ৰেখা আৰু অমিতাভৰ বাবে বিপদত ছবি পৰিচালক! ক’লে, সেয়া আছিল মোৰ সপোন, কিন্তু…
বলীউডৰ এটা চৰ্চিত বিষয় ৰেখা আৰু অমিতাভ। দুই অভিনেতা-অভিনেত্ৰী সন্দৰ্ভত বিভিন্ন সময়ত বিভিন্ন বিষয় চৰ্চালৈ আছে। এবাৰ এগৰাকী ছবি পৰিচালকে কৈছিল যে কেনেকৈ তেওঁ ৰেখাৰ বাবে সমস্যাত পৰিছিল।

বলীউডৰ পৰা বিভিন্ন সময়ত বিভিন্ন ধৰণৰ খবৰ চৰ্চালৈ আহে। এই চৰ্চাসমূহ প্ৰেম, বিবাহ , বিবাহ বহিৰ্ভুত সম্পৰ্ক বা বিভিন্ন বিষয়ৰ ওপৰত হোৱা দেখা যায়। বলীউডত চৰ্চিত এনে এটা বিষয় ৰেখা আৰু অমিতাভ বচ্চনৰ সম্পৰ্ক। তেওঁলোকৰ সম্পৰ্ক এতিয়াও জল্পনা-কল্পনাৰ বিষয়। তেওঁলোকৰ বিভিন্ন কাহিনী বলীউডত প্ৰচলিত হোৱা দেখা যায়। তেনে এটা কাহিনী এবাৰ প্ৰকাশ কৰিছিল অভিনেতা তথা ছবি পৰিচালক ৰঞ্জিতে।
এক সাক্ষাৎকাৰত অংশগ্ৰহণ কৰি ৰঞ্জিতে কয় যে, ৰেখাৰ এটা সিদ্ধান্তই তেওঁৰ জীৱনত ডাঙৰ প্ৰভাৱ পেলাইছিল। ৰঞ্জিতে এবাৰ অভিনয় এৰি পৰিচালক হোৱাৰ মন মেলিছিল। তাৰ বাবে তেওঁ এখন চিত্ৰনাট্যও প্ৰস্তুত কৰিছিল। ছবিখনৰ নাম ৰাখিছিল ‘কৰ্ণমা’। এই ছবিখনত ধৰ্মেন্দ্ৰ, ৰেখা আৰু জয়া প্ৰদেৰে অভিনয় কৰাৰ কথা আছিল। কিন্তু পৰৱৰ্তী সময়ত সেই ছবিখনৰ পৰা ৰেখাই নিজকে আঁতৰাই লৈ গৈছিল। ইয়াৰ কাৰণ জানিলে আচৰিত হ’ব আপুনি।
বহু অভিনেতা-অভিনেত্ৰীৰ শ্বুটিং সূচীত কম বেছি পৰিমাণে সমস্যা হয়। কিন্তু সকলোৱে সঠিকভাৱে খাপ খুৱাবলৈ চেষ্টা কৰে। সেই বিষয়বোৰৰ ওপৰত প্ৰডাকচন কোম্পানীয়ে সাধাৰণতে চকু ৰাখে। অৱশ্যে এই ছবিখনৰ ক্ষেত্ৰত সমস্যাটো ডাঙৰ হৈ পৰিছিল। শ্বুটিঙৰ ক্ষেত্ৰত ৰেখাৰ ব্যক্তিগত সমস্যাই গা কৰি উঠিছিল। পৰিস্থিতি এনে হৈ পৰিছিল যে ৰেখাই ছবিখন বাদ দিছিল একমাত্ৰ অমিতাভ বচ্চনৰ বাবে।
২০১৫ চনত দিয়া এক সাক্ষাৎকাৰত ৰঞ্জিতে সেই কাহিনীটো উত্থাপন কৰিছিল। তেওঁ কৈছিল যে, সেই ছবিখন আছিল তেওঁৰ সপোনৰ প্ৰজেক্ট। যাৰ বাবে ছবিখন ভাল কৰিবলৈ সকলো প্ৰকাৰৰ চেষ্টা চলাইছিল। দিন ৰাতি একাকাৰ কৰি শ্বুটিং চলাই গৈছিল।
পৰিচালকগৰাকীয়ে কয়ে যে, এদিন শ্বুটিঙৰ সময় পৰিছিল সন্ধিয়া। কিন্তু সকলোকে আচৰিত কৰি ৰেখা কয় যে, সন্ধিয়া শ্বুটিং কৰা তেওঁৰ বাবে সম্ভৱ নহয়। কাৰণ তেওঁ সন্ধিয়াৰ সময়খিনি অমিতাভক দিব বিচাৰে। ৰঞ্জিতে তেতিয়া ৰেখাক অনুৰোধ কৰিলে যে এনে দাবী নকৰিব, কিয়নো ইয়াৰ ফলত ইউনিট আৰু আন অভিনেতা-অভিনেত্ৰীসকলৰ বাবে সমস্যাৰ সৃষ্টি হ’ব। কিন্তু ৰেখাই তেওঁৰ অনুৰোধ মানি লোৱা নাছিল আৰু ছবিখন আধা শ্বুটং কৰি ওলাই যায়। ইয়াৰ বাবে বহু বিপদত পৰিছিল ছবি পৰিচালকগৰাকী। কেৱল ৰেখাৰ বাবে তেওঁ দ্বিতীয়বাৰৰ বাবে পুনৰ আৰম্ভণিৰ পৰা এই ছবিৰ শ্বুটিং কৰিবলগীয়া হৈছিল।
অন্য খবৰ পঢ়কঃ যাৰ বাবে সুৰা ত্যাগ কৰিছিল ধৰ্মেন্দ্ৰই, সেইগৰাকী অভিনেত্ৰী আজিও অবিবাহিতা, ৮২ বছৰ বসয়ত অকলশৰীয়া…