শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ভূলুণ্ঠিত মানৱতা! চকলেট দেখুওৱাই দুবছৰীয়া শিশুৰ ওপৰত অসৎ চৰিতাৰ্থ পূৰণ দুৰ্বৃত্তৰ

মহাৰাষ্ট্ৰৰ থানে জিলাত এগৰাকী ব্যক্তিৰ বিৰুদ্ধে উত্থাপিত হৈছে দুবছৰীয়া এটি কন্যা শিশুক ধৰ্ষণ কৰাৰ অভিযোগ। অভিযুক্তই প্ৰথমে নিৰীহ শিশুটিক চকলেটৰ প্ৰলোভন দেখুওৱাই অপহৰণ কৰি নি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনা পোহৰলৈ অহাৰ পিছত সমগ্ৰ চহৰখনতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে।

ভূলুণ্ঠিত মানৱতা! চকলেট দেখুওৱাই দুবছৰীয়া শিশুৰ ওপৰত অসৎ চৰিতাৰ্থ পূৰণ দুৰ্বৃত্তৰ
প্ৰতিনিধিত্বমূলক ছবি
Monjit Dutta
Monjit Dutta | Updated On: 01 Sep 2024 20:29 PM

শেহতীয়া কিছুদিন ধৰি দেশত অবাধ হাৰত বৃদ্ধি পাইছে নাৰীজনিত অপৰাধৰ ঘটনা। ইটোৰ পিছত সিটোকৈ ধৰ্ষণৰ ঘটনাই তোলপাৰ লগাইছে দেশ। বৃদ্ধাৰ পৰা আৰম্ভ কৰি কন্যা শিশুলৈকে বলি হৈছে দুৰ্বৃত্তৰ অপৰাধৰ। যোৱা কিছুদিন ধৰি কলকাতাত সংঘটিত চিকিৎসক ধৰ্ষণ তথা হত্যাকাণ্ডই সমগ্ৰ দেশ কঁপাই ৰাখিছে। এই ঘটনাৰ চাঞ্চল্য অব্যাহত ৰখাৰ সময়তে এইবাৰ মহাৰাষ্ট্ৰত সংঘটিত হৈছে শিশু ধৰ্ষণৰ দৰে মানৱ সমাজক লজ্জানত কৰা এক ঘৃণনীয় ঘটনা। দুৰ্বৃত্তৰ জঘন্যতাৰ বলি হৈছে এটি দুবছৰীয়া কন্যা শিশু।

এই ঘৃণনীয় কাণ্ড সংঘটিত হৈছে ৰাজ্যখনৰ থানে জিলাত। এগৰাকী ব্যক্তিৰ বিৰুদ্ধে উত্থাপিত হৈছে দুবছৰীয়া এটি কন্যা শিশুক ধৰ্ষণ কৰাৰ অভিযোগ। অভিযুক্তই প্ৰথমে নিৰীহ শিশুটিক চকলেটৰ প্ৰলোভন দেখুওৱাই অপহৰণ কৰি নি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনা পোহৰলৈ অহাৰ পিছত সমগ্ৰ চহৰখনতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে।

শিশুটিৰ পিতৃ-মাতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে। যোৱা শুকুৰবাৰেই এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। পিতৃ-মাতৃৰ অভিযোগৰ পিছতে আৰক্ষীয়ে শনিবাৰে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। এই নৃশংস ঘটনা সন্দৰ্ভত শিশুটিৰ পিতৃ-মাতৃয়ে জানিবলৈ দিয়া মতে দুপৰীয়া সময়ত নিজৰ ঘৰতে খেলি আছিল শিশুটিয়ে।

সেই সময়ত অভিযুক্তই ছোৱালীজনীক চকলেট দেখুওৱাই প্ৰলোভিত কৰি এক নিৰ্জন ঠাইলৈ লৈ যায় আৰু ধৰ্ষণ কৰে। এই জঘন্য কাণ্ড সংঘটিত কৰাৰ পিছত অভিযুক্তই সেই ঠাইৰ পৰা পলায়ন কৰে। ইফালে এনে অমানুষিক আতিশয্যত ভাঙি পৰা শিশুটিয়ে কান্দি কান্দি ঘৰত উপস্থিত হয়। কন্যা শিশুটিক কান্দি থকা দেখি পিতৃ-মাতৃয়ে কন্দাৰ কাৰণ সোধে যদিও শিশুটি নাছিল উত্তৰ দিব পৰা অৱস্থাত।

ইয়াৰ পিছতে তেওঁলোকে শিশুটিক ওচৰৰ চিকিৎসালয়লৈ লৈ যায় আৰু তেতিয়াই শিশুটিক এনে নৃশংস নিৰ্যাতন চলোৱাৰ কথা জানিব পাৰে। এই কথা জানিব পাৰি স্তম্ভিত হৈ পৰে তেওঁলোক আৰু লগে লগে স্থানীয় তিতাৱালা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। পৰিয়ালৰ অভিযোগৰ ভিত্তিত অভিযুক্তৰ বিৰুদ্ধে POCSO ৰ লগতে ভাৰতীয় ন্যায় সংহিতাৰ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। এই সন্দৰ্ভত সম্প্ৰতি তদন্ত অব্যাহত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।