শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এজোপা গছত ১২১ প্ৰজাতিৰ আম! সোৱাদ ল’ব বিচাৰে নেকি আপুনি? যাব লাগিব এই স্থানলৈ…

সাধাৰণতে আমি বজাৰত ভিন্ন প্ৰজাতিৰ আম দেখিবলৈ পাওঁ। পিছে এজোপা আম গছতে ১২১ বিধ আম লাগে বুলি ক'লে বিশ্বাস কৰিবনে? আচৰিত যেন লাগিলেও পিছে এয়া সঁচা। বিদেশত নহয়, আমাৰ দেশতে সম্ভৱ হৈ উঠিছে এই কথা।

এজোপা গছত ১২১ প্ৰজাতিৰ আম! সোৱাদ ল’ব বিচাৰে নেকি আপুনি? যাব লাগিব এই স্থানলৈ…
এজোপা গছতে লাগে ১২১ বিধ আমImage Credit source: TV9 Bharatvarsh
monjit-dutta
Monjit Dutta | Published: 08 Jun 2025 17:42 PM

এতিয়া গ্ৰীষ্মৰ বতৰ, বাৰীৰ পৰা বজাৰলৈ উভৈনদী হৈছে আম। ফলৰ ৰজা হিচাপে খ্যাত আমৰ সোৱাদ নিশ্চয় আপুনিও লৈছে এইকেইটা দিনত। সাধাৰণতে আমি বজাৰত ভিন্ন প্ৰজাতিৰ আম দেখিবলৈ পাওঁ। পিছে এজোপা আম গছতে ১২১ বিধ আম লাগে বুলি ক’লে বিশ্বাস কৰিবনে? আচৰিত যেন লাগিলেও পিছে এয়া সঁচা। বিদেশত নহয়, আমাৰ দেশতে সম্ভৱ হৈ উঠিছে এই কথা। উত্তৰ প্ৰদেশৰ ছাহাৰনপুৰৰ কোম্পানী গাৰ্ডেনত এজোপা ১৯ বছৰীয়া আম গছত ১২১ বিধ আম লাগে। এই চমৎকাৰী গছজোৱা এক পৰীক্ষাৰ সফলতাৰ ফচল।

এই অনন্য পৰীক্ষা প্ৰায় ৯ বছৰ পূৰ্বে কোম্পানী গাৰ্ডেনত কৰা হৈছিল। পৰীক্ষাৰ উদ্দেশ্য আছিল নতুন জাতৰ আমৰ ওপৰত গৱেষণা কৰা। লগতে আমপ্ৰেমীসকলে একে ঠাইত বহু জাতৰ আমৰ যাতে সোৱাদ ল’ব পাৰে, সেই উদ্দেশ্যও লোৱা হৈছিল। আৰু এই পৰীক্ষাই এতিয়া লাভ কৰিছে সফলতা। আম উৎপাদনৰ ক্ষেত্ৰত পশ্চিম উত্তৰ প্ৰদেশৰ ছাহাৰনপুৰ প্ৰথম স্থানত আছে। জিলাখনৰ ফলৰ বেল্টত আমৰ বাগিচা ব্যাপকভাৱে কৰা হয়।

ছাহাৰানপুৰত নতুন জাতৰ আমৰ ওপৰতো গৱেষণা কৰা হৈছে। আজিৰ পৰা প্ৰায় ৯ বছৰ আগতে ছাহাৰনপুৰৰ কোম্পানী গাৰ্ডেনত এজোপা আম গছত এক অনন্য পৰীক্ষা কৰা হৈছিল। উদ্যান শস্য পৰীক্ষা আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ তেতিয়াৰ যুটীয়া সঞ্চালক ৰাজেশ প্ৰসাদে এজোপা আম গছত ১২১ বিধ আমৰ ডাল গ্ৰাফটিং প্ৰক্ৰিয়াৰে ৰোপণ কৰিছিল। এই পৰীক্ষামূলক প্ৰচেষ্টাৰ ফলস্বৰূপে এজোপা আম গছতে ১২১ বিধ আম লাগিবলৈ আৰম্ভ কৰিছে।

গৱেষণাৰ বাবে বাছি লোৱা গছজোপা সেই সময়ত প্ৰায় ১০ বছৰ বয়সীয়া আছিল। থলুৱা আম গছজোপাত বিভিন্ন জাতৰ আমৰ ডাল গ্ৰাফটিং প্ৰক্ৰিয়াৰে ৰোপণ কৰা হৈছিল, তাৰ পিছত গছজোপাৰ যত্ন ল’বলৈ এজন সুকীয়া নাৰ্চাৰীৰ ভাৰপ্ৰাপ্ত বিষয়া নিযুক্তি দিয়া হৈছিল।

এতিয়া এই গছজোপাত দশেহৰী, লংৰা, চৌনছা, ৰামকেলা, আম্ৰপালী, ছাহাৰনপুৰ অৰুণ, ছাহাৰনপুৰ বৰুণ, ছাহাৰনপুৰ সৌৰভ, ছাহাৰনপুৰ গৌৰৱ, ছাহাৰনপুৰ ৰাজীৱ, লক্ষ্ণৌ ছফেদা, টমী এট কিংছ, পুছা সূৰ্য্, চেন্সেশন, ৰতৌল, কলমী মালদা, বম্বে, স্মিথ, মংগিফেৰা জালোনিয়া, গোলা বুলন্দশ্বহৰ, লাৰংকু, এল আৰ স্পেচিয়েল, আলমপুৰ বেনিছা, আছাউজিয়া দেওবন্দ ইত্যাদি ১২১ বিধ বিভিন্ন প্ৰকাৰৰ আম লাগে।

উদ্যান শস্য পৰীক্ষা আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ বিষয়াসকলে কয় যে আম গছৰ ওপৰত গৱেষণামূলকভাৱে ডালত বিভিন্ন জাতৰ আম ৰোপণ কৰা হৈছিল। এতিয়া গছজোপাত বিভিন্ন প্ৰজাতিৰ আম লাগে। এতিয়া উন্নত মানৰ আম উৎপাদন কৰিব পৰাকৈ নতুন প্ৰজাতিৰ ওপৰতো গৱেষণাৰ কাম চলি আছে বুলি তেওঁলোকে সদৰী কৰে। বিষয়াসকলে জনোৱা মতে, আমপ্ৰিয় বা কৃষিকৰ্মৰ প্ৰতি আকৰ্ষিত লোকসকলেও নিজৰ ঘৰত এনে পৰীক্ষা-নিৰীক্ষা কৰি বহু জাতৰ আম উৎপাদন কৰিব পাৰে।