শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মহানগৰীত ছুৰিকাঘাতৰ ঘটনা, জনপ্ৰিয় ইউটিউবাৰৰ বিৰুদ্ধে ফল-মূলৰ ব্যৱসায়ীক আক্ৰমণৰ অভিযোগ …

অভিযোগ অনুসৰি প্ৰথমে ফল-মূলৰ দোকানীৰ লগত তৰ্কত লিপ্ত হৈছে ৰাব্বানী । আম ক্ৰয় কৰাক লৈ তেওঁলোকৰ মাজত তীব্ৰ তৰ্কাতৰ্কি হৈছিল। পিছত দুই ব্যৱসায়ীক ছুৰীৰে আক্ৰমণ ইউটিউবাৰ ৰাব্বানী স্বয়ামে। ছুৰীৰে আক্ৰমণ কৰিয়েই পলায়ন কৰে আক্ৰমণকাৰী ৰাব্বানীয়ে।

মহানগৰীত ছুৰিকাঘাতৰ ঘটনা, জনপ্ৰিয় ইউটিউবাৰৰ বিৰুদ্ধে ফল-মূলৰ ব্যৱসায়ীক আক্ৰমণৰ অভিযোগ …
ইউটিউবাৰ ৰাব্বানী স্বয়াম
trishna-kalita
Trishna Kalita | Published: 15 Jun 2025 16:07 PM

মহানগৰীত সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ ঘটনা।  দুই ব্যৱসায়ীক ছুৰীৰে আক্ৰমণ কৰাৰ অভিযোগ এগৰাকী জনপ্ৰিয় ইউটিউবাৰ বিৰুদ্ধে। ইউটিউবাৰ ৰাব্বানী স্বয়ামে ব্যৱসায়ীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে । ইফালে ব্যৱসায়ীজনৰ ছুৰীৰে আক্ৰমণ কৰিয়েই পলায়ন আক্ৰমণকাৰী ৰাব্বানীৰ। গুৱাহাটীৰ ছয়মাইলত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো।

অভিযোগ অনুসৰি প্ৰথমে ফল-মূলৰ দোকানীৰ লগত তৰ্কত লিপ্ত হৈছে ৰাব্বানী । আম ক্ৰয় কৰাক লৈ তেওঁলোকৰ মাজত তীব্ৰ তৰ্কাতৰ্কি হৈছিল। পিছত দুই ব্যৱসায়ীক ছুৰীৰে আক্ৰমণ ইউটিউবাৰ ৰাব্বানী স্বয়ামে। ছুৰীৰে আক্ৰমণ কৰিয়েই পলায়ন কৰে আক্ৰমণকাৰী ৰাব্বানীয়ে। এই আক্ৰমণত আহত হৈছে দুই  ব্যৱসায়ী।   মৌখিক কাজিয়া হিচাপে আৰম্ভ হোৱা বিষয়টো হিংসালৈ পৰিণত হয় যেতিয়া ৰাব্বানীয়ে চুৰি উলিয়াই স্থানীয় দুজন দোকানীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হয়।

ইফালে ইউটিউবাৰ ৰাব্বানী স্বয়ামে চুৰিকাঘাত কৰা ভুক্তভোগী যুৱকৰ পিতৃৰ গুৰুতৰ অভিযোগ। তেওঁ কয়, “ৰাব্বানীৰ সৈতে আছিল দুগৰাকী যুৱতী আৰু দুজন যুৱক। সুৰাসক্ত অৱস্থাত আছিল ৰাব্বানী স্বয়াম।” যুৱ ব্যৱসায়ীগৰাকীক প্ৰথমে নাকত আক্ৰমণ কৰাৰ অভিযোগ। যুৱককেইজনে পলায়ন কৰা বাহনখন নম্বৰ ৰেকৰ্ড কৰি ৰাখে উপস্থিত লোকসকলে। সেই ভিত্তিতে আৰক্ষী থানাত দাখিল কৰা হৈছে এজাহাৰ।

ঘটনাস্থলীত উপস্থিত প্ৰত্যক্ষদৰ্শীয়ে হঠাতে হোৱা পৰিঘটনাক আচৰিত বুলি অভিহিত কৰে।  ব্যস্ত বাণিজ্যিক অঞ্চলটোত দিনৰ পোহৰতে সংঘটিত হয় এই ঘটনা। অৱশ্যে ফলমূল বিক্ৰেতাৰ সৈতে হোৱা প্ৰাৰম্ভিক বিবাদৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। আৰু সাধাৰণভাৱে হোৱা তৰ্কাতৰ্কিয়ে কিয় হিংসাত্মক ৰূপ ল’লে এই কথাও স্পষ্ট হোৱাই।  অভিযোগ উত্থাপন হোৱাৰ পিছত আহত দোকানীক এৰি ৰাব্বানীয়ে পলায়ন কৰে। পৰৱৰ্তী সময়ত অধিক তথ্য লাভৰ সম্ভাৱনা আছে।

বহু অসমীয়া চুটি ছবিৰ নায়ক ৰাব্বানী স্বয়াম। বহুকেইটা ভিডিঅ’ গীততো অভিনয় কৰিছে ইউটিউবাৰগৰাকীয়ে। অসমীয়া চুটি ছবি ’13’ৰ জড়িয়তে জনপ্ৰিয়তা লাভ কৰিছিল ৰাব্বানীয়ে। বহু অসমীয়া যুৱতীৰ হৃদয়ৰ স্পন্দন ৰাব্বানী। বহু যুৱতীৰ ৰীলছৰ আঁৰত বাজি থকা দেখা যায় ৰাব্বানীয়ে অভিনয় কৰা গীতৰ কলি।