লতাক তিতা শাড়ীত চাব বিচাৰিছিল ৰাজ কাপুৰে! তাৰ পিছত…
Story about Lata and Raj Kapoor: সত্যম শিৱম সুন্দৰম নিৰ্মাণ হ'লহেঁতেন ১৯৫০ চনত। আৰু লতা মংগেশকাৰ নায়িকা হ'লহেঁতেন! তেনেকুৱা হ’ব লাগিছিল। কিন্তু সকলো শেষ হৈছিল ৰাজ কাপুৰৰ এটা মন্তব্যৰ বাবে!

১৯৭৮ চনত ৰাজ কাপুৰৰ ব্লকবাষ্টাৰ ছবি সত্যম শিৱম সুন্দৰম মুক্তি পাইছিল। তেতিয়া কেৱল ছবিখনেই নহয়, সত্যম শিৱম সুন্দৰমৰ গীতবোৰো ছুপাৰহিট হৈ পৰিছিল। কিন্তু জানেনে, ৰাজ কাপুৰে বহু আগতেই এই ছবিখন নিৰ্মাণৰ কথা ভাবিছিল। সকলো ভাল থাকিলে সত্যম শিৱম সুন্দৰম নিৰ্মাণ হ’লহেঁতেন ১৯৫০ চনত। আৰু লতা মংগেশকাৰ নায়িকা হ’লহেঁতেন! তেনেকুৱা হ’ব লাগিছিল। কিন্তু সকলো শেষ হৈছিল ৰাজ কাপুৰৰ এটা মন্তব্যৰ বাবে!
পঞ্চাশৰ দশকত ৰাজ কাপুৰে সত্যম শিৱম সুন্দৰম ছবিৰ চিত্ৰনাট্য লিখি আছিল। তেওঁ ভাবিছিল যে লতা ছবিখনৰ অভিনেত্ৰী হ’ব। কাৰণ, ছবিখনৰ কাহিনীটো আছিল এগৰাকী সুন্দৰ কণ্ঠৰ মহিলা আৰু তেওঁৰ প্ৰেমৰ বিষয়ে। গতিকে ৰাজে বুজি পালে যে এনে কাহিনীৰ বাবে লতা উপযুক্ত হ’ব। কিন্তু ধাৰণা আৰু বাস্তৱতা বেলেগ, বেলেগআছিল। ৰাজে ভুলবশতঃ লতাক এনে কিছুমান কথা কলে, যাৰ বাবে লতাৰ খং উঠিছিল। লগে লগে তেওঁ ৰাজৰ প্ৰস্তাৱ নাকচ কৰিছিল।
সেই সময়ত এখন মনোৰঞ্জন আলোচনীত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ৰাজে ছবিখনৰ কাহিনী লতাৰ আগত বৰ্ণনা কৰিছিল। তেওঁ গায়িকাগৰাকীক স্পষ্টকৈ অনুৰোধ কৰিছিল যে তেওঁ লুক টেষ্টৰ বাবে ভিজা শাড়ি পিন্ধিব লাগিব। ৰাজৰ অনুৰোধ লতাই একেবাৰে ভাল পোৱা নাছিল। কিন্তু ইয়াতেই শেষ নহ’ল। তাৰ পিছত ৰাজে কোৱা কথাবোৰ আৰু গুৰুতৰ আছিল।
বলীউডৰ জনপ্ৰিয় চলচ্চিত্ৰ সাংবাদিক বীৰ সংঘৱীয়ে তেওঁৰ গ্ৰন্থত সমগ্ৰ ঘটনাটোক আলোকপাত কৰিছিল। ৰাজ কাপুৰৰ বিষয়ে লিখা গ্ৰন্থখনত সাংবাদিক বীৰে লিখিছিল যে ৰাজ কাপুৰে লতাক স্পষ্টকৈ কৈছিল যে, তেওঁ এনে এগৰাকী অভিনেত্ৰী বিচাৰে যিগৰাকীৰ চেহেৰা অতি সাধাৰণ কিন্তু সুন্দৰ কণ্ঠৰ। আৰু গায়কগৰাকীয়ে কেৱল গান শুনিয়ে তেওঁৰ প্ৰেমত পৰিব। ৰাজৰ এনে মন্তব্যত লতাই আঘাত পালে। তাৰ পিছত তেওঁ এই ছবিখনত কাম নকৰাৰ সিদ্ধান্ত লয়। অৱশ্যে পিছত ৰাজে এই মন্তব্যৰ বাবে লতাৰ ওচৰত ক্ষমা খোজে।