শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মাত্ৰ ১৪ বছৰ বয়সতে যৌন মিলন, সংগী ৫৫ বৰ্ষীয় বন কৰা মহিলা! বিতৰ্কৰ পিছতো ওম পুৰীৰ এনে আজৱ উত্তৰ…

অভিনয় কলাৰ চৰ্চাৰ সমানেই অৱশ্যে বিতৰ্কৰ বাবেও সততে শিৰোনাম দখল কৰে ওম পুৰীয়ে। অৱশ্যে এনে বিতৰ্কক লৈ কোনোদিনেই বিচলিত হোৱা নাছিল অভিনেতাগৰাকী। বৰঞ্চ সকলো বিতৰ্কিত বিষয়তে তেওঁ সহজেই নিজৰ স্থিতি স্পষ্ট কৰি আহিছিল।

মাত্ৰ ১৪ বছৰ বয়সতে যৌন মিলন, সংগী ৫৫ বৰ্ষীয় বন কৰা মহিলা! বিতৰ্কৰ পিছতো ওম পুৰীৰ এনে আজৱ উত্তৰ…
অভিনেতা ওম পুৰীImage Credit source: Mikki Ansin/Getty Images
monjit-dutta
Monjit Dutta | Updated On: 21 Nov 2025 13:02 PM

বলীউড জগতৰ অন্যতম শক্তিশালী অভিনেতা ওম পুৰী। নিজৰ সপ্ৰতিভ অভিনয়েৰে চিনেমা উদ্যোগত এক সুকীয়া স্থান অধিকাৰ কৰি গৈছে অভিনেতাগৰাকীয়ে। অভিনয় কলাৰ চৰ্চাৰ সমানেই অৱশ্যে বিতৰ্কৰ বাবেও সততে শিৰোনাম দখল কৰে ওম পুৰীয়ে। অৱশ্যে এনে বিতৰ্কক লৈ কোনোদিনেই বিচলিত হোৱা নাছিল অভিনেতাগৰাকী। বৰঞ্চ সকলো বিতৰ্কিত বিষয়তে তেওঁ সহজেই নিজৰ স্থিতি স্পষ্ট কৰি আহিছিল। সেয়ে নিজৰ স্পষ্টতাৰ বাবেও সদায়েই ওম পুৰী চৰ্চিত হৈ পৰিছিল।

ওম পুৰী আৰু বিতৰ্ক, এটা মুদ্ৰাৰে যেন ইপিঠি সিপিঠি। পিছে এই সকলো বিতৰ্কৰ ভিতৰত আটাইতকৈ নিন্দা তথা সমালোচনাৰ সৃষ্টি হৈছিল তেওঁৰ জীৱনী মুক্তিৰ সময়ত। ওম পুৰীৰ পত্নী নন্দিতা পুৰীয়ে লিখিছিল এই জীৱনীখন। এই গ্ৰন্থখনৰ নাম ‘Unlikely Hero: The Story of Om Puri’।

এই গ্ৰন্থখনত লিখা হৈছে যে ওম পুৰীয়ে মাত্ৰ ১৪ বছৰ বয়সতে ৫৫ বছৰীয়া এগৰাকী মহিলাৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিছিল। এই মহিলাগৰাকীৰ নাম আছিল লক্ষ্মী। পেছাত তেওঁ এগৰাকী বনকৰা মহিলা। মাত্ৰ ১৪ বছৰ বয়সতে ৫৫ বছৰীয়া মহিলাৰ সৈতে যৌন সম্পৰ্কৰ খবৰে স্বাভাৱিকতেই বিতৰ্কৰ সূচনা কৰে।

কিন্তু ইয়াতকৈও অধিক আশ্চৰ্যজনক হৈ পৰে এই বিষয়ত অভিনেতা ওম পুৰীয়ে দিয়া উত্তৰ। বিতৰ্ক সন্দৰ্ভত ওম পুৰীয়ে ওলোটাই প্ৰশ্ন কৰে, “কাৰ দোষ? ১৪ বছৰীয়া কিশোৰৰ নে ৫৫ বছৰীয়া মহিলাৰ?” ওম পুৰীৰ উত্তৰে স্বাভাৱিকতেই সকলোকে আচৰিত কৰি তোলে।

Koimei.com ত প্ৰকাশিত এই খবৰে ২০০৯ চনত ওম পুৰীৰ বায়’পিক মুক্তি পোৱাৰ সময়ত মনোৰঞ্জন জগতত এক ধুমুহাৰ সৃষ্টি কৰিছিল। ওম পুৰী সদায়ে স্পষ্ট উত্তৰৰ বাবে পৰিচিত, তথাপিও বিভিন্ন মন্তব্যৰ বাবে তেওঁ কেইবাবাৰো বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

যৌন সম্পৰ্কৰ বিষয়তো নিশ্চিতভাৱে তেওঁ স্পষ্টীকৰণ দিয়াৰ পৰা বিৰত থাকিব পাৰিলেহেঁতেন। কিন্তু তেনে কৰাৰ পৰিৱৰ্তে তেওঁ এই বিষয়ত ওলোটাই প্ৰশ্ন উত্থাপন কৰে। অৱশ্যে বিতৰ্কই তেওঁক এই বিষয়তো পিছ এৰা নাছিল।