শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বহিঃৰাজ্যৰ পৰা প্ৰৱেশ! শ্ৰীভূমিত জব্দ প্ৰায় ১.৫ কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী…

ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। ইয়াৰ মাজতে শ্ৰীভূমি জিলাত প্ৰায় ১.৫ কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী জব্দ হৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

বহিঃৰাজ্যৰ পৰা প্ৰৱেশ! শ্ৰীভূমিত জব্দ প্ৰায় ১.৫ কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী…
নিচাযুক্ত সামগ্ৰী জব্দ
barasha-sarma
Barasha Sarma | Published: 21 Nov 2025 13:12 PM

যোৱা কেইটামান বছৰৰ পৰা ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। প্ৰায় প্ৰতিটো দিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বহু পৰিমাণৰ নিচাজাতীয় দ্ৰব্য জব্দ হৈ আছে। ইয়াৰ মাজতে শ্ৰীভূমিত জিলাত আৰক্ষীয়ে অভিযান চলাই প্ৰায় ১.৫ কোটি টকা মূল্যৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰে। জিলাখনত আৰক্ষীয়ে ধাৰাবাহিকভাৱে আৰক্ষীয়ে অভিযান চলাই নিচাযুক্ত সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে। তথ্য অনুসৰি, মাত্ৰ এটা সপ্তাহৰ ভিতৰত আৰক্ষীয়ে প্ৰায় ৪ কোটি টকা মূল্যৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে।

শেহতীয়াকৈ পুনৰ পাথাৰকান্দিৰ সোনাখিৰা এলেকাৰ পৰা জব্দ হৈছে ২৫৫ কিলোগ্ৰাম গাঞ্জা। জব্দ হোৱা গাঞ্জাখিনিৰ বজাৰ মূল্য হ’ব প্ৰায় ডেৰ কোটি টকা। জানিব পৰা মতে, TR 05 F 0465 নম্বৰৰ এখন টাটা পাঞ্চ বাহনৰ ভিতৰৰ পৰা উদ্ধাৰ হয় ৫৫ পেকেট গাঞ্জা। বাহনখন ত্ৰিপুৰাৰ পৰা বিকল্প পথ কাঠলতলী চান্দখিৰা পথেৰে অসমত প্ৰৱেশ কৰিছিল।

খবৰ অনুসৰি, কাঠলতলী এলেকাত আৰক্ষীৰ চিগনেল অমান্য কৰি বাহনখনে আগবাঢ়ি গৈছিল। পাছত সোনাখিৰা এলেকাত থকা আৰক্ষীৰ বেৰিকেড ভাঙি পেলায়। পৰৱৰ্তী সময়ত আৰক্ষীয়ে পাছফালৰ পৰা খেদি খেদি বাহনখন জব্দ কৰিবলৈ সক্ষম হয়। কিন্তু এই সময়তে বাহন চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

জব্দকৃত  এই বাহনখনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ গাঞ্জা। এই বাহনৰ ভিতৰৰ পৰা আন দুখন পৃথক নম্বৰ প্লেট উদ্ধাৰ হয়। গতিকে গাড়ীৰ প্ৰকৃত মালিক কোন সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই। এই সমগ্ৰ বিষয়টো সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

 

অন্য খবৰ পঢ়কঃ দীৰ্ঘদিন ধৰি বাস কৰি আছিল অসমত, শীঘ্ৰে ৰাজ্য এৰিব লাগিব ৫ বাংলাদেশীয়ে…