5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

উৎসৱৰ সময়তে অঘটনঃ ৰাজ্যৰ বিভিন্ন স্থানত নদীত ডুবি মৃত্যু প্ৰায় ৩৯জনৰ

জিতিয়া উৎসৱত পৰম্পৰাগত নিয়ম পালন কৰাৰ সময়তে ৩৯ জন লোকৰ মৃত্যু হৈছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত জিতিয়া স্নানৰ সময়ত নদীত সলিল সমাধি ঘটিছে ৩৯ জন লোকৰ। দুৰ্ঘটনাত সাতটিকৈ শিশুৰ মৃত্যুত শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰী নীতিশ কুমাৰে মৃতকৰ পৰিয়াললৈ ৪ লাখকৈ টকাৰ এক্স গ্ৰেচিয়া ঘোষণা কৰিছে।

উৎসৱৰ সময়তে অঘটনঃ ৰাজ্যৰ বিভিন্ন স্থানত নদীত ডুবি মৃত্যু প্ৰায় ৩৯জনৰ
বিহাৰত অঘটন
monjit-dutta
Monjit Dutta | Updated On: 26 Sep 2024 14:20 PM

উৎসৱ পালনৰ সময়তে বিহাৰত উঠিছে মৃত্যুৰ কিৰিলি। বিহাৰত উদযাপন কৰা জিতিয়া উৎসৱত পৰম্পৰাগত নিয়ম পালন কৰাৰ সময়তে ৩৯ জন লোকৰ মৃত্যু হৈছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত জিতিয়া স্নানৰ সময়ত নদীত সলিল সমাধি ঘটিছে ৩৯ জন লোকৰ। নিহত লোকসকলৰ ভিতৰত বহুকেইগৰাকী শিশু বুলি জানিব পৰা গৈছে। ইয়াৰ ভিতৰত ঔৰংগাবাদ জিলাত সৰ্বাধিক লোকৰ মৃত্যু ঘটিছে। এনে শোকাৱহ ঘটনাই জোকাৰি তুলিছে ৰাজ্যখনক। ইফালে দুৰ্ঘটনাত সাতটিকৈ শিশুৰ মৃত্যুত শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰী নীতিশ কুমাৰে মৃতকৰ পৰিয়াললৈ ৪ লাখকৈ টকাৰ এক্স গ্ৰেচিয়া ঘোষণা কৰিছে।

প্ৰকাশিত খবৰ অনুসৰি বিহাৰৰ ১৪খন জিলাত জিতিয়া স্নানৰ সময়ত এনেদৰে নদীত ডুবি মৃত্যু হোৱাৰ ঘটনা সংঘটিত হৈছে। ঔৰংগাবাদত সৰ্বাধিক ১০ জন লোকৰ মৃত্যু হৈছে এনে ঘটনাত। ইয়াৰ বাহিৰেও চাপৰাত ৫ জন, ৰোহতাছত ৪ জন, কৈমূৰ, ছিৱান আৰু মতিহাৰীত ৩ জনকৈ লোকৰ মৃত্যু হৈছে। আনহাতে বেটিয়া আৰু বেগুছৰাইত এনে ঘটনাৰ ফলত দুজন লোকৰ মৃত্যু হৈছে।

তদুপৰি গোপালগঞ্জ, ভোজপুৰ, নালন্দা, দৰভঙা, মধুবনী, সমস্তীপুৰ আৰু আৰৱালত ১ জনকৈ লোকৰ মৃত্যুৰ খবৰ পোহৰলৈ আহিছে। বুধবাৰে জিতিয়া উৎসৱ অনুসৰি ৰাজ্যখনৰ মহিলাসকলে নিজ সন্তানৰ দীৰ্ঘায়ু কামনাৰে ব্ৰত পালন কৰি ধৰ্মীয় ৰীতি-নীতি পালন কৰিছিল। এনে ৰীতি নীতি পালনৰ সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হয় শোকাৱহ ঘটনা।

তথ্য অনুসৰি ঔৰংগাবাদ জিলাত সংঘটিত এনে দুটা শোকাৱহ ঘটনাত ৮টি শিশুৰ মৃত্যু হয়। জিলাখনৰ বৰুণ থানা এলেকাত সংঘটিত হয় প্ৰথমটো ঘটনা। ৰীতি অনুসৰি নদীত স্নান কৰি আছিল কেইগৰাকীমান মহিলা আৰু কন্যা কিশোৰী-শিশু। মহিলাকেইগৰাকীয়ে গা ধুই ওচৰৰ মন্দিৰলৈ পূজা কৰিবলৈ যায় যদিও কন্যা কিশোৰী-শিশুকেইগৰাকী নদীত গা ধুই আছিল।

এগৰাকী কন্যা শিশু গভীৰ পানীত পৰি উটি দেখি শিশুটিৰ জ্যেষ্ঠ ভগ্নীয়ে সহায়ৰ বাবে আগবাঢ়ি যায় যদিও কিশোৰীগৰাকীও ডুব যায়। এনে পৰিস্থিতিত লগত থকা আন তিনিগৰাকী কিশোৰীও আগবাঢ়ি যায়। কিন্তু তেওঁলোকো কিছুসময়ৰ ভিতৰতে পানীত ডুব যায়। ইফালে সেইস্থানত থকা একাংশ লোক লগে লগে সহায়ৰ বাবে আগবাঢ়ি যায় যদিও এগৰাকী কিশোৰীকহে জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আনহাতে মৃত্যু হয় আনকেইগৰাকী কিশোৰী-শিশুৰ।

দ্বিতীয়টো ঘটনা সংঘটিত হৈছে জিলাখনৰ মদনপুৰ থানা এলেকাৰ কুশাহাত। নদীত গা ধুই থকাৰ সময়তে গভীৰ পানীত পৰি ডুব যোৱাৰ উপক্ৰম হয় ১৮ টিকৈ শিশু। আতংকিত শিশুকেইটিৰ চিঞৰ শুনি  সেইস্থানত উপস্থিত থকা কিছু লোক তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযানত নামি পৰে। তেওঁলোকৰ তৎপৰতাত প্ৰাণৰক্ষা পৰে ১৪টি শিশুৰ। আনহাতে মৃত্যু হয় চাৰিটা শিশুৰ।

এনে অনুৰূপ ঘটনা ৰাজ্যখনৰ আনকেইখন জিলাতো সংঘটিত হৈছে। ইফালে এনে শোকাৱহ ঘটনাত নিহত লোকসকলৰ পৰিয়ালত এতিয়া শোকাকুল পৰিস্থিতিৰ স্থিতি হৈছে। উৎসৱৰ সময়ত সংঘটিত হোৱা এনে শোকাৱহ ঘটনাই উৎসৱৰ আনন্দ ম্লান কৰি তোলে। ৰাজ্যজুৰি সৃষ্টি হোৱা এনে হৃদয় বিদাৰক ঘটনাত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে।

Latest News