নৃশংস! ১৫ বছৰীয়া কিশোৰৰ কামনাৰ বলি ২ বছৰীয়া শিশু
দেশত পুনৰ সংঘটিত হৈছে এক জঘন্য ঘটনা।ঘটনাৰ পৰৱৰ্তী সময়ত শিশুটিৰ মাতৃয়ে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। শিশুটিক হাস্পাতালত ভৰ্তি কৰাই স্বাস্থ্য পৰীক্ষা কৰা হয়।

আজিৰ অপৰাধৰ পৃথিৱীত যেন সুৰক্ষিত নহয় কোনো! যিমানেই দেশ আধুনিকতাৰ পিনে গতি কৰিছে সিমানেই একাংশ মানুহৰ মন কুলষিত হৈ পৰিছে। মানৱৰূপ একাংশ দানৱৰ কবলৰ পৰা সাৰি নাযায় শিশুৰ পৰা বৃদ্ধাও। এইবাৰ ধৰ্ষণৰ বলি হ’ল ২ বছৰীয়া এটি শিশু। এই নিষ্পাপ শিশুটিৰ মুখৰ পৰা হয়তো ভালকৈ শব্দয়ে ফুটা নাছিল, কিন্তু সেই শিশুটিৰ লগতো অপকৰ্ম সংঘটিত কৰিবলৈ কুন্ঠাবোধ নকৰিলে ১৫ বছৰীয়া এটি কিশোৰে। এই ঘটনা সংঘটিত হৈছে দিল্লীৰ সমীপৰ গাজিয়াবাদৰ ইন্দিৰাপুৰমত। ঘটনা পোহৰলৈ অহাৰ পাছতেই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
তথ্য অনুসৰি ইন্দিৰাপুৰম অঞ্চলৰ বস্তিত এটা মুছলমান পৰিয়ালে বাস কৰে। পৰিয়ালৰ সদস্য ঘৰত নথকা অৱস্থাত ১৫ বছৰীয়া অভিযুক্তগৰাকীয়ে শিশুটিৰ লগত ধৰ্ষণ কাণ্ড সংঘটিত কৰে। এই সন্দৰ্ভত ইতিমধ্যে শিশুটিৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছে। অভিযুক্ত বৰ্তমান পলাতক অৱস্থাত আছে যদিও আৰক্ষীয়ে অভিযুক্তক বিচাৰি তদন্ত অব্যাহত ৰাখিছে। জানিব পৰা মতে আজি অৰ্থাৎ ২৫ আগষ্টৰ দিনা সংঘটিত হয় এই ঘটনা।
তথ্য অনুসৰি জাবৰ বিক্ৰী কৰি পৰিয়ালটো কোনমতে জীৱন নিৰ্বাহ কৰি আছে। কিন্তু আজি ঘৰত কোনো নথকাৰ সুযোগত ঘৰৰ ওচৰৰে ১৫ বছৰীয়া কিশোৰজনে এই কাণ্ড সংঘটিত কৰে। এই জঘন্য কাণ্ড সংঘটিত কৰি থকাৰ সময়তে ভুক্তভোগীগৰাকীৰ মাতৃ উক্ত স্থানত উপস্থিত হয় আৰু মাতৃক দেখি অভিযুক্তই লগে লগে সেই স্থানৰ পৰা পলায়ন কৰে।
পৰৱৰ্তী সময়ত শিশুটিৰ মাতৃয়ে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। শিশুটিক হাস্পাতালত ভৰ্তি কৰাই স্বাস্থ্য পৰীক্ষা কৰা হয়। আৰক্ষীয়ে এতিয়ালৈকে অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই যদিও শীঘ্ৰেই অভিযুক্তক গ্ৰেপ্তাৰ কৰিব বুলি আৰক্ষীয়ে জনায়।