জোনাক গলা জাৰৰ নিশা…কলকাতাৰ অসম ভৱনত জুবিন গাৰ্গৰ জন্মদিন উদযাপন
কলকাতাৰ অসম ভৱনতো জুবিন গাৰ্গৰ জন্মদিন উলহ-মালহেৰে উদযাপন কৰে তাত বাস কৰা সকলো অসমীয়া তথা বঙালী ভাষী লোকে। কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ উদ্যোগত আয়োজন কৰা হয় এই অনুষ্ঠান। জুবিন গাৰ্গ অবিহনে প্রথমটো জন্মদিন সময়ত বহুতৰে চকুত জুবিনক হেৰুৱাৰ বিষাদ স্পষ্ট হৈ পৰিছিল।
অসমবাসী উদযাপন কৰিলে জুবিন বিহীন প্ৰথমটো জন্মদিন। কেৱল অসমতে দেশ আৰু বিদেশটো উদযাপন কৰা হৈছে জুবিন গাৰ্গৰ ওপজা দিন। কলকাতাৰ অসম ভৱনতো জুবিন গাৰ্গৰ জন্মদিন উলহ-মালহেৰে উদযাপন কৰে তাত বাস কৰা সকলো অসমীয়া তথা বঙালী ভাষী লোকে। কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ উদ্যোগত আয়োজন কৰা হয় এই অনুষ্ঠান। জুবিন গাৰ্গ অবিহনে প্রথমটো জন্মদিন সময়ত বহুতৰে চকুত জুবিনক হেৰুৱাৰ বিষাদ স্পষ্ট হৈ পৰিছিল।
অসম ভৱনৰ আৱাসিক অধ্যক্ষ তাপস দেৱ, কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ সভাপতি ড: খনিন্দ্ৰ পাঠক আৰু কাৰ্যকৰী সভাপতি হিটেন হাটখোৱাৰ লগতে উপস্থিত সকলোৱে এগছি বন্তি প্রজ্জ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে| অসমীয়াৰ হিয়াৰ আমঠু গৰাকীলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি জুবিন গাৰ্গৰ বহু কেইটী চিৰসেউজ গীতেৰে সজ্জিত এটি মনোমোহা “মেডলী”ৰে অনুষ্ঠান মুকলি কৰা হয় ।
৩৫০০০ৰো অধিক গীতত কন্ঠদান কৰা শিল্পী জুবিন গাৰ্গ অসমৰ বা অসমীয়াৰ লগতে কলকাতাৰ বঙালী সকলৰ হিয়াৰ আপোন আছিল। কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ উদ্যোগত আয়োজিত অনষ্ঠানটিত উপস্থিত আছিল কলকাতাৰ সংগীত তথা কথাছবি জগতত জুবিন গাৰ্গৰ লগত একেলগে বহু বাংলা সংগীত তথা কথা ছবিত কাম কৰা গীতিকাৰ প্রিয় চট্টোপাধ্যায়, সংগীত পৰিচালক আকাশ সেন। ইয়াৰ লগতে অনুষ্ঠানটিত উপস্থিত আছিল মোহময়ী অভিনেত্রী জয়া শীল।
অনুষ্ঠানত উপস্থিত থকা প্রতিগৰাকী বিশিষ্ট অতিথি তথা সাংস্কৃতিক অনুষ্ঠানত অংশ লোৱা প্রতিগৰাকী অংশগ্রহণকাৰীক কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ তৰফৰ পৰা একোটিকৈ নাহৰৰ পুলি উপহাৰ হিচাপে দিয়া হয়। জুবিন গাৰ্গৰ প্রগতিশীল তথা প্রকৃতিপ্রেমী আদৰ্শক আগুৱাই নিয়াৰ বাবে কলকাতাত নাহৰৰ ফুল ফুলাব বুলি প্ৰতিজ্ঞাবদ্ধ হয় উপস্থিত সকলো লোক । অনুষ্ঠানত জুবিন গার্গৰ একোটিকৈ গীত পৰিৱেশন কৰে উদীয়মান শিল্পী অভিপ্রিয়া গোস্বামী, সুজাতা পল, কানুশ্ৰী বৰুৱা, প্রিয়ম্বদা হাজৰিকা, ইন্দিৰা ডেকা ৰয়, হৰ্ষ ৰিব শাণ্ডিল্যই । লগতে নৃত্য পৰিৱেশন কৰে ময়ুৰাক্ষী বৰা, ঈশানী দত্ত ৰয় আৰু স্বচ্চতা চক্ৰৱৰ্তীয়ে।
জুবিন গাৰ্গৰ লগত কলকাতাৰ বহু মঞ্চত একেলগে গীত পৰিৱেশন কৰা সংহতি দাসে তেখেতৰ সংগীত অনুষ্ঠানত জুবিন গাৰ্গৰ লগত থকা ভাল লগা অভিজ্ঞতাসমূহ শ্বেয়াৰ কৰাৰ লগতে গোৱা গীতসমূহে উপস্থিত সকলোকে আপ্লুত কৰি তোলে। সংস্থাৰ উপ-সভাপতি অনুজ গগৈয়ে পৰিচালনা কৰা জুবিনময় সন্ধিয়াৰ শেষত অভি কাশ্যপৰ বাঁহী আৰু ইমন বৰাৰ পিয়ানোৰ সুৰত সকলোৱে ‘মায়াবিনী ৰাতিৰ বুকুত’ গীতটি গাই আৱেগিক হৈ পৰে।