শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

১৫৯ নট আউট! জানেনে দেশৰ আটাইতকৈ পুৰণি ৰে’লখনৰ বিষয়ে? কেতিয়াবা যাত্ৰী হ’ব আপুনিও…

বিশ্বৰ অন্যতম বৃহৎ ৰে’লৱে নেটৱৰ্ক হৈছে ভাৰতীয় ৰে’লৱে। এই বিশাল ৰে’লৱে নেটৱৰ্কে দেশক উত্তৰৰ পৰা দক্ষিণলৈ, পূবৰ পৰা পশ্চিমলৈ সংযোগ কৰে। পিছে ভাৰতীয় ৰে’লৱেৰ আটাইতকৈ পুৰণি কোনখন ৰে’লখন কি জানেনে?

১৫৯ নট আউট! জানেনে দেশৰ আটাইতকৈ পুৰণি ৰে’লখনৰ বিষয়ে? কেতিয়াবা যাত্ৰী হ’ব আপুনিও…
দেশৰ আটাইতকৈ পুৰণি ৰে’লImage Credit source: X
monjit-dutta
Monjit Dutta | Published: 20 Oct 2025 18:06 PM

দেশৰ পৰিবহণ ব্যৱস্থাত বহুল ব্যৱহৃত মাধ্যম হৈছে ৰেলৱে সুলভ হোৱাৰ লগতে সুগম সেৱাৰ বাবে ৰেলৱেৰ প্ৰতি জনসাধাৰণে যথেষ্ট আস্থা প্ৰকাশ কৰে সেয়ে প্ৰায় সকলো লোকেই কোনো নহয় কোনো সময়ত ৰেলযোগে যাত্ৰা কৰেদূৰণিবটীয়া যাত্ৰাৰ বাবেও সেয়ে অধিকাংশ লোকে ৰে’লৰ ওপৰত নিৰ্ভৰ কৰে। বিশ্বৰ অন্যতম বৃহৎ ৰেলৱে নেটৱৰ্ক হৈছে ভাৰতীয় ৰেলৱে। এই বিশাল ৰেলৱে নেটৱৰ্কে দেশক উত্তৰৰ পৰা দক্ষিণলৈ, পূবৰ পৰা পশ্চিমলৈ সংযোগ কৰে।

পিছে ভাৰতীয় ৰেলৱেৰ আটাইতকৈ পুৰণি কোনখন ৰেলখন কি জানেনে? বা ৰেলখনৰ বিশেষত্বৰ বিষয়ে জানেনে আপুনি? স্বাভাৱিকতেই ভাৰতীয় ৰেলৱেৰ ইতিহাসৰ অভিন্ন অংগস্বৰূপ এই ৰেলখনৰ বিষয়ে জানিলে উপকৃত আপুনি গতিকে জানো আহক ভাৰতীয় ৰেলৱেৰ আটাইতকৈ পুৰণি এই ৰেলখনৰ বিষয়ে

দেশৰ আটাইতকৈ পুৰণি ৰেলখন হৈছে নেতাজী এক্সপ্ৰেছ। অৱশ্যে বহুলোকেই এই নামেৰে ৰেলখন চিনি নাপায়। দেশৰ আটাইতকৈ পুৰণি এই ৰেলখন হৈছে কলকা মেইল। এই ৰেলখন পশ্চিম বংগৰ হাওৰাৰ পৰা হাৰিয়ানাৰ কলকালৈ চলাচল কৰে। অৱশ্যে এই ৰেলখন পূৰ্বে কলকাতাৰ পৰা নতুন দিল্লীলৈ চলাচল কৰিছিল।

অৱশ্যে পিছলৈ সেই পথটো কলকালৈ সম্প্ৰসাৰিত কৰা হয় এই কলকাৰো বিশেষ গুৰুত্ব আছে। ব্ৰিটিছ যুগত ছিমলা দেশৰ গ্ৰীষ্মকালীন ৰাজধানী আছিল। সেইবাবেই কলকাৰ পৰা ছিমলালৈ ৰেলপথ নিৰ্মাণ কৰা হৈছিল। তথ্য অনুসৰি হাওৰা-কলকা মেইলৰ যাত্ৰা আৰম্ভ হৈছিল ১৮৬৬ চনৰ ১ জানুৱাৰীৰ পৰা।

সেই সময়ত এই ৰেলখনক ইষ্ট ইণ্ডিয়া ৰেলৱে মেইল ​​বুলি কোৱা হৈছিল। পিছত নামটো সলনি কৰি হাওৰা-কলকা মেইল ​​কৰা হয়। ১৫৯ বছৰ ধৰি চলি আছে এই ৰেল। ২০২১ চনত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ সংখ্যক জন্ম বাৰ্ষিকীত কলকা মেইলৰ নাম সলনি কৰি নেতাজী এক্সপ্ৰেছ কৰা হয়