শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

‘যুদ্ধৰ বাবে সাজু ভাৰত’! পহলগাম আক্ৰমণৰ চৰ্চাৰ মাজতে শত্ৰুক মুকলি প্ৰত্যাহ্বান অক্ষয় কুমাৰৰ

পহলগাম আক্ৰমণক লৈ দেশজুৰি চৰ্চা চলি থকাৰ সময়তে অক্ষ কুমাৰে এক বিশেষ পোষ্ট কৰিছে। নিজা সামাজিক মাধ্যম একাউণ্ট যোগে অক্ষয় কুমাৰে ভাৰত যুদ্ধৰ বাবে সাজু বুলি হুংকাৰ দিছে। বলীউডৰ অভিনেতাগৰাকীৰ এই পোষ্টে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে।

‘যুদ্ধৰ বাবে সাজু ভাৰত’! পহলগাম আক্ৰমণৰ চৰ্চাৰ মাজতে শত্ৰুক মুকলি প্ৰত্যাহ্বান অক্ষয় কুমাৰৰ
অভিনেতা অক্ষয় কুমাৰImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 01 May 2025 23:25 PM

যোৱা ২২ এপ্ৰিলত কাশ্মীৰৰ পহলগামত সংঘটিত হোৱা নৃশংস সন্ত্ৰাসবাদী আক্ৰমণৰ ভয়াৱহতা পাহৰিব পৰা সমগ্ৰ দেশে। সন্ত্ৰাসবাদীৰ এই নৃশংসতাত শোকৰ সমানে ক্ষোভিতও হৈ আছে দেশবাসী। ২৬ জন নিৰীহ লোকৰ প্ৰাণ লৈ সন্ত্ৰাসবাদীয়ে যি বৰ্বৰতাৰ পৰিচয় দিলে, সেই দৃশ্যই কঁপাই তুলিছে সকলোকে। দেশৰ সৰ্বস্তৰৰ পৰা সন্ত্ৰাসবাদৰ লগতে পাকিস্তানৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও চৰকাৰৰ ওচৰত দাবী উত্থাপন হৈছে। ইতিমধ্যে পাকিস্তানী নাগৰিকক ভাৰত এৰি যাবলৈও নিৰ্দেশ দিয়া হৈছে।

ইফালে এই ঘটনাৰ পিছতে ভাৰতত পাকিস্তানী অভিনেতা-অভিনেত্ৰীক নিষিদ্ধ কৰাৰ লগতে পাকিস্তানৰ চেনেলৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তেনে সময়তে বলীউডৰ অভিনেতা অক্ষয় কুমাৰৰ এটা পোষ্টক লৈ ব্যাপক চৰ্চা চলিছে। নিজা সামাজিক মাধ্যম একাউণ্ট যোগে অক্ষয় কুমাৰে ভাৰত যুদ্ধৰ বাবে সাজু বুলি হুংকাৰ দিছে। পহলগাম আক্ৰমণক লৈ দেশজুৰি চৰ্চা চলি থকাৰ সময়তে অক্ষয়ে এই পোষ্ট কৰিছে।

অৱশ্যে অক্ষয় কুমাৰে এই পোষ্টটো পহলগাম আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে দিয়া নাই, নিজা ভিডিঅ’ গেম FAU-G ৰ বিষয়ত অক্ষয়ে কৰিছে এই পোষ্ট। নিজা ইনষ্টাগ্ৰাম একাউণ্ট যোগে অক্ষয়ে FAU-G: Domination মুক্তিৰ খবৰ সদৰী কৰিছে। অক্ষয়ে নিজৰ এই গেমটোৰ নতুন সংস্কৰণ লঞ্চ কৰাৰ সময়ত এটা কেপচন লিখিছিল। তেওঁ লিখিছে- ‘ভাৰত যুদ্ধৰ বাবে সাজু। এয়া কেৱল খেল নহয়, এয়া ভাৰতৰ উত্তৰ।”

এই গেম মেক ইন ইণ্ডিয়াৰ গৌৰৱেৰে নিৰ্মাণ কৰা হৈছে বুলি উল্লেখ কৰি অক্ষয়ে লগতে গেমটোত বৃহৎ মানচিত্ৰ সংযোজিত কৰা হৈছে আৰু এয়া এক দুঃসাহসিক অভিযান বুলি উল্লেখ কৰে। “আমি আধিপত্য বিস্তাৰ কৰিবলৈ খেলো। যুদ্ধৰ বাবে সাজু ভাৰত।”- পোষ্টটোত এইদৰে উল্লেখ কৰে অক্ষয় কুমাৰে। উল্লেখ্য যে ১১৮টা চীনা এপ দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি বুলি উল্লেখ কৰি ভাৰত চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰিছিল।

ইয়াৰ পিছতে অক্ষয়ে নিজাকৈ এই গেমৰ আৰম্ভ কৰে। এই গেমটো পাঁচ বছৰ পূৰ্বে মুকলি কৰা হৈছিল। গেমটো মুকলি কৰাৰ সময়ত অক্ষয় কুমাৰে উল্লেখ কৰিছিল যে মনোৰঞ্জনৰ বাহিৰেও খেলুৱৈসকলে এই গেমটোত দেশৰ জোৱানসকলৰ ত্যাগৰ বিষয়ে জানিব পাৰিব। এই মোবাইল গেমৰ পৰা আহৰণ কৰা ৰাজহৰ ২০ শতাংশ ভাৰতৰ বীৰ ট্ৰাষ্টলৈ আগবঢ়োৱা হ’ব বুলি তেওঁ সদৰী কৰিছিল।