Salman Khan: বয়স ৬০ বছৰ, কিমান সম্পত্তিৰ মালিক বলীউডৰ ‘চুলতান’ ছলমান খান?
৩৭ বছৰীয়া দীঘলীয়া অভিনয় জীৱনত তেওঁ অসংখ্য ব্লকবাষ্টাৰ ছবি আগবঢ়াইছে। কেৱল বক্স অফিচতে নহয়, ব্যক্তিগত আয়ৰ ক্ষেত্ৰতো ছলমান ভাৰতৰ অন্যতম ধনী তাৰকা। যদিও ছলমানৰ সম্পত্তি আকাশলংঘী হৈছে, তথাপিও তেওঁৰ হাতত বলীউডৰ আটাইতকৈ ধনী অভিনেতাৰ খিতাপ নাই।
২৭ ডিচেম্বৰ শনিবাৰে বলীউডৰ ‘চুলতান’ ছলমান খানে ৬০ বছৰ সম্পূৰ্ণ কৰিলে। ৩৭ বছৰীয়া দীঘলীয়া অভিনয় জীৱনত তেওঁ অসংখ্য ব্লকবাষ্টাৰ ছবি আগবঢ়াইছে। কেৱল বক্স অফিচতে নহয়, ব্যক্তিগত আয়ৰ ক্ষেত্ৰতো ছলমান ভাৰতৰ অন্যতম ধনী তাৰকা। যদিও ছলমানৰ সম্পত্তি আকাশলংঘী হৈছে, তথাপিও তেওঁৰ হাতত বলীউডৰ আটাইতকৈ ধনী অভিনেতাৰ খিতাপ নাই।
বৰ্তমান ছলমানে প্ৰতিখন ছবিৰ বাবে ১০০ৰ পৰা ১৫০ কোটি টকা লয়। এতিয়া তেওঁ অভিনয় কৰা প্ৰতিখন ছবিৰ সহ-প্ৰযোজনাও কৰে।তেওঁৰ নিজা প্ৰডাকচন কোম্পানী ‘ছলমান খান ফিল্মছ’ (SKF)-এ ব্যৱসায়ৰ পৰিসৰ আৰু অধিক বৃদ্ধি কৰিছে। হায়দৰাবাদৰ ‘ভাৰত ফিউচাৰ চিটি’ত নতুন ষ্টুডিঅ’ নিৰ্মাণৰ পৰিকল্পনা কৰিছে। অহা বছৰ এই বেনাৰত মুক্তি পাবলৈ গৈ আছে অপূৰ্ব লখিয়াৰ ‘বেটল অৱ গালৱান’।
ছলমানৰ উপাৰ্জনৰ এক বৃহৎ অংশ টেলিভিছনৰ ৰিয়েলিটি শ্ব’ ‘বিগ বছ’ৰ পৰা আহে। তথ্য অনুসৰি ২০১৯ চনত তেওঁ প্ৰতি উইকেণ্ডত ১৫ কোটি টকা লয়। ২০২১ চনত ২৫ কোটি টকালৈ বৃদ্ধি পায়, যাৰ বাবে গোটেই ছিজনটোৰ বাবে তেওঁৰ আয় আছিল ৩৫০ কোটি টকা। অৱশ্যে এইবাৰ যিহেতু ‘বিগ বছ ১৯’ কিছু ছুটি আছিল, সেয়েহে তেওঁৰ আয় প্ৰায় ১৫০ কোটি টকা।
বান্দ্ৰাৰ গেলাক্সি এপাৰ্টমেণ্ট এতিয়া মুম্বাইৰ অন্যতম ল্যাণ্ডমাৰ্ক, যাৰ বজাৰ মূল্য প্ৰায় ১৫০ কোটি টকা। ইয়াৰ উপৰিও পানভেলত থকা তেওঁৰ ১৫০ একৰ গাৰ্ডেন হাউচৰ মূল্য প্ৰায় ৮০ কোটি টকা। ৱৰ্লি আৰু কাৰ্টাৰ ৰোডতো তেওঁৰ সম্পত্তি আছে। বিদেশত ডুবাইত তেওঁৰ এটা বিলাসী এপাৰ্টমেণ্ট আছে।
এইবোৰৰ উপৰিও গাড়ীৰ প্ৰতিও আসক্ত ছলমান। তেওঁৰ গেৰেজত মাৰ্চিডিজ বেঞ্জ জিএল, টয়োটা লেণ্ড ক্ৰুজাৰ, নিছান পেট্ৰ’ল, অ’ডি আৰএছ৭, বিএমডব্লিউ এক্স৬ আৰু ৰেঞ্জ ৰভাৰৰ দৰে দামী গাড়ী আছে। ইয়াৰ বাহিৰেও আলিবাগত তেওঁৰ নিজা বিলাসী ইয়ট আছে, যাৰ মূল্য প্ৰায় ৩ কোটি টকা।
কাৰ সম্পত্তিৰ পৰিসৰ কিমান?
- একাধিক খবৰ অনুসৰি ছলমান খানৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ২৯০০ কোটি টকা। কিন্তু আশ্চৰ্যজনকভাৱে তেওঁ বলীউডৰ আটাইতকৈ ধনী তাৰকা নহয়।
- তালিকাৰ শীৰ্ষত আছে শ্বাহৰুখ খান (৭৫০০ কোটি টকা)।
- হৃতিক ৰোশন (৩১০০ কোটি টকা)ৰ পিছত আছে ছলমান।
- অৱশ্যে ছলমানে অক্ষয় কুমাৰ (২৫০০ কোটি) আৰু আমিৰ খানক (১৯০০ কোটি টকা) অতিক্ৰম কৰিছে।
- দক্ষিণ ভাৰতীয় ছুপাৰষ্টাৰৰ ভিতৰত তেওঁ অমিতাভ বচ্চন বা চিৰঞ্জীৱীতকৈ আগবাঢ়ি আছে যদিও নাগাৰ্জুন (৩০০০ কোটি টকা) অলপ পিছ পৰি আছে।
ছলমানৰ দেহৰক্ষী ছেৰাৰ আয়ক লৈও এক আশ্চৰ্যজনক তথ্য আছে। জানিব পৰা মতে, ছেৰাৰ বাৰ্ষিক দৰমহা প্ৰায় ২ কোটি টকা। অৱশ্যে ছেৰাৰ ব্যক্তিগত সম্পত্তিৰ মূল্য প্ৰায় ১০০ কোটি টকা। ইয়াৰ কাৰণ হ’ল তেওঁৰ নিজৰ নিৰাপত্তা সংস্থা ‘টাইগাৰ ছিকিউৰিটি’!