শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

জনপ্ৰিয় ইউটিউবাৰে বিচাৰিলে অমিতাভৰ সম্পত্তি! বিগ বিৰ সৈতে কি সম্পৰ্ক?

অভিষেক আৰু ঐশ্বৰ্যৰ বৈবাহিক বিবাদক লৈ কোনেও এতিয়ালৈ মুখ খোলা নাই। আনকি অমিতাভো এই বিষয়ত নিমাত হৈ আছে। এইবোৰৰ মাজতে হঠাৎ আবিৰ্ভাৱ হ’ল জনপ্ৰিয় ইউটিউবাৰ সময় ৰাইনা আৰু তন্ময় ভাট। আৰু লগে লগে বিগ বিৰ সন্মুখত ঘটিল এটা ডাঙৰ বিস্ফোৰণ । তেওঁলোকে অমিতাভৰ পৰা দাবী কৰিলে সম্পত্তিৰ অংশ!

জনপ্ৰিয় ইউটিউবাৰে বিচাৰিলে অমিতাভৰ সম্পত্তি! বিগ বিৰ সৈতে কি সম্পৰ্ক?
ইউটিউবাৰে বিচাৰিলে অমিতাভৰ সম্পত্তি!
trishna-kalita
Trishna Kalita | Updated On: 20 Nov 2025 13:34 PM

ইতিমধ্যে পুত্ৰ আৰু বোৱাৰীক লৈ বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে অমিতাভ বচ্চন। সমালোচকসকলৰ মতে, ঐশ্বৰ্য আৰু অভিষেকৰ বৈবাহিক বিবাদৰ আঁৰত আছে বচ্চন পৰিয়ালৰ সম্পত্তি। অমিতাভে কন্যা শ্বেতা বচ্চনক মুম্বাইত এটা বাংলো দিয়াৰ পিছৰে পৰা ফাঁট মেলিছে বিগ বি ঐশ্বৰ্যৰ সম্পৰ্ক।

অৱশ্যে এইবোৰ কেৱল মুখৰ কথাহে । কাৰণ, অভিষেক আৰু ঐশ্বৰ্যৰ বৈবাহিক বিবাদক লৈ কোনেও এতিয়ালৈ মুখ খোলা নাই। আনকি অমিতাভো এই বিষয়ত নিমাত হৈ আছে। এইবোৰৰ মাজতে হঠাৎ আবিৰ্ভাৱ হ’ল জনপ্ৰিয় ইউটিউবাৰ সময় ৰাইনা আৰু তন্ময় ভাট। আৰু লগে লগে বিগ বিৰ সন্মুখত ঘটিল এটা ডাঙৰ বিস্ফোৰণ । তেওঁলোকে অমিতাভৰ পৰা দাবী কৰিলে সম্পত্তিৰ অংশ!

বিষয়টোৰ বিতংভাৱে ক’বলৈ গ’লে, শেহতীয়াকৈ কৌন বনেগা কৰোড়পতিত দেখা গৈছিল জনপ্ৰিয় ইউটিউবাৰ সময় ৰাইনা আৰু তন্ময় ভটক। কৰোড়পতিৰ হট চিটত বহি সময় আৰু তন্ময়ে অমিতাভক শ্বেহেনশ্বাহ ছবিৰ জনপ্ৰিয় সংলাপ ‘ৰিস্তে মে তো হম তুমহাৰে বাপ লাগতে হে’ ক’বলৈ অনুৰোধ জনায়। অমিতাভে তেওঁলোকৰ সেই অনুৰোধ ৰক্ষা কৰি সংলাপটো শুনালে। তাৰ পিছত এই আলোচনাই কঢ়িয়াই আনিলে নতুন বিপদ।

অমিতাভৰ কথা শেষ হোৱাৰ লগে লগে সময় ৰাইনাই হঠাতে কয়, “আপুনি মোক ল’ৰা বুলি ক’লে, এতিয়া মোক সম্পত্তিৰ এটা অংশ দিয়ক!” ইউটিউবাৰৰ পৰা এনেধৰণৰ কথা শুনি অমিতাভ স্তম্ভিত হৈ পৰিল। পিছত বিগ বিয়ে জোৰেৰে হাঁহিলে।

উল্লেখ্য যে, কৌন বনেগা কৰোড়পতিৰ মঞ্চত আৰম্ভণিৰে পৰা প্ৰতিযোগীসকলৰ সৈতে বিভিন্ন ধেমালি কৰি আহিছে অমিতাভে। কেতিয়াবা মহিলা অনুৰাগীৰ পৰা তেওঁ লাভ কৰে প্ৰেমৰ প্ৰস্তাৱ। কিন্তু অমিতাভে সপোনতো ভবা নাছিল যে কোনোবাই প্ৰত্যক্ষভাৱে এনেদৰে সম্পত্তিৰ অংশ বিচাৰিব। অৱশ্যে অমিতাভে স্পষ্টকৈ তন্ময় আৰু সময়ক কয় যে, ‘ভাগ কৰিবলৈ সুখ আছে, সম্পত্তি নাই!’