্দেশ্যৰে সংঘটিত হৈছিল। য’ত ৫জন লোক জড়িত আছিল। তেওঁলোকৰ ভিতৰত চিকিৎসকজনৰ ঘৰুৱা সহায়ককো গ্ৰেপ্তাৰ কৰা হৈছিল। যাক ঘটনাৰ মাষ্টাৰমাইণ্ড বুলি কোৱা হৈছিল। বনকৰা মহিলাগৰাকীয়ে ২৪ বছৰ ধৰি চিকিৎসকৰ ঘৰত কাম কৰি আছিল। আৰক্ষীয়ে চিচিটিভিৰ সহায়ত ঘটনাটো প্ৰকাশ কৰিছিল। য’ত ৪-৫ লোকক দেখা গৈছিল।
ইয়াৰ পাছত আৰক্ষীয়ে ঘৰুৱা সহায়কজনক গ্ৰেপ্তাৰ কৰে আৰু তেওঁক সোধা-পোছা কৰাৰ পাছত সকলো তথ্য প্ৰকাশ পাইছিল।

২০২১ চনত ৰাজস্থানৰ ভৰতপুৰত এখন গাড়ীত গৈ থকা দম্পতীক ৰখাই হত্যা কৰা হৈছিল। প্ৰকৃততে গাড়ীৰে যোৱা চিকিৎসক দম্পতীক বাইকত অহা দুৰ্বৃত্তই ৰখাইছিল। গাড়ীখন ৰখাৰ পাছত পিছফালে বাইকৰ বহি থকা যুৱকজন গাড়ীখনৰ ওচৰলৈ আহিছিল। যেতিয়া চিকিৎসকে গাড়ীখনৰ গ্লাচখন নমাই দিছিন, যুৱকজনে পিষ্টলেৰে চিকিৎসক দম্পতীৰ ওপৰত গুলীচালনা কৰে। আৰক্ষীয়ে জনোৱা অনুসৰি সুদীপ গুপ্তা আৰু তেওঁৰ পত্নী ড০ সীমাক ৰাস্তাৰ মাজত ৫বাৰকৈ গুলীওৱা হৈছিল। ঘটনাস্থলীতে তেওঁলোকৰ মৃত্যু হয়।

ইয়াৰ উপৰিও চিকিৎসকক আক্ৰমণ কৰাৰ ঘটনাও সাধাৰণ হৈ পৰিছে। বিগত বছৰো চিকিৎসকসকলক আক্ৰমণ কৰাৰ পাছত লোক নায়ক, জিবি পন্তকে ধৰি ৫ খন ডাঙৰ চিকিৎসালয়ৰ চিকিৎসকসকলে ধৰ্মঘট কৰিছিল। লোক নায়ক চিকিৎসালয়ৰ আৱাসিক চিকিৎসক সংস্থাই চিচিএমঅ’লৈ লিখা এখন পত্ৰ অনুসৰি বৃদ্ধ ৰোগী এজনক অতি সংকটজনক অৱস্থা চিকিৎসালয়লৈ অনা হৈছিল। তেওঁ মৃত্যু হোৱাৰ বাবে পৰিয়ালৰ সদস্যসকলে আৱাসী চিকিৎসকসকলক প্ৰহাৰ কৰে। ইয়াৰ পাছত চিকিৎসকসকলে প্ৰতিবাদ কৰিছিল। বিষয়টো ইমান বেয়া পৰিস্থিতিলৈ গৈছিল যে তেতিয়াৰ স্বাস্থ্যমন্ত্ৰীয়ে আশ্বাস দিব লগা হৈছিল।