দৰাৰ বয়স ২৫, কইনাৰ ৫২! স্বামী, সন্তানক এৰি নাতিয়েকসম যুৱকৰ সৈতে তৃতীয় বিবাহ মহিলাৰ…
আপুনি জানো বহু প্ৰেমৰ কাহিনী শুনিছে। কিন্তু কেতিয়াবা আইতা-নাতিৰ প্ৰেমৰ সম্পৰ্কৰ কথা শুনিছেনে? আচৰিত হ'লেও এয়াই সত্য। এজন যুৱকৰ সৈতে বিয়া পাতে ৫২ বছৰীয়া এগৰাকী মহিলাই।

প্ৰেম! কোৱা হয়, প্ৰেমে নামানে বয়সৰ সীমনা, প্ৰেমে নামানে জাতি-ভেদ। কিন্তু আইতাকৰ বয়সৰ এগৰাকী মহিলাৰ লগত যদি নাতিয়েকৰ বয়সৰ এজন যুৱকৰ প্ৰেম হৈ যায়? শুনিবলৈ আচৰিত লাগিলেও এয়াই সঁচা। উত্তৰ প্ৰদেশৰ আম্বেডকাৰ নগৰত সংঘটিত হৈছে এই ঘটনা, য’ত ৪ সন্তানৰ মাতৃ তথা ৫২ বছৰীয়া এগৰাকী মহিলাৰ লগত ২৫ বছৰীয়া এগৰাকী যুৱতীৰ প্ৰেম হয়। সম্পৰ্কত তেওঁলোক আইতা-নাতি। জানিব পৰা মতে মহিলাগৰাকীয়ে স্বামী আৰু সন্তানক এৰি যুৱকজনৰ সৈতে পলাই যায় আৰু বিয়া পাতে।
এয়া মহিলাগৰাকীৰ তৃতীয় বিবাহ। জানিব পৰা মতে, আজিৰ পৰা প্ৰায় ১০ দিন পূৰ্বে বচখাৰী থানাৰ অন্তৰ্গত প্ৰতাপপুৰৰ বেলবৰিয়াৰ বাসিন্দা মহিলাগৰাকীয়ে একে গাঁৱৰে যুৱকজনৰ সৈতে পলাই গৈ বিয়া পাতে। গোবিন্দ চাহাব মন্দিৰত দুয়ো ধৰ্মীয় ৰীতি-নীতি অনুসৰি বিয়া পতাৰ পাছতে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
তথ্য অনুসৰি, প্ৰায় ২০ বছৰ পূৰ্বে ৫২ বছৰীয়া মহিলা ইদ্ৰাৱতীয়ে চন্দ্ৰশেখৰ আজাদ নামৰ এজন লোকৰ সৈতে বিয়া পাতিছিল। এয়া আছিল মহিলাগৰাকীৰ দ্বিতীয় বিবাহ। চন্দ্ৰশেখৰৰ সৈতে মহিলাগৰাকীৰ এটি কন্যা সন্তান আৰু দুজন পুত্ৰ আছে। ইয়াৰোপৰি প্ৰথম স্বামীৰ পৰা মহিলাগৰাকীৰ এগৰাকী কন্য আছে, এই কন্যাৰ বিয়া চন্দ্ৰশেখৰে কৰাই দিছিল।
কিন্তু বিয়াৰ কেবাবছৰ পাছত মহিলাগৰাকীৰ ২৫ বছৰীয়া আজাদৰ সৈতে প্ৰেম হয়। আজাদ সম্পৰ্কত মহিলাগৰাকীৰ নাতিয়েক। স্থানীয় লোকে কয় যে,একেখন গাঁৱৰ আৰু একে বৰ্ণৰ হোৱাৰ বাবে দুয়োৰে মাজৰ সম্পৰ্ক আইতা আৰু নাতিৰ দৰে আছিল। দুয়োৰে সম্পৰ্কৰ বিষয়ে কিছুদিন পূৰ্বে গাঁৱবাসীয়ে জানিব পাৰিছিল। কিন্তু ইয়াৰ মাজতে দুয়ো পলাই গৈ বিয়া পাতে। বিয়াৰ পাছতে দুয়োৰে পৰিয়ালত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় আৰু দুয়োকে পৰিয়াল,দলিত বস্তিৰ পৰা ৰাইজে বৰ্জন কৰাৰ সিদ্ধান্ত লয়।
উল্লেখ্য যে, মহিলা ইন্দ্ৰাৱতীৰ স্বামী চন্দ্ৰশেখৰ আজাদে জীৱিকাৰ বাবে আন এখন চহৰত বাস কৰিছিল আৰু এই সময়তে তেওঁ যুৱকজনৰ কাষ চাপিছিল। কিন্তু যেতিয়া চন্দ্ৰশেখৰ ঘৰলৈ আহে তেতিয়া পত্নীৰ অবৈধ সম্পৰ্কৰ কথা গম পায়। অভিযোগ অনুসৰি, মহিলাগৰাকী আৰু যুৱকজনে চন্দ্ৰশেখৰক হত্যা কৰাৰো পৰিকল্পনা কৰিছিল। স্বামী আৰু সন্তানক দুয়ো বিহ দি হত্যা কৰাৰ চেষ্ট কৰিছিল কিন্তু কথমপি তেওঁলোকৰ প্ৰাণ ৰক্ষা পৰে। এই ঘটনাই সম্প্ৰতি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।